ETV Bharat / entertainment

স্তন কেঞ্চাৰক পৰাস্ত কৰি পুনৰ বলীউডলৈ উভতিল মহিমা চৌধুৰী

author img

By

Published : Aug 20, 2022, 2:11 PM IST

mahima chaudhary
বলীউডলৈ উভতিল মহিমা চৌধুৰী

কংগনাৰ ইমাৰ্জেন্সী ছবিখনত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পোৱা যাব অভিনেত্ৰী মহিমা চৌধুৰীক (Mahima Chaudhary latest news) ৷ ভাৰতৰ বিখ্যাত লেখিকা তথা সাংস্কৃতিক কৰ্মী পুপুল জয়কাৰৰ চৰিত্ৰ ৰূপায়ন কৰিব অভিনেত্ৰী গৰাকীয়ে ৷

চিটাৰা ডেস্ক, 20 আগষ্ট : বলীউড ‘কুইন’ কংগনা ৰাণাৱটৰ আগন্তুক ছবি ‘ইমাৰ্জেন্সী’ৰ আন এক ৰাজনৈতিক চৰিত্ৰৰ মুখ প্ৰকাশ পাইছে । ইমাৰ্জেন্সী ছবিখনত কংগনাই নিজেই প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে (emergency movie bollywood) । জনপ্ৰিয় অভিনেতা অনুপম খেৰে ‘জয়প্ৰকাশ নাৰায়ণ’ আৰু শ্ৰেয়াস তালপাড়েই ‘অটল বিহাৰী বাজপেয়ী’ চৰিত্ৰ ৰূপায়ন কৰিছে ছবিখনত । এতিয়া ছবিখনৰ পৰা প্ৰকাশ পাইছে মহিমা চৌধুৰীৰ ফাৰ্ষ্ট লুক (Mahima Chaudhary latest news)। ভাৰতৰ বিখ্যাত লেখিকা তথা সাংস্কৃতিক কৰ্মী পুপুল জয়কাৰৰ ৰূপত দেখা পোৱা গৈছে মহিমাক ।

ছবিখনৰ মুখ্য অভিনেত্ৰী কংগনা ৰাণাৱটে ছ’চিয়েল মিডিয়াত ‘ইমাৰ্জেন্সী’ ছবিখনৰ মহিমা চৌধুৰীৰ ফাৰ্ষ্ট লুক শ্বেয়াৰ কৰি লিখিছে (Kangana Ranaut instagram), "@mahimachaudhry1 ক সেইগৰাকী ব্যক্তি হিচাপে উপস্থাপন কৰা হৈছে যিয়ে এই সকলোবোৰ প্ৰত্যক্ষ কৰিছিল আৰু বিশ্ববাসীৰ বাবে আইৰণ লেডীক সকলোৱে ঘনিষ্ঠ আৰু ব্যক্তিগতভাৱে চাব পৰাকৈ লিখিছিল। #PupulJayakar বন্ধু, লেখক আৰু বিশ্বাসী" ৷

ছ’চিয়েল মিডিয়াত প্ৰকাশ হোৱাৰ লগে লগে মহিমা চৌধুৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে নেটিজেন । অনুৰাগীসকল তেওঁৰ এই লুকত অতিশয় আপ্লুত হৈছে । কংগনাৰ এই পোষ্টটোত অনুৰাগীয়ে শুভেচ্ছা যাচিছে মহিমাক । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘মই আগ্ৰহেৰে ছবিখনৰ বাবে অপেক্ষা কৰি আছো’ । আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘বিশ্বাস কৰিব পৰা নাই এইগৰাকী মহিমা চৌধুৰী, শিল্পীগৰাকী আৰু ছবিখনৰ সমগ্ৰ দলটোক প্ৰণাম’ ৷ ইয়াৰ পূৰ্বে অটল বিহাৰী বাজপেয়ীৰ চৰিত্ৰত অভিনেতা শ্ৰেয়াস তালপাড়েৰ ফটো দেখি অসন্তুষ্ট হৈছিল অনুৰাগীসকল । আনহাতে অনুপম খেৰ আৰু কংগনাৰ ৰূপক প্ৰশংসা কৰা হৈছিল (Kangana Ranaut upcoming movie) ।

শ্বাহৰুখ খানৰ সৈতে ‘Pardes’ ছবিখনেৰে মহিমা চৌধুৰীয়ে বলীউডত অভিষেক ঘটাইছিল । শেহতীয়াকৈ অভিনেত্ৰীগৰাকী স্তন কেন্সাৰত আক্ৰান্ত হৈছিল । বৰ্তমান অভিনেত্ৰীগৰাকী সুস্থ হৈ উঠিছে । এতিয়া 6 বছৰৰ পাছত পুনৰ ৰূপালী পৰ্দাত খলকনি লগাবলৈ সাজু হৈছে তেওঁ । 2016 চনৰ তেওঁক Dark Chocolate ছবিখনত দেখা গৈছিল ।

লগতে পঢ়ক : Mahima Chaudhary news:দুমাহ কিয় স্কুল বাদ দিছিল মহিমা চৌধুৰীৰ জীয়েকে?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.