ETV Bharat / city

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jan 30, 2022, 7:01 PM IST

top-ten-news-at-7-pm
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Encounter in Biswanath : বিশ্বনাথত আৰক্ষীত গুলিত আহত চোৰাং চিকাৰী

এইবাৰ চোৰাং চিকাৰীক লক্ষ্য আৰক্ষীৰ ৷ বিশ্বনাথৰ চোৱাগুৰীৰ নবজাৰত আৰক্ষীৰ গুলিত আহত এটা কুখ্যাত চোৰাং চিকাৰী ৷

অসম সাহিত্য সভাৰ চাৰিটাকৈ বিশেষ বঁটাৰ প্ৰাপকৰ নাম ঘোষণা

অসম সাহিত্য সভাই প্ৰদান কৰিব লগীয়া চাৰিটাকৈ বিশেষ বঁটাৰ প্ৰাপকসকলৰ নাম ঘোষণা হ’ল (Assam Sahitya Sabha announces winners of four awards) ৷ জানো আহক কোনে পালে বৈষ্ণৱ পণ্ডিত শশীচন্দ্ৰ বৰবৰুৱা বঁটা, ছগনলাল জৈন বঁটা, কবি শৈলধৰ ৰাজখোৱা বঁটা আৰু ধৰ্মেশ্বৰ কটকী শিশু সাহিত্য বঁটা ৷

অৰুণোদয় আঁচনিৰ সলনি পৃথক আঁচনিৰ দাবী সদৌ অসম অবিবাহিতা মহিলা উন্নয়ন সমিতিৰ

"অবিবাহিতা বুলিলে সমাজৰ বহুতে অলপ বেলেগ ভাৱে ধৰি লয়..." দেওবাৰে গুৱাহাটী প্ৰেছক্লাৱত সদৌ অসম অবিবাহিতা মহিলা উন্নয়ন সমিতি (Assam Unmarried Women Development Committee) ৰ এখন সংবাদমেলত সভানেত্ৰী ৰীতা হাজৰিকাই এই কথা সদৰি কৰে ৷

লাহৰিজান বালিজান খান বস্তিত প্ৰশাসনৰ উচ্ছেদৰ অভিযানত উত্তপ্ত পৰিস্থিতি

কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত উচ্ছেদ অভিযানকলৈ সৃষ্টি হয় এক উত্তাপ্ত পৰিস্থিতি ৷ দেওবাৰে উচ্ছেদিত সকলে বিভিন্ন শ্ল'গান সম্বলিত প্লেকাৰ্ড- ফেষ্টুন আদি লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে প্ৰতিবাদকাৰীসকলে নিজকে ইয়াৰ স্থায়ী বাসিন্দা বুলি দাবী কৰাৰ লগতে এই উচ্ছেদ বে-আইনী বুলি মন্তব্য কৰে ৷

হঠাৎ ASTCৰ ৭০০ কৰ্মচাৰীয়ে বিচাৰিছে স্বেচ্ছামূলক অৱসৰ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৭০৩ গৰাকী কৰ্মচাৰীয়ে একেলগে স্বেচ্ছামূলক অৱসৰ বিচাৰিছে (700 employees of ASTC seek voluntary retirement)। বিষয়টোক লৈ উদ্বিগ্ন, চিন্তিত স্বয়ং মুখ্যমন্ত্ৰীও । কাৰণ কি ? কিহৰ বাবে চাকৰি এৰি থৈ যাব খুজিছে একেলগে সাত শতাধিক কৰ্মচাৰীয়ে !

Encounter in Kashmir: জম্মু-কাশ্মীৰৰ এনকাউণ্টাৰত নিহত ৫ সন্ত্ৰাসবাদী

পুনৰ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী বিৰোধী অভিযান । পুলৱামা আৰু বুদগামত শনিবাৰে নিশা দুটাকৈ এনকাউণ্টাৰত নিহত ৫ টা সন্ত্ৰাসবাদী (Five militants killed in Kashmir)। সন্ত্ৰাসবাদী কেইটা জৈইচ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে ।

Elephant menace continues : গোৱালপাৰাত পুনৰ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ

শুকুৰবাৰে গোৱালপাৰা জিলাৰ চৈৰাবাৰীৰত হাতীৰ আক্ৰমণত নিহত হোৱা লুপেন্দ্ৰ ৰাভাৰ মৃত্যুদেহ উদ্ধাৰৰ ঘটনা মাৰ নৌযাওঁতেই পুনৰ হাতীৰ আক্ৰমণত নিহত আন এজন লোক (Man Elephant conflict in Goalpara) ৷ সবিশেষ জানো আহক ৷

75 Years of Independence: স্বাধীনতা সংগ্ৰামত দিল্লীৰ ঐতিহাসিক জামা মছজিদৰ অৰিহণা

স্বাধীনতা সংগ্ৰামৰ সৈতে দিল্লীৰ জামা মছজিদৰ (Jama Masjid of Delhi) সম্পৰ্ক আছে নে ? হয়টো বহুতে এই কথা নাজানে যে দেশ বিভাজনৰ সময়ত ভাতৃত্ববোধৰ অন্যতম চানেকী প্ৰদান কৰিছিল এই জামা মছজিদে । ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল জামা মছজিদে । দেশে ৭৫ তম স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়ত জানো আহক স্বাধীনতা সংগ্ৰামত এই জামা মছজিদৰ গুৰুত্ব ।

Acid attack in Goalpara: দুই বন্ধুৰ দ্বাৰা পত্নীৰ শৰীৰত এছিড নিক্ষেপ কৰালে স্বামীয়ে

গোৱালপাৰাত ভয়ংকৰ এছিড আক্ৰমণ (Acid attack in Goalpara)। স্বামীৰ নেতৃত্বত দুই বন্ধুৱে এছিডেৰে আক্ৰমণ কৰিলে মহিলাক । মৰনৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত স্বামী আৰু দুই বন্ধুক । ঘটনাক লৈ সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্য ।

মাজুলীত ক’ভিডত আক্ৰান্ত হৈ এজনৰ মৃত্যু

ৰাজ্যত অব্যাহত আছে ক‘ৰণাৰ সংক্ৰমণ ৷ ক্ৰমাৎ বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা ৷ শনিবাৰে ক’ভিড-19ত আক্ৰান্ত হৈ মাজুলী জিলাত বছৰটোৰ প্ৰথমজন লোকৰ মৃত্যু হয়(Majuli records first covid death of the year) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.