ত্ৰিপুৰাৰ আদিবাসী গাঁৱৰ ৰবৰ খেতিৰ মাজত উদ্ধাৰ নৰ কংকাল

author img

By

Published : Aug 20, 2022, 4:38 PM IST

Updated : Aug 20, 2022, 5:11 PM IST

Tripura

ত্ৰিপুৰাৰ বেলোনিয়া মহকুমাৰ অন্তৰ্গত ৰিয়াং পাৰা কচাৰী গাঁৱত উদ্ধাৰ নৰ কংকাল (Human skeleton recovered in Tripura)। ৰবৰ খেতিৰ মাজত উদ্ধাৰ হৈছে নৰ কংকালটো । আৰক্ষী আৰু ফৰেনচিকৰ দল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

আগৰতলা,২০ আগষ্ট : ত্ৰিপুৰাত চাঞ্চল্যকৰ ঘটনা । ৰবৰ খেতিৰ মাজত উদ্ধাৰ হৈছে এটা নৰ কংকাল (Human skeleton recovered in Tripura)। শনিবাৰে পুৱা ত্ৰিপুৰাৰ দক্ষিণ জিলাৰ বেলোনিয়া মহকুমাৰ অন্তৰ্গত ৰিয়াংপাৰা কচাৰী গাঁৱত উদ্ধাৰ নৰ কংকালটো । ৰবৰ খেতিয়কসকলে প্ৰথমে কংকালটো প্ৰত্যক্ষ কৰে আৰু আৰক্ষীক খবৰ দিয়ে ।

খবৰ পোৱাৰ লগে লগে বেলোনিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্ত কৰি কংকালটো প্ৰায় ৩০ বছৰীয়া যুৱকৰ বুলি সন্দেহ কৰিছে । আৰক্ষীয়ে কংকালটোৰ কাষতে এটা জিন্স পেণ্ট, ট্ৰেকচুট, এযোৰ চৰ্টছ আৰু বিস্কুটৰ পেকেট উদ্ধাৰ কৰিছে (Tripura police recovered human skeleton)।

অৱশ্যে উদ্ধাৰ হোৱা কংকালটো এতিয়াও চিনাক্ত কৰা হোৱা নাই । ইফালে, ড'গ স্কোৱাডৰ সৈতে ফৰেনচিক দলো ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে । আৰক্ষীয়ে কংকালটো উদ্ধাৰ কৰি চিকিৎসালয়ৰ মৰ্গলৈ প্ৰেৰণ কৰিছে ।

ইফালে এনেদৰে কংকাল উদ্ধাৰ হোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে । কোনো লোকক হত্যা কৰি তেনেদৰে মৃতদেহ ৰবৰৰ খেতিৰ মাজত পেলাই থৈ যোৱা বুলিও বহুতে সন্দেহ কৰিছে । অৱশ্যে আৰক্ষীৰ সঠিক তদন্ত আৰু ফৰেনচিকৰ প্ৰতিবেদনৰ পাছতহে ক'ব পৰা যাব মৃতদেহটো কাৰ আৰু এয়া হত্যা নে আত্মহত্যা ?

লগতে পঢ়ক:ম'বাইল আসক্ত হৈ পৰাৰ বাবেই পিতৃয়ে গুলীয়ালে পুত্ৰক

Last Updated :Aug 20, 2022, 5:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.