ETV Bharat / entertainment

Mahima Chaudhary news:দুমাহ কিয় স্কুল বাদ দিছিল মহিমা চৌধুৰীৰ জীয়েকে?

author img

By

Published : Jun 10, 2022, 12:00 PM IST

কৰ্কট ৰোগমুক্ত হৈ উঠিল মহিমা চৌধুৰী । বিগত দুমাহে কেঞ্চাৰৰ সৈতে যুঁজি আছিল অভিনেত্ৰীগৰাকী (Mahima Chaudhary news) ৷ মহিমাৰ পৰিয়ালো অৱগত নাছিল এই বিষয়ে । কৰ্কট ৰোগৰ পৰা আৰোগ্য হোৱাৰ পিছত মহিমা চৌধুৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰিছে সেই সময়ৰ অনুভৱবোৰ ৷

Mahima Chaudhary news
দুমাহ ধৰি কিয় স্কুল বাদ দিছিল মহিমা চৌধুৰীৰ জীয়েকে?

চিটাৰা ডেস্ক, 10 জুন : ৯০ ৰ দশকৰ বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী মহিমা চৌধুৰীয়ে প্ৰকাশ কৰিছে যে তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল । স্তনৰ কৰ্কট ৰোগত ভূগি আছিল মহিমা ৷ বৃহস্পতিবাৰে এই খবৰটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে (Mahima Chaudhary latest updates) ৷ অভিনেতা অনুপম খেৰে এটা ভিডিঅ’ শ্বেয়াৰ কৰে য'ত অভিনেত্ৰী গৰাকীয়ে কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ সময়খিনিৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছিল । চিকিৎসাৰ দুমাহ পিছত এতিয়া অভিনেত্ৰী গৰাকী আৰোগ্য হৈ উঠিছে ।

আৰোগ্য হৈ আহিয়েই অনুৰাগীসকলৰ সন্মুখত অভিনেত্ৰীগৰাকীয়ে তেওঁৰ মনৰ বতৰা প্ৰকাশ কৰিছে (Mahima Chaudhary instagram)। শেহতীয়াকৈ এক সাক্ষাৎকাৰত মহিমায়ে কয়, "যেতিয়া মই কৰ্কট ৰোগৰ সৈতে যুঁজি আছিলো, মোৰ ছোৱালীয়ে সেই সময়ছোৱাত বিদ্যালয়লৈ যাবলৈ অস্বীকাৰ কৰিছিল ৷ মোৰ যত্ন ল'ব বিচাৰিয়ে তাই এই সিদ্ধান্ত লৈছিল" ৷ তেওঁৰ স্বামী ববি মুখাৰ্জীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত মহিমাই তেওঁৰ জীয়েকক এগৰাকী অকলশৰীয়া মাতৃ হিচাপে ডাঙৰ-দীঘল কৰিছে ।

এই সাক্ষাৎকাৰত মহিমা চৌধুৰীয়ে লগতে কয় যে, তেওঁ আমেৰিকালৈ যোৱা নাছিল আৰু তেওঁৰ সম্পূৰ্ণ চিকিৎসা মুম্বাইতে কৰা হৈছে ৷ ইতিমধ্যে আৰোগ্য হৈ উঠিছে তেওঁ ৷ মহিমা চৌধুৰীয়ে শ্বাহৰুখ খান অভিনীত পৰদেশৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল (Mahima Chaudhary debut film) । ছবিখন বক্স অফিচত হিট হৈছিল আৰু ৰাতিটোৰ ভিতৰতে মহিমা জনাজাত হৈ পৰিছিল । মহিমাৰ পথ দুৰ্ঘটনাৰ পিছৰে পৰা বলীউডৰ পৰা আঁতৰি আছিল । এতিয়া জীয়েকৰ সৈতে মহিমাৰ সুখৰ সংসাৰ ।

লগতে পঢ়ক: Mahima Chaudhry news:স্তনৰ কৰ্কট ৰোগৰ সৈতে যুঁজি আছে অভিনেত্ৰী মহিমা চৌধুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.