ETV Bharat / bharat

ডেৰাডুনত ডাৱৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ পৰিস্থিতি

author img

By

Published : Aug 20, 2022, 1:31 PM IST

Uttarakhand
ডেৰাডুনত ডাৱৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ পৰিস্থিতি

উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণৰ পাছতে ধাৰাসাৰ বৰষুণ (Heavy rain in Uttarakhand)। ঠায়ে ঠায়ে পাহাৰৰ পৰা তীব্ৰ গতিত পানী তললৈ নামি আহিছে । ফলত প্লাৱিত হৈছে বহু অঞ্চল । জিলা প্ৰশাসন আৰু এছডিআৰএফৰ দলৰ উদ্ধাৰ অভিযান অব্যাহত । প্লাৱিত অঞ্চলৰ পৰা ইটিভি ভাৰতৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট ।

নেশ্যনেল ডেস্ক,২০ আগষ্ট : প্ৰকৃতিৰ ৰোষত পৰিছে উত্তৰাখণ্ড । ডাৱৰ বিস্ফোৰণৰ পাছত ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণ (Heavy rain in Uttarakhand)। বিগত প্ৰায় ২৪ ঘণ্টা ধৰি হোৱা বৰষুণৰ ফলত ডেৰাডুন চং নদীৰ জলপৃষ্ঠ বৃদ্ধি হৈছে । নৈৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে ৰাজ্যখনৰ বিভিন্ন অঞ্চল ।

ডেৰাডুনত ডাৱৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ পৰিস্থিতি

উল্লেখ্য যে ডেৰাডুন মালদেৱতা অঞ্চলত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয় (Cloud burst in Dehradun Maldevta)। লগে লগে ঘটনাস্থলীত জিলা প্ৰশাসন আৰু এছডিআৰএফৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে । ইফালে ৰাজ্যখনৰ বিস্তীৰ্ণ অঞ্চল ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে । অৱশ্যে, এতিয়ালৈকে কোনো প্ৰাণহানিৰ খবৰ পোৱা হোৱা নাই ।

একে সময়তে, মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে (CM Pushkar Singh Dhami) ৰাজ্যখনৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণ আৰু ইয়াৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লৈছে ।

এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত । এনে পৰিস্থিতিৰ মাজতো ইটিভি ভাৰতৰ সাংবাদিক উপস্থিত হৈছে অঞ্চলটোত (ETV Bharat Ground Report from Dehradun)। ইটিভি ভাৰতৰ কেমেৰাত বন্দী হৈছে প্ৰাকৃতিক দুৰ্যোগৰ ভয়ংকৰ ছবিবোৰ ।

ৰাজপথৰ বাহন, ঘৰ-দুৱাৰ আদিত পানী সোমাইছে । নৈৰ সোঁত ইমান তীব্ৰ হৈছে যে ই গছ-গছনি উভালি পেলাইছে । ধাৰাসাৰ বৰষুণৰ ফলত মালদেৱতাৰ মূল পথ বন্ধ হৈ পৰিছে । এছডিআৰএফৰ বাহনো পথত আৱদ্ধ হৈ থকা দেখা গৈছে । যাৰ বাবে উদ্ধাৰকাৰী দলটো বাহনৰ পৰা নামি খোজ কাঢ়ি আগবাঢ়ি গৈছে ।

ডাৱৰ বিস্ফোৰণৰ পাছত চাৰখেত নামৰ গাঁওখনৰ বহু লোকৰ ঘৰত পানী সোমাইছে । ইফালে গাঁওখনত আৱদ্ধ লোকসকলক এছডিআৰএফৰ দলে উদ্ধাৰ কৰি সুৰক্ষিত ঠাইলৈ স্থানান্তৰ কৰিছে । আনহাতে একাংশ লোকে ৰিজৰ্টত আশ্ৰয় লৈ আছে ।

কেবিনেট মন্ত্ৰী গণেশ যোশীয়ে ডাৱৰ বিস্ফোৰণৰ খবৰ পোৱাৰ লগে লগে গাঁওখনত উপস্থিত হয় । ইফালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে লোকসকলক কোনো প্ৰয়োজনীয় কাৰণ নহ'লে উক্ত অঞ্চললৈ ভ্ৰমণ ত্যাগ কৰিবলৈ আহ্বান জনাইছে আৰু নদীৰ নলাবোৰৰ পৰা আঁতৰি থাকিবলৈ অনুৰোধ জনাইছে । আনহাতে মুখ্যমন্ত্ৰীয়ে সকলো বিভাগকে পৰিস্থিতি পৰ্যৱেক্ষণৰ বাবে নিৰ্দেশনা জাৰি কৰিছে ।

লগতে পঢ়ক :ডাৱৰ বিস্ফোৰণৰ ফলত ডেৰাডুনত হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.