ETV Bharat / state

12 ছেপ্তেম্বৰৰ পৰা বিধানসভাৰ বৰ্ষাকালিন অধিবেশন

author img

By

Published : Aug 20, 2022, 2:50 PM IST

Assembly session from 12th sept
12 ছেপ্তেম্বৰৰ পৰা বিধানসভাৰ বৰ্ষাকালিন অধিবেশন

12 ছেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বৰ্ষাকালিন অধিবেশন (Assembly session from 12th sept)। ৰাজ্যপাল জগদীশ মুখীৰ আহ্বানক্ৰমে মাত্ৰ পাঁচদিনীয়া কাৰ্যক্ৰমণিকাৰেহে চলিব এইবাৰৰ বৰ্ষাকালীন অধিবেশন ৷

নিউজ ডেস্ক, 20 আগষ্ট: 12 ছেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বৰ্ষাকালিন অধিবেশন । অৱশ্যে দীঘলীয়া কাৰ্যসূচীৰে এই অধিৱেশন অনুষ্ঠিত নহ’ব ৷ ৰাজ্যপাল জগদীশ মুখীৰ আহ্বানক্ৰমে মাত্ৰ পাঁচদিনীয়া কাৰ্যক্ৰমণিকাৰেহে চলিব এইবাৰৰ বৰ্ষাকালীন অধিবেশন ৷ উল্লেখ্য যে এই অধিবেশনত এইবাৰ 15খনকৈ গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে ৷ ইয়াৰে কেইবাখনো হ’ব নতুন বিধেয়ক (Assembly session from 12th sept) ৷

অসম বিধান সভাৰ আগন্তুক বৰ্ষাকালিন অধিৱেশন এইবাৰ গুৰুত্বপূৰ্ণ হোৱাৰ আন এক কাৰণো আছে ৷ কিয়নো কংগ্ৰেছৰ দুই নিলম্বিত বিধায়ক শশীকান্ত দাস আৰু শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ খাৰিজ কৰিব লাগে বুলি ইতিমধ্যে কংগ্ৰেছ বিধায়নী দলে অভিযোগ দিছে ৷ সেই অভিযোগৰ ভিত্তিত ইতিমধ্যে বিধানসভাৰ অধ্যক্ষই দুয়োগৰাকী বিধায়কৰ শুনানিও গ্ৰহণ কৰিছে ৷

অৱশ্যে তেওঁলোকৰ বিধায়ক পদ খাৰিজ হ’বনে নহয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ কিন্তু এই প্ৰক্ৰিয়া যদি 12 ছেপ্তেম্বৰৰ পূৰ্বে সম্পূৰ্ণ হয় আৰু ইয়াৰ সিদ্ধান্ত যদি দুয়োগৰাকী বিধায়কৰ বিপক্ষে যায় তেন্তে নিশ্চিতভাৱে শ্বেৰমান আলী আহমেদ আৰু শশীকান্ত দাসে বিধায়ক পদ ত্যাগ কৰিব লাগিব ৷ গতিকে ৰাজনৈতিক মহলত আগন্তুক বৰ্ষাকালিন অধিবেশনক লৈ কিছু পৰিমানে হ’লেও এতিয়া উৎকণ্ঠা বিৰাজ কৰিছে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বানত ক্ষতিগ্ৰস্ত লোকৰ বাবে সাহাৰ্য পুঁজি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.