ETV Bharat / state

বন বিভাগত IFS বিষয়াৰ নেতৃত্বত বৃহৎ কেলেংকাৰীৰ অভিযোগ

author img

By

Published : Aug 20, 2022, 2:38 PM IST

অসমৰ বন বিভাগৰ অধীনত থকা Assam Project on Forest and Bio-diversity Conservation Society ত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে । পৱন কুমাৰ নামৰ IFS বিষয়াৰ নেতৃত্বত চলিছে দুৰ্নীতি । অভিযোগ আৰটিআই কৰ্মী দিলীপ নাথৰ ।

Kaziranga
বন বিভাগত IFS বিষয়াৰ নেতৃত্বত বৃহৎ কেলেংকাৰী

কাজিৰঙা,২০ আগষ্ট : দুই বা চাৰি হাজাৰ টকা ঘোচ লোৱা একাংশ চৰকাৰী কৰ্মচাৰীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলেও বন সুৰক্ষাৰ নামত লাখে লাখে চৰকাৰী ধন হজম কৰা বহিৰাগত বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত যেন অপাৰগ অসম আৰক্ষী । এই অভিযোগ তুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অসমৰ বন বিভাগক দুৰ্নীতিমুক্ত কৰিবলৈ আহ্বান জনালে আৰটিআই কৰ্মী দিলীপ নাথে (RTI activists urge Assam CM to make forest department corruption free)। শনিবাৰে কাজিৰঙাত এখন সংবাদমেলযোগে দিলীপ নাথে অসমৰ বন বিভাগৰ দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰে (Scam in forest department of Assam)।

বন বিভাগত IFS বিষয়াৰ নেতৃত্বত বৃহৎ কেলেংকাৰী

আৰ টি আইৰ অধীনত লাভ কৰা এক তথ্য সংবাদ মাধ্যমৰ সন্মুখত প্ৰদৰ্শন কৰি নাথে কয় যে অসমৰ বন বিভাগৰ পৱন কুমাৰ নামৰ এগৰাকী চৰকাৰী বিষয়াই বিভিন্ন আঁচনিৰ নামত সিংহভাগ ধন আত্মসাৎ কৰিছে । অসমত বিগত কিছুদিন ধৰি Assam Project on Forest and Bio-diversity Conservation (APFBC) Society নামৰ এটা প্ৰজেক্ট চলি আছে (APFBC society under forest department of Assam) ৷ ফ্ৰান্সৰ পৰা ধন আৱণ্টিত এই প্ৰজেক্টৰ দ্বাৰা অসমৰ বনজ সম্পদ সুৰক্ষিত কৰিব লাগে যদিও ইয়াৰ ধনৰ বহু কোটি টকা IFS বিষয়া পৱন কুমাৰৰ পকেটত হে সোমাইছে বুলি দিলীপ নাথে অভিযোগ কৰে ৷

ইয়াৰ প্ৰমাণ দি তেওঁ কয় যে বন সুৰক্ষাৰ বিপৰীতে ১৩ লাখ টকীয়া বেটাৰী চালিত গাড়ী ২৮ লাখত ক্ৰয় কৰা দেখুৱাইছে বিষয়াজনে ৷ সমান্তৰালকৈ ১১ লাখ টকীয়া ট্ৰেক্টৰ ২২ লাখ টকাত ক্ৰয় কৰা দেখুৱাইছে ৷ কেৱল যান-বাহন ক্ৰয় কৰাৰ নামতে এই APFBC Society প্ৰকল্পৰ নামত প্ৰায় ৭০ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ আৰটিআই কৰ্মীজনৰ (Corruption in APFBC Society under forest department)৷

প্ৰকল্পটোৰ সঞ্চালক পদত থকা পৱন কুমাৰৰ নেতৃত্বতে বন বিভাগত ঠিকাদাৰী প্ৰথা আৰম্ভ হোৱা বুলিও তেওঁ অভিযোগ কৰে । গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ফ্ৰান্সৰ এই প্ৰকল্পৰ বাবে অসমৰ সাধাৰণ জনতাই ধাৰ মাৰিব লাগিব । দিলীপ নাথৰ অভিযোগ মতে লুটি-পুতি খাইছে IFS পৱন কুমাৰৰ নেতৃত্বৰ একাংশ চৰকাৰী চোৰে ৷ সঠিক তদন্তৰ মাজেৰে এই চৰকাৰী চোৰ কেইটাক ধৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ শৰ্মাক আহ্বান জনাইছে RTI কৰ্মী দিলীপ নাথে ৷

লগতে পঢ়ক :এমাহত আৰক্ষীৰ জালত ১২ গৰাকী ঘোচখোৰ চাকৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.