ETV Bharat / city

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jan 17, 2022, 7:03 PM IST

Top Ten News
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

Mob lynching in Jorhat : অনিমেশ ভূঞাৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল যোৰহাট আৰক্ষীৰ

যোৰহাটৰ আছু নেতা অনিমেশ ভূঞাৰ হত্যাকাণ্ডৰ ৮৮০ পৃষ্ঠাৰ কেচ ডায়েৰী আৰু ৩৩৯ পৃষ্ঠাৰ চাৰ্জশ্বীট সোমবাৰে দাখিল কৰিলে যোৰহাট আৰক্ষীয়ে (jorhat police file charge sheet for animesh bhuyan murder case) ৷ যোৱা ২৯ নৱেম্বৰত যোৰহাট নগৰৰ মাজমজিয়াৰ ট্ৰাক ষ্টেণ্ডত এদল লোকে ছাত্ৰ নেতা অনিমেশ ভূঞাক মৰিয়াই মৰিয়াই হত্যা কৰিছিল (Mob lynching in Jorhat) ৷ এই ঘটনাৰ ৫০ দিন উকলাৰ পিছত সোমবাৰে আৰক্ষীয়ে দাখিল কৰে চাৰ্জশ্বীট ৷

ছন্দত যতি পৰিল ভাৰতীয় কথক নৃত্যৰ; জীৱন মঞ্চৰ পৰা বিদায় মাগিলে পণ্ডিত বিৰ্জু মহাৰাজে

যশস্বী কথক শিল্পী পণ্ডিত বিৰ্জু মহাৰাজৰ দেহাৱসান (Kathak dancer Pandit Birju Maharaj passed away)৷ ভাৰতীয় কলা-সংস্কৃতিৰ জগত উকা কৰি 83 বছৰ বয়ত দিল্লীস্থিত নিজা বাসভৱনত দেওবাৰে নিশা ইহলীলা সম্বৰণ কৰে বিৰ্জু মহাৰাজে ৷

ক’ভিডৰ বাবে নহয়, গুৰু জয়ন্তীৰ বাবে পিছুৱালে পঞ্জাৱ বিধানসভাৰ নিৰ্বাচন

পিছুৱাই দিয়া হৈছে পঞ্জাৱ বিধানসভাৰ নিৰ্বাচনৰ তাৰিখ ৷ সেই অনুসৰি পূৰ্বৰ 14 ফেব্ৰুৱাৰীৰ সলনি ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত হ’ব 20 ফেব্ৰুৱাৰীতহে ৷ সোমবাৰে দেশৰ নিৰ্বাচনী আয়োগে সদৰী কৰিছে এই কথা (ECI defers dats for punjab election) ৷

মুখ্যমন্ত্ৰী আৰু বিধায়ক অমিয় ভূঞাৰ বিতৰ্ক সন্দৰ্ভত DGP ক অভিযোগ দাখিল ভূপেন বৰাৰ

নগাঁৱৰ জিলা উপায়ুক্তক ৰাজহুৱাভাৱে অপমান কৰা মুখ্যমন্ত্ৰী (Assam cm scolds IAS officer) আৰু নাৰায়ণপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক প্ৰাণে মৰাৰ ভাবুকি দিয়া বিজেপিৰ স্থানীয় বিধায়কজনৰ বিৰুদ্ধে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক সাক্ষাৎ কৰি অভিযোগ দাখিল কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

জ্যোতি কথা : সুন্দৰৰ সাধক ৰূপকোঁৱৰলৈ মৃত্যু দিৱসত শ্ৰদ্ধাৰ্ঘ

আজি শিল্পী দিৱস ৷ অসমীয়া সমাজ জীৱনত নতুন দিগন্তৰ সূচনা কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 71 তম মৃত্যু বাৰ্ষিকী (Death anniversary of Jyoti Prasad Agawala) ৷ মাত্ৰ 48 বছৰ বয়সত 1951 চনৰ 17 জানুৱাৰীত ইহলীলা সম্বৰণ কৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৷

