ETV Bharat / bharat

ম'বাইল আসক্ত হৈ পৰাৰ বাবেই পিতৃয়ে গুলীয়ালে পুত্ৰক

author img

By

Published : Aug 20, 2022, 10:34 AM IST

Retired army man fired on his son due to usage of mobile instead of studying
ম'বাইল আসক্ত হৈ পৰাৰ বাবেই পিতৃয়ে গুলীয়ালে পুত্ৰক

ম'বাইল আসক্ত হৈ পৰাৰ বাবেই পিতৃৰ গুলী খাবলগীয়া হ'ল 15 বছৰীয়া প্ৰিন্সে ৷ গুজৰাটৰ চন্দ্ৰ দৰ্শন ছ’চাইটিৰ নৱম শ্ৰেণীত অধ্যয়নৰত প্ৰিন্সৰ পঢ়া-শুনাতকৈ ম'বাইলৰ প্ৰতি বৃদ্ধি পাইছিল অত্যাধিক আসক্তি (Increased interest in mobile phones rather than studying) ৷ যি কথাত ক্ষোভিত হৈ পৰিছিল অৱসৰপ্ৰাপ্ত সেনা বিষয়া তথা প্ৰিন্সৰ পিতৃ ধৰ্মেন্দ্ৰ ওমপ্ৰকাশ সাকীয়া ৷

নেশ্যনেল ডেস্ক,20 আগষ্ট: ম'বাইল আসক্ত হৈ পৰাই কাল হ'ল গুজৰাটৰ 15 বছৰীয়া প্ৰিন্সৰ বাবে ৷ অত্যাধিক ম'বাইল ফোন ব্যৱহাৰ কৰাৰ বাবেই পিতৃয়ে গুলীয়াবলৈ বাধ্য হ'ল 15 বছৰীয়া প্ৰিন্সক(Father shot son for using too much mobile phone) ৷

চাঞ্চল্যকৰ ঘটনাটোৰ স্থান গুজৰাটৰ কামৰেজৰ বাভ গাঁৱত ৷ প্ৰাপ্ত তথ্য অনুসৰি, অৱসৰপ্ৰাপ্ত সেনা বিষয়া তথা বৰ্তমানে চুৰাটত দেহৰক্ষী হিচাপে কৰ্মৰত ধৰ্মেন্দ্ৰ ওমপ্ৰকাশ সাকীয়াই পুত্ৰক বাৰাম্বাৰ ম'বাইলত কম সময় কটাই পঢ়া-শুনাত মনোযোগ দিবলৈ কৈ আহিছিল যদিও পুত্ৰই পিতৃৰ কথালৈ কেৰেপ কৰা নাছিল ৷ ওলোটাই পিতৃয়ে বাৰাম্বাৰ ম'বাইল ফোন ব্যৱহাৰত হকা-বাধা কৰি থকা কথাটোত ক্ষুণ্ণ হৈ পিতৃক ৱাইপাৰেৰে আক্ৰমণ কৰিবলৈ উদ্যত হয় 15 বছৰীয়া কিশোৰ(Son tried to attack his father with a wiper) ৷

পুত্ৰৰ আক্ৰমণত পিতৃৰ গাৰ পৰা তেজ ওলাবলৈ আৰম্ভ কৰে ৷ পুত্ৰৰ ব্যৱহাৰত ক্ষুব্ধ হৈ অৱসৰপ্ৰাপ্ত সেনা জোৱান পিতৃয়ে নিজৰ চাৰ্ভিছ ৰিভলভাৰেৰে পুত্ৰৰ বাহুলৈ লক্ষ্য কৰি দুই জাঁই গুলী নিক্ষেপ কৰে(The victim was shot dead in the waist of his son) ৷ গুলীচালনাৰ শব্দ শুনি স্থানীয় লোকসকল ঘটনাস্থলীত সমবেত হৈ আৰক্ষীক খবৰ দিয়ে ।

পৰৱৰ্তী সময়ত অৱসৰপ্ৰাপ্ত সেনা জোৱানগৰাকীৰ পত্নী সংগীতাবেন ধৰ্মেন্দ্ৰ সাকীয়াই কামৰেজ থানাত এজাহাৰ দাখিল কৰে(Lodged complaint with the police station)। কামৰেজ আৰক্ষীয়ে আই পি চিৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰি অভিযুক্ত ধৰ্মেন্দ্ৰ ওমপ্ৰকাশ সাকীয়াক গ্ৰেপ্তাৰ কৰে । ইতিমধ্যে জব্দ কৰা হৈছে ধৰ্মেন্দ্ৰ ওমপ্ৰকাশ সাকীয়াৰ চাৰ্ভিছ ৰিভলভাৰটো(The service revolver was seized) ৷

খোলৱাডৰ দীনবন্ধু হাস্পতালত চিকিৎসাধীন হৈ আছে 15 বৰ্ষীয় প্ৰিন্স ৷ ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়ক: হালোৱাটিঙত নৃশংস হত্যাকাণ্ড: পিতৃয়ে হত্য়া কৰিলে পুত্ৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.