নাৰিকলত ছবি অংকন কৰি ৰূপকোঁৱৰলৈ শ্ৰদ্ধাঞ্জলি

By

Published : Jan 17, 2022, 4:02 PM IST

thumbnail

আজি মহান শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস (Death anniversary of Jyoti Prasad Agarwala) । এই বিশেষ দিনটোত মহান শিল্পীগৰাকীক বিভিন্নজনে বিভিন্ন ধৰণেৰে শ্ৰদ্ধা নিবেদিছে । লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ এজন যুৱকেও শিল্পী দিৱস (Silpi Divas observed in Assam) ৰ দিনটোত ৰূপকোঁৱৰক এক ব্যতিক্ৰমী ৰূপত জনালে শ্ৰদ্ধা । এটা শুকান নাৰিকলত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছবি অংকনেৰে শিল্পী দিৱসৰ দিনটোত মহান শিল্পীগৰাকীক ব্যতিক্ৰমীভাৱে শ্ৰদ্ধা জনালে মিঠুৰাজ বৰাই (Tributes to Rupkonwar Jyoti Prasad agarwala by painting in coconut) ৷ সোমবাৰে পুৱা হাতত ৰং-তুলিকা লৈ এই ব্যতিক্ৰমী প্ৰয়াস কৰে যুৱকজনে ৷ বিহপুৰীয়াৰ বেদেতি জামুগুৰি গাঁৱৰ যুৱক মিঠুৰাজে পূৰ্বেও বিভিন্ন মাধ্যমত ছবি আঁকি মহান ব্যক্তিসকললৈ শ্ৰদ্ধা জনাই অহাৰ লগতে বিভিন্নজনৰ পৰা সমাদৰ লাভ কৰিছে ৷ উল্লেখ্য যে, কেইদিনমান পূৰ্বে মিঠুৰাজে এটি আঁহত পাতত অংকন কৰিছিল মহান শিল্পীগৰাকীক ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.