ৰূপকোঁৱৰৰ অমৰ সৃষ্টিক সজীৱ কৰি ৰাখিবলৈ নতুন প্ৰজন্মক আহ্বান সৰ্বানন্দ সোণোৱালৰ

ৰাজ্যজুৰি পালন কৰা হৈছে শিল্পী দিৱস (Silpi Divas observed in Assam) ৷ শিল্পীগৰাকীক স্মৰণ কৰি ঠায়ে ঠায়ে শিল্পী দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে (Silpi Divas observed in memory of Jyoti Prasad Agarwala) ৷ ইফালে আজি শিল্পী দিৱস উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ লক্ষীনগৰস্থিত নিজা বাসভৱনত মহান শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনৰে শিল্পী গৰাকীক স্মৰণ কৰে ৷

আকৌ এবাৰ চৰকাৰীভাৱে উপেক্ষিত হ’ল বলাই ওজা; নাপালে শিল্পী পেঞ্চন

শিল্পী দিৱসৰ দিনা অসম চৰকাৰে অসমৰ সাংস্কৃতিক জগতখনলৈ আগবঢ়োৱা অৱদানৰ বাবে বহুকেইগৰাকী ব্যক্তিক বিভিন্ন বঁটাৰে সন্মানিত কৰাৰ লগতে বহুকেইগৰাকী শিল্পীলৈ শিল্পী পেঞ্চন, এককালীন সাহাৰ্য আদি ঘোষণা কৰিছে (State Government's artist pension) । কিন্তু এই শিল্পী পেঞ্চনৰ তালিকাৰ পৰা এইবাৰো বঞ্চিত হৈ ৰ'ল মঘাই ওজাৰ প্ৰিয় শিষ্য তথা সত্তৰোৰ্ধৰ শিল্পী টীয়কৰ বলাই হাজৰিকা ওজা (Bolai Oja deprives of artist pension)। দীৰ্ঘদিন ধৰি শিল্পী পেঞ্চনৰ বাবে আবেদন কৰিও বঞ্চিত হোৱা বলাই হাজৰিকাই এইবাৰ আশা কৰিছিল শিল্পী পেঞ্চন লাভ কৰিব বুলি । কিন্তু এইবাৰো বঞ্চিত হোৱাত দুখত ভাগি পৰিছে ঢুলীয়া শিল্পী গৰাকী ।

Encounter at Bokajan : আৰক্ষীৰ বেহুৰ পৰা পলোৱা ড্ৰাগছ সৰবৰাহকাৰীৰ ভৰিত লাগিল আৰক্ষীৰ গুলী

বোকাজানত খটখটী আৰক্ষীৰ গুলীচালনা (Police firing at Bokajan)৷ আৰক্ষী জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰোঁতেই ড্ৰাগছ সৰবৰাহকাৰীক গুলীয়ালে আৰক্ষীয়ে ৷ প্ৰায় 20 কোটি টকাৰ ড্ৰাগছ জব্দ (Huge amount of drugs seized at Bokajan)৷

‘‘মোৰ মাক দেউতাই মাৰি পেলালে’’ : চকুপানী টুকি এটি শিশুৱে বৰ্ণনা কৰিলে মাতৃ হত্যাৰ প্ৰকৃত সত্য

শোণিতপুৰ জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত এক নং মৰিসূঁতিৰ গোপচাৰত নৃশংস হত্যাকাণ্ড (Brutal murder in Sonitpur)৷ মৰিয়াই মৰিয়াই হত্যা কৰিলে স্বামীয়ে পত্নীক ৷ কণমানি পুত্ৰৰ সমুখতেই মাতৃক হত্যা ৷

নাৰিকলত ছবি অংকন কৰি ৰূপকোঁৱৰলৈ শ্ৰদ্ধাঞ্জলি

বিহপুৰীয়াৰ এজন যুৱকে শিল্পী দিৱস (Silpi Divas observed in Assam) ৰ দিনটোত ৰূপকোঁৱৰক এক ব্যতিক্ৰমী ৰূপত জনালে শ্ৰদ্ধা । এটা শুকান নাৰিকলত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছবি অংকনেৰে শিল্পী দিৱসৰ দিনটোত মহান শিল্পীগৰাকীক ব্যতিক্ৰমীভাৱে শ্ৰদ্ধা জনালে মিঠুৰাজ বৰাই (Tributes to Rupkonwar Jyoti Prasad agarwala by painting in coconut) ৷ সোমবাৰে পুৱা হাতত ৰং-তুলিকা লৈ এই ব্যতিক্ৰমী প্ৰয়াস কৰে যুৱকজনে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.