ETV Bharat / city

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 20, 2022, 4:58 PM IST

5 বজাৰ শীৰ্ষ 10 টা বাতৰি
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

ত্ৰিপুৰাৰ আদিবাসী গাঁৱৰ ৰবৰ খেতিৰ মাজত উদ্ধাৰ নৰ কংকাল

ত্ৰিপুৰাৰ বেলোনিয়া মহকুমাৰ অন্তৰ্গত ৰিয়াং পাৰা কচাৰী গাঁৱত উদ্ধাৰ নৰ কংকাল (Human skeleton recovered in Tripura)। ৰবৰ খেতিৰ মাজত উদ্ধাৰ হৈছে নৰ কংকালটো । আৰক্ষী আৰু ফৰেনচিকৰ দল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

12 ছেপ্তেম্বৰৰ পৰা বিধানসভাৰ বৰ্ষাকালিন অধিবেশন

12 ছেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বৰ্ষাকালিন অধিবেশন (Assembly session from 12th sept)। ৰাজ্যপাল জগদীশ মুখীৰ আহ্বানক্ৰমে মাত্ৰ পাঁচদিনীয়া কাৰ্যক্ৰমণিকাৰেহে চলিব এইবাৰৰ বৰ্ষাকালীন অধিবেশন ৷

চিৰাঙত অৰুনোদয় আঁচনিৰ হিতাধিকাৰী পৰীক্ষণ কাৰ্যৰ শুভাৰম্ভ

ৰাজ্যজুৰি আৰম্ভ হৈছে অৰুনোদয় আঁচনিৰ হিতাধিকাৰী পৰীক্ষণ কাৰ্য । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে চিৰাঙতো অৰুনোদয় আঁচনিৰ হিতাধিকাৰী পৰীক্ষণ কাৰ্যৰ শুভাৰম্ভ কৰা হয় (Launch of beneficiary inspection work of Arunodaya Yojana) ।

অবৈধ বালি খননে বিপদ মাতিছে বঙাইগাঁৱৰ এটা অঞ্চললৈ

বঙাইগাঁও জিলাৰ মানাহ নদীৰ পাৰত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে অবৈধ বালি খনন । শিলঘাগৰী মানাহ নৈত চলা অবৈধ খননকলৈ শংকিত ৰাইজ । চৰকাৰী দৰমহাৰে পেট নভৰা শিক্ষক ছফিয়ৰ ৰহমানৰ নেতৃত্বত দিনে নিশাই খনন চলোৱাৰ অভিযোগ ৰাইজৰ(Illegal sand mining in Manikpur) ।

বন বিভাগত IFS বিষয়াৰ নেতৃত্বত বৃহৎ কেলেংকাৰীৰ অভিযোগ

অসমৰ বন বিভাগৰ অধীনত থকা Assam Project on Forest and Bio-diversity Conservation Society ত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে । পৱন কুমাৰ নামৰ IFS বিষয়াৰ নেতৃত্বত চলিছে দুৰ্নীতি । অভিযোগ আৰটিআই কৰ্মী দিলীপ নাথৰ ।

শান্তি আৰু আইন-শৃংখলা অবিহনে উদ্যোগৰ সম্প্ৰসাৰণ অসম্ভৱ, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী ড০ সাহাই শনিবাৰে আগৰতলা চহৰৰ উপকণ্ঠৰ বোধজং নগৰৰ ঔদ্যোগিক চহৰ পৰিদৰ্শন কৰি এই কথা কয় ৷ আজিৰ দিনটোতে তেওঁ ঔদ্যোগিক সম্পত্তি পৰিদৰ্শন কৰি উদ্যোগপতি আৰু বিষয়াসকলৰ সৈতে পৃথকে বৈঠক অনুষ্ঠিত কৰে আৰু তাত কেইবাটাও বিষয় সন্দৰ্ভত আলোচনা কৰে (Tripura Chief Minister Manik Saha visited industrial city) ৷

বিমানৰ ভিতৰত ধূম্ৰপান কৰাৰ বাবে গ্ৰেপ্তাৰ যুৱকক

বিমানৰ ভিতৰত ধূম্ৰপান কৰাৰ বাবে গ্ৰেপ্তাৰ হ'ল এজন যুৱক (Man arrested for smoke inside flight)৷ কুৱালালামপুৰৰ পৰা চেন্নাই অভিমুখে যাত্ৰা কৰা এখন বিমানত সংঘটিত হৈছে এই ঘটনা ৷

বিশেষ ফেৰীৰে মাজুলীলৈ শ শ আৰক্ষীৰ আগমন

ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি পৰীক্ষাৰ বাবে মাজুলীত যাৱতীয় প্ৰস্তুতি সম্পন্ন জিলা (Assam recruitment exam 2022) ৷ নিৰাপত্তাৰ দিশ কটকটীয়া কৰাৰ বাবে মাজুলীলৈ অনা হৈছে অসম আৰক্ষীৰ জোৱান(Security Tightness in Majuli For third and fourth grade Exam) ।

ডেৰাডুনত ডাৱৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ পৰিস্থিতি

উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণৰ পাছতে ধাৰাসাৰ বৰষুণ (Heavy rain in Uttarakhand)। ঠায়ে ঠায়ে পাহাৰৰ পৰা তীব্ৰ গতিত পানী তললৈ নামি আহিছে । ফলত প্লাৱিত হৈছে বহু অঞ্চল । জিলা প্ৰশাসন আৰু এছডিআৰএফৰ দলৰ উদ্ধাৰ অভিযান অব্যাহত ।

স্তন কেঞ্চাৰক পৰাস্ত কৰি পুনৰ বলীউডলৈ উভতিল মহিমা চৌধুৰী

কংগনাৰ ইমাৰ্জেন্সী ছবিখনত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পোৱা যাব অভিনেত্ৰী মহিমা চৌধুৰীক (Mahima Chaudhary latest news) ৷ ভাৰতৰ বিখ্যাত লেখিকা তথা সাংস্কৃতিক কৰ্মী পুপুল জয়কাৰৰ চৰিত্ৰ ৰূপায়ন কৰিব অভিনেত্ৰীগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.