ETV Bharat / state

হালোৱাটিঙত নৃশংস হত্যাকাণ্ড: পিতৃয়ে হত্য়া কৰিলে পুত্ৰক

author img

By

Published : Jul 9, 2022, 11:05 AM IST

এক নৃশংস হত্যাকাণ্ডই জোকাৰিছে শিৱসাগৰ । পিতৃয়ে হত্যা কৰিলে নিজ পুত্ৰক(Father kills son in Sivasagar) । সাধাৰণ কাজিয়াৰ পৰিণতিতেই পেটত চুৰি মাৰি হত্যা কৰে পুত্ৰক । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পুত্ৰহন্তা পিতৃক(Police arrest killer father) ।

brutal murder in sivsagar
শিৱসাগৰৰ হালোৱাটিঙত নৃশংস হত্যাকাণ্ড: পিতৃয়ে হত্য়া কৰিলে পুত্ৰ

আমগুৰি,৯ জুলাই: শিৱসাগৰৰ হালোৱাটিঙত সংঘটিত এক নৃশংস হত্যাকাণ্ড । পিতৃৰ হাততে প্ৰাণ হেৰুৱালে পুত্ৰই(Father kills son in Sivasagar) । হালোৱাটিং খনিকৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা । সাধাৰণ কথাতে পেটত চুৰি সুমুৱাই হত্যা কৰে নিজ পুত্ৰক । হত্যাকাৰী পিতৃৰ নাম গোলাপ খনিকৰ ।

শিৱসাগৰৰ হালোৱাটিঙত নৃশংস হত্যাকাণ্ড: পিতৃয়ে হত্য়া কৰিলে পুত্ৰ

জানিব পৰা মতে মঙলবাৰে নিশা পিতৃ গোলাপ খনিকৰে নিজ পুত্ৰ মধু খনিকৰক সাধাৰণ কাজিয়াৰ পৰিণতিত পেটত চুৰিৰে আঘাট কৰিছিল । ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পুত্ৰ মধু খনিকৰক জয়সাগৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় । কিন্তু ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাতে মৃত্যুমুখত পৰে মধু খনিকৰ ।

ঘটনাটো গাপ দিবলৈ পৰিয়ালে পুখুৰীত পৰি আঘাতপ্ৰাপ্ত হোৱা বুলি প্ৰকাশ কৰিছিল । কিন্তু শুকুৰবাৰে মধু খনিকৰৰ মৃত্যুৰ পাছত মাতৃ বন্তী খনিকৰে পিতৃ গোলাপ খনিকৰৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰি দাখিল কৰে এজাহাৰ । এজাহাৰৰ ভিত্তিত হালোৱাটিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পুত্ৰহন্তা গোলাপ খনিকৰক(Police arrest killer father) ।

লগতে পঢ়ক: HSLC-HSSLC ত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক ডিফুত সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.