ETV Bharat / state

অবৈধ বালি খননে বিপদ মাতিছে বঙাইগাঁৱৰ এটা অঞ্চললৈ

author img

By

Published : Aug 20, 2022, 2:53 PM IST

বঙাইগাঁও জিলাৰ মানাহ নদীৰ পাৰত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে অবৈধ বালি খনন । শিলঘাগৰী মানাহ নৈত চলা অবৈধ খননকলৈ শংকিত ৰাইজ । চৰকাৰী দৰমহাৰে পেট নভৰা শিক্ষক ছফিয়ৰ ৰহমানৰ নেতৃত্বত দিনে নিশাই খনন চলোৱাৰ অভিযোগ ৰাইজৰ(Illegal sand mining in Manikpur) ।

illegal sand mining in bongaigaon
অবৈধ বালি খননে বিপদ মাতিছে বঙাইগাঁৱৰ এটা অঞ্চললৈ

বঙাইগাঁও,২০ আগষ্ট: বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ মাজেৰে বৈ যোৱা প্ৰধান নদী হ'ল মানাহ নদী । এই মানাহ নদীৰ দুয়োপাৰে আছে ঘনবসতি । সেই অঞ্চলত বাস কৰা লোকসকলৰ কথা চিন্তা কৰি চৰকাৰে লাখ লাখ টকা খৰচ কৰি মথাউৰি নিৰ্মাণ কৰিছে । কিন্তু এতিয়া যেন সেই মথাউৰিৰ ওপৰতো পৰিছে এচাম দূষ্ট চক্ৰৰ শেন চকু । কিছুদিন পূৰ্বে মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত কেইখনো গাঁৱৰ লগতে হাজাৰ হাজাৰ কৃষিভূমি অসমৰ মানচিত্ৰৰ পৰা নোহোৱা হৈছে ।

অবৈধ বালি খননে বিপদ মাতিছে বঙাইগাঁৱৰ এটা অঞ্চললৈ

বানপানীৰ ফলত কেইবাশ পৰিয়ালে স্কুলত,মথাউৰিৰ ওপৰত আশ্ৰয় লৈ আছে । আই আৰু মানাহ নদীৰ বানপানীৰ কবলত পৰি দিশহাৰা হোৱা সকলৰ ওপৰত ভূতৰ ওপৰত দানহ পৰাদি পৰিছে বালি মাফিয়া । তাৰেই এক উদাহৰণ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শিলঘাগৰী(Illegal sand mining in Manikpur) । মানাহ নদীৰ দুয়োপাৰে অবৈধ বালিৰ খনন অব্যাহত ৰখাত নৈ পৰীয়া ৰাইজৰ মাজত তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে ।

গাওঁখনৰ কাষতে চৰকাৰে বান্ধি দিয়া মথাউৰি কাটি টেক্টৰ অহা যোৱাৰ কৰিবৰ বাবে সুবিধা কৰি লৈছে । এইক্ষেত্ৰত মথাউৰিৰ দাতি কাষৰীয়া ৰাইজে প্ৰতিবাদ কৰাত শিক্ষক ছফিয়ৰ ৰহমানে মোৰ মাটি মই বিক্ৰী কৰিম তঁহতে কি কৰিব পাৰিবি কৰিবি বুলি হুংকাৰ দিয়ে । অথচ সেই মাটি চৰকাৰী মাটি বুলি সকলোৱে জ্ঞাত ।

নিজৰ বাহুবল প্ৰয়োগ কৰি ৫০০ টকাৰ পৰা ৯০০ টকা পৰ্যন্ত বিক্ৰী কৰিছে এক টেক্টৰ মাটি । এইক্ষেত্ৰত তেওঁৰ বিৰুদ্ধে বহু বাতৰি সম্প্ৰচাৰ কৰা হৈছিল তথাপিও কনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজহ বিভাগে।বহু বাৰ ফৰেষ্ট বিভাগে আহি মাটি কাটা বন্ধ কৰিছিল যদিওঁ কেৰেপ নকৰে শিক্ষকৰূপী বালি মাফিয়া ছফিয়ৰ ৰহমানে ।

লগতে পঢ়ক: গুৱাহাটীত বিধ্বংসী অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.