ETV Bharat / bharat

বিমানৰ ভিতৰত ধূম্ৰপান কৰাৰ বাবে গ্ৰেপ্তাৰ যুৱকক

author img

By

Published : Aug 20, 2022, 2:08 PM IST

বিমানৰ ভিতৰত ধূম্ৰপান কৰাৰ বাবে গ্ৰেপ্তাৰ হ'ল এজন যুৱক (Man arrested for smoke inside flight)৷ কুৱালালামপুৰৰ পৰা চেন্নাই অভিমুখে যাত্ৰা কৰা এখন বিমানত সংঘটিত হৈছে এই ঘটনা ৷

Man arrested for smoke inside flight
Man arrested for smoke inside flight

নেশ্যনেল ডেস্ক, 20 আগষ্ট: আপোনাৰো ধূম্ৰপান কৰাৰ অভ্যাস আছে নেকি ? তেনেহ’লে সাৱধান হওক ৷ বিমানৰ ভিতৰত ধূম্ৰপান কৰাৰ বাবে গ্ৰেপ্তাৰ হ'ল এজন যুৱক (Man arrested for smoke inside flight)৷

ঘটনা অনুসৰি বৃহস্পতিবাৰে নিশা মালয়েছিয়াৰ কুৱালালামপুৰৰ পৰা এখন ইণ্ডিগ’ বিমানে 156 গৰাকী যাত্ৰীৰে চেন্নাই অভিমুখে যাত্ৰা কৰিছিল ৷ এই বিমানখনত মালয়েছিয়াৰ গোপালন আলাগান নামৰ এজন যুৱকে তেওঁৰ পত্নীৰ লগত যাত্ৰা কৰিছিল ৷

এই যাত্ৰাৰ মাজতে গোপালনে বিমানৰ ভিতৰতে ধূম্ৰপান আৰম্ভ কৰে (Passenger smoked inside Indigo flight )৷ লগে লগে এই ঘটনা প্ৰত্যক্ষ কৰি সহযাত্ৰী আৰু এয়াৰ হোষ্টেজসকলে গোপালনক ধূম্ৰপান কৰিবলৈ বাধা দিছিল যদিও তেওঁ কাৰো কথা শুনা নাছিল ৷ ইয়াৰ পিছত পাইলটজনে অতিষ্ঠ হৈ চেন্নাই বিমান নিয়ন্ত্ৰণ কক্ষক এই কথা অৱগত কৰে ৷ মাজনিশা যেতিয়া বিমানখন চেন্নাই বিমানবন্দৰত অৱতৰণ কৰে তেতিয়া বিমানৰ নিৰাপত্তা বিষয়াসকলে গোপালনক আটক কৰে ৷

বিমান কৰ্তৃপক্ষই গোপালনক বিমানবন্দৰ আৰক্ষী থানালৈ গতাই দিয়ে ৷ আৰক্ষীয় প্ৰশ্নত গোপালনে আৰক্ষীক কৈছিল যে বিমানৰ ভিতৰত ধূম্ৰপান কৰাত কোনো ভুল নাই আৰু বিমানত ধূম্ৰপান নকৰিবলৈ কোৱা তেনে কোনো নিয়ম উল্লেখ কৰা হোৱা নাছিল ৷

সম্প্ৰতি আৰক্ষীয়ে গোপালনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে (police registered a case and arrested Gopalan) ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: ৭৮ সংখ্যক জন্ম জয়ন্তীত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক স্মৰণ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.