ETV Bharat / entertainment

Mahima Chaudhry news:স্তনৰ কৰ্কট ৰোগৰ সৈতে যুঁজি আছে অভিনেত্ৰী মহিমা চৌধুৰী

author img

By

Published : Jun 9, 2022, 5:28 PM IST

Mahima Chaudhry
অভিনেত্ৰী মহিমা চৌধুৰী

প্ৰবীণ তাৰকা অনুপম খেৰে নিজৰ ইনষ্টাগ্ৰামৰ জৰিয়তে জনাই যে 'পৰদেশ', 'দাগ', 'লাজ্জা' আদি চলচ্চিত্ৰত নিজৰ বলিষ্ঠ অভিনয়েৰে সকলোকে আপোন কৰি লোৱা মহিমা চৌধুৰী কৰ্কট ৰোগত আক্ৰান্ত (Mahima Chaudhry latest updates) ।

চিটাৰা ডিস্ক, 9 জুন : বৃহস্পতিবাৰে, প্ৰবীণ তাৰকা অনুপম খেৰে ইনষ্টাগ্ৰামৰ জৰিয়তে সকলোকে জনায় যে মহিমা চৌধুৰী কৰ্কট ৰোগত আক্ৰান্ত (Anupan kher instagram) । তেওঁ এটা আৱেগিক ভিডিঅ' শ্বেয়াৰ কৰে য'ত মহিমাই খেৰৰ আগত কৰ্কট ৰোগত আক্ৰান্ত হোৱা দিনৰ কথা সুঁৱৰি উচুপি উঠে ৷ মহিমাৰ চিকিৎসা চলি থকা সময়ত অনুপম খেৰে তেওঁক ফোন কৰি নতুন ছবি দ্য চিগনেচাৰত এটা চৰিত্ৰ ৰূপায়নৰ কথা কৈছিল ৷ আপোনালোকে ভিডিঅ’টোত দেখিবলৈ পাব সেই দিনৰ কথা কৈ কিদৰে আৱেগিক হৈ পৰে অভিনেত্ৰী গৰাকী ৷

ভিডিঅ'টো শ্বেয়াৰ কৰি খেৰে লিখে, "মই এমাহ আগতে আমেৰিকা ৰ পৰা মহিমা চৌধুৰীক ফোন কৰি মোৰ ৫২৫ তম ছবি দ্য চিগনেচাৰত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয়ৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিলো ৷ তেতিয়া আমাৰ মাজত হোৱা কথোপকথনত মহিমা স্তন কেঞ্চাৰত আক্ৰান্ত হোৱাৰ কথা ওলাই পৰিছিল " ৷

তেওঁ লগতে কয়, "মহিমাৰ মনোভাৱে সমগ্ৰ বিশ্বৰে বহুতো মহিলাক আশা প্ৰদান কৰিব । বন্ধুসকল, তেওঁলৈ আপোনালোকৰ মৰম, শুভকামনা, প্ৰাৰ্থনা আৰু আশীৰ্বাদ প্ৰেৰণ কৰক । তেওঁ নিজৰ স্থানলৈ ঘূৰি আহক য'ত তেওঁৰ প্ৰকৃত পৰিচয় আছে" ৷

মহিমাই তেওঁৰ স্বাস্থ্যৰ আপডেট শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগী আৰু চলচ্চিত্ৰ উদ্যোগটোৰ লগত জড়িত প্ৰতিগৰাকী সদস্যই তেওঁৰ আশু আৰোগ্য কামনা কৰিছে (Mahima Chaudhry news) ।

লগতে পঢ়ক: The Signature: কেৰিয়াৰৰ 525 সংখ্যক ছবিৰ নাম ঘোষণা অনুপম খেৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.