ETV Bharat / state

বিশেষ ফেৰীৰে মাজুলীলৈ শ শ আৰক্ষীৰ আগমন

author img

By

Published : Aug 20, 2022, 2:05 PM IST

Security Tightness For third and fourth grade Exam in Majuli
বিশেষ ফেৰীৰে শ শ আৰক্ষী আহিছে মাজুলীলৈ

ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি পৰীক্ষাৰ বাবে মাজুলীত যাৱতীয় প্ৰস্তুতি সম্পন্ন জিলা (Assam recruitment exam 2022) ৷ নিৰাপত্তাৰ দিশ কটকটীয়া কৰাৰ বাবে মাজুলীলৈ অনা হৈছে অসম আৰক্ষীৰ জোৱান(Security Tightness in Majuli For third and fourth grade Exam) ।

মাজুলী, 20 আগষ্ট: অহা 21 আগষ্ট আৰু 28 আগষ্টত সমগ্ৰ অসমৰ লগতে মাজুলীতো ৰাজ্যিক পৰ্যায়ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি পৰীক্ষাৰ বাবে 19 টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা(Schedule for Assam recruitment exam 2022) ৷ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষা নিখুতভাৱে অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে মাজুলী জিলা প্ৰশাসনে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে(Third and Fourth grade Exam) ।

বিশেষ ফেৰীৰে শ শ আৰক্ষী আহিছে মাজুলীলৈ

21 তাৰিখে 6,396 জন আৰু 28 আগষ্টত 8611 জন পৰীক্ষাৰ্থীয়ে জিলাখনৰ 19 টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হ’ব(Assam recruitment exam) । জিলাখনত বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়সমূহত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ বাবে ইতিমধ্যে তিনিটা পৰ্যায়ত নিৰীক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে । আনহাতে মাজুলী ফেৰী ঘাটতো দেখিবলৈ পোৱা গৈছে বিশেষ দৃশ্য ।

সাধাৰণতে নিৰ্বাচনৰ সময়তহে দেখা যায় এনে দৃশ্য । অফলামুখ ফেৰী ঘাটেৰে ৰ'পেস্কৰ জৰিয়তে শ শ আৰক্ষীৰ জোৱান মাজুলীলৈ আহিছে । মাজুলী জিলাত পৰীক্ষা কেন্দ্ৰত নজৰ দিব নৱনিযুক্ত অসম আৰক্ষীৰ জোৱানে । দেৰগাঁৱৰ পৰা অফলাঘাটত উপস্থিত জোৱান । নিৰাপত্তাৰ দিশতো কটকটীয়া কৰিবৰ বাবে অসম আৰক্ষীৰ জোৱানক মাজুলীলৈ অনা হৈছে ।

লগতে পঢ়ক : যুৱকক প্ৰহাৰ কৰা আৰক্ষীক ৰিজাৰ্ভ ক্লজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.