ৰূপকোঁৱৰৰ অমৰ সৃষ্টিক সজীৱ কৰি ৰাখিবলৈ নতুন প্ৰজন্মক আহ্বান সৰ্বানন্দ সোণোৱালৰ

By

Published : Jan 17, 2022, 4:17 PM IST

Updated : Jan 17, 2022, 5:06 PM IST

thumbnail

অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক তথা বোলছবি নিৰ্মাতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি ৭১ সংখ্যক মৃত্যু দিৱস (Death anniversary of Jyoti Prasad Agarwala) ৷ এই উপলক্ষে ৰাজ্যজুৰি পালন কৰা হৈছে শিল্পী দিৱস (Silpi Divas observed in Assam) ৷ শিল্পীগৰাকীক স্মৰণ কৰি ঠায়ে ঠায়ে শিল্পী দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে (Silpi Divas observed in memory of Jyoti Prasad Agarwala) ৷ ইফালে আজি শিল্পী দিৱস উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ লক্ষীনগৰস্থিত নিজা বাসভৱনত মহান শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনৰে শিল্পী গৰাকীক স্মৰণ কৰে (Sarbananda Sonowal pays Tribute to Jyoti Prasad Agarwala) । উল্লেখ্য যে সংবাদ মাধ্যমৰ যোগেদি নৱ প্ৰজন্মক জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টিক সজীৱ কৰি ৰখাৰ বাবে আহ্বান জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

Last Updated : Jan 17, 2022, 5:06 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.