ETV Bharat / entertainment

The Signature: কেৰিয়াৰৰ 525 সংখ্যক ছবিৰ নাম ঘোষণা অনুপম খেৰৰ

author img

By

Published : Jun 8, 2022, 2:12 PM IST

অনুপম খেৰে ঘোষণা কৰিলে তেওঁৰ নতুন ছবিৰ নাম (Anupam Kher upcoming movie) ৷ এই ছবিখন তেওঁৰ কেৰিয়াৰৰ 525 সংখ্যক ছবি হ’ব ৷ ছবিখনৰ শিৰোনাম হৈছে 'দ্য চিগনেচাৰ'।

Anupam Kher news
অনুপম খেৰৰ 525 সংখ্যক ছবি ঘোষণা

চিটাৰা ডেস্ক, 8 জুন : প্ৰবীণ অভিনেতা অনুপম খেৰে বুধবাৰে তেওঁৰ নতুন ছবিৰ শিৰোনাম ঘোষণা কৰে, যিখন তেওঁৰ কেৰিয়াৰৰ 525 সংখ্যক ছবি হ'ব ৷ অভিনেতাজনে তেওঁৰ ছ'চিয়েল মিডিয়া একাউণ্টত কিছু ফটো শ্বেয়াৰ কৰে ৷ এই শ্বেয়াৰ কৰা ফটোসমূহৰ মাজত এখন ফটোত অভিনেতাজনক এখন ক্লেপাৰ ব’ৰ্ড লৈ থকা দেখিবলৈ পোৱা গৈছে য’ত লিখা আছে "দ্য চিগনেচাৰ" (Anupam Kher upcoming movie) ৷ আন এখন ফটোত অনুপম খেৰক ছবিখনৰ পৰিচালক গজেন্দ্ৰ অহিৰে ঘোদাৰ সৈতে প’জ দিয়া দেখা গ’ল ।

পোষ্টটোত থকা আন এখন ফটোত এখন ভোটৰ তালিকা দেখিবলৈ পোৱা গৈছে ৷ অনুপম খেৰে তেওঁৰ অনুৰাগীসকলক তেওঁৰ নতুন প্ৰজেক্টৰ বাবে নাম লৈ পৰামৰ্শ বিচাৰোতে অভিনেতাজনৰ অনুৰাগীয়ে তেওঁৰ নতুন প্ৰজেক্টৰ বাবে ‘দ্য লাষ্ট চিগনেচাৰ’ নামটোত অধিক ভোট প্ৰদান কৰিছিল ৷

ছবিবোৰ শ্বেয়াৰ কৰি অনুপমে লিখিছে, "এয়া হৈছে "THE SIGNATURE"! হয়!! মোৰ ৫২৫ তম চলচ্চিত্ৰখনৰ নাম চূড়ান্ত কৰা হৈছে । সামান্য পৰিৱৰ্তন কৰা হৈছে কিন্তু মুখ্যতঃ আপোনালোকৰ পৰামৰ্শৰ ওপৰতেই আধাৰিত । আমি বিভিন্ন সামাজিক মাধ্যমত 100,000 ৰো অধিক সঁহাৰি লাভ কৰিছো ! চলচ্চিত্ৰখন @gajendraahire_goda দ্বাৰা পৰিচালিত আৰু #KCBokadia দ্বাৰা প্ৰযোজিত । আমাৰ ছবি জয় হোৰ শিৰোনাম নিৰ্ধাৰণ কৰাত আমাক সহায় কৰাৰ বাবে আপোনাক ধন্যবাদ ! #TheSignature #Film #Title #People"

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ (এনএছডি) প্ৰাক্তন ছাত্ৰ অনুপম খেৰে প্ৰায় চাৰি দশকৰ কেৰিয়াৰত 'ৰাম লাখন', 'লমহে', 'খেল', 'দৰ', 'দিলৱালে দুলহানিয়া লে জায়েংগে', 'এ ৱেডনেচ ডে’', 'এম এছ ধোনী: দ্য আনট’ল্ড ষ্ট'ৰী' ৰ দৰে বহুতো হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে (Anupam Kher movies) । অনুপমে কিংবদন্তি অভিনেতা অমিতাভ বচ্চন, বোমান ইৰাণী আৰু নীনা গুপ্তাৰ সৈতে 'Uunchai'ৰ দৃশ্যগ্ৰহণো ইতিমধ্যে সামৰিছে (Anupam Kher upcoming movie) ৷

লগতে পঢ়ক: ‘We're not the same bro’ ম’ম’ খাই এই কেপচন দিলে অৰ্জুন কাপুৰে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.