ETV Bharat / state

Acid attack in Goalpara: দুই বন্ধুৰ দ্বাৰা পত্নীৰ শৰীৰত এছিড নিক্ষেপ কৰালে স্বামীয়ে

author img

By

Published : Jan 30, 2022, 5:16 PM IST

গোৱালপাৰাত ভয়ংকৰ এছিড আক্ৰমণ (Acid attack in Goalpara)। স্বামীৰ নেতৃত্বত দুই বন্ধুৱে এছিডেৰে আক্ৰমণ কৰিলে মহিলাক । মৰনৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত স্বামী আৰু দুই বন্ধুক । ঘটনাক লৈ সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্য ।

Acid attack
স্বামীৰ কথামতে পত্নীৰ গা লৈ দুই বন্ধুৱে নিক্ষেপ কৰিলে এছিড

গোৱালপাৰা,৩০ জানুৱাৰী : গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত ৰাক্ষসিনী শীল বজাৰত ভয়ংকৰ ঘটনা । এছিড আক্ৰমণৰ বলি এগৰাকী মহিলা (Acid attack in Goalpara )। নিজৰ স্বামীৰ নেতৃত্বতে দুই দুৰ্বৃত্তই এছিড নিক্ষেপ কৰে মহিলাগৰাকীলৈ (Acid attack in Goalpara)। ঘটনাক লৈ সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ।

স্বামীৰ কথা মতে পত্নীৰ গা লৈ দুই বন্ধুৱে নিক্ষেপ কৰিলে এছিড

মৰনৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী মহিলাগৰাকীয়ে । ইতিমধ্যে মহিলাগৰাকীৰ স্বামী আব্দুল হান্নানক গ্ৰেপ্তাৰ কৰিছে মৰনৈ আৰক্ষীয়ে । এই ঘটনাৰ লগত জড়িত আব্দুলৰ দুই বন্ধু ক্ৰমে ৰাক্ষসিনীৰ জিয়াৰুল হক আৰু বৰপেটা জিলাৰ আলোপতি চৰৰ ছানোৱাৰ হুছেইনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

জানিব পৰা মতে শুকুৰবাৰে সন্ধিয়া প্ৰায় ৮ মান বজাত সংঘটিত হৈছে এই ঘটনা । আব্দুলে পত্নীক কেক খোৱাৰ প্ৰলোভন দি বজাৰলৈ লৈ গৈছিল । বজাৰ পোৱাৰ পূৰ্বে এটা স্থানত পত্নীক অকলে থৈ পেচাব কৰাৰ চলেৰে আঁতৰি গৈছিল আব্দুল । সেই সময়তে আব্দুলৰ দুই বন্ধুৱে আহি মহিলাগৰাকীক লক্ষ্য কৰি এছিড নিক্ষেপ কৰিছিল । এছিড আক্ৰমণৰ ফলত সামান্য মুখমণ্ডলত আঘাতপ্ৰাপ্ত হয় মহিলাগৰাকী ।

ঘটনাৰ পাছতে মহিলাগৰাকীয়ে মৰনৈ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে (acid attack victim Woman lodges FIR) । আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/৪৯০(এ)/৩৪১/৩২৬(এ) ধাৰাৰ লগতে ডি পি এক্টৰ ৪ ধাৰাত এক গোচৰ পঞ্জীয়ন কৰে ৷ পৰৱৰ্তী সময়তে গোৱালপাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত মৰনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণকাম বৰদলৈয়ে অভিযান চলায় আৰু অভিযুক্ত স্বামীসহ তিনিওজনকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে পত্নীক বিভিন্ন ধৰণে সন্দেহ কৰিছিল স্বামী আব্দুলে । যাৰ পৰিণতিত এছিড আক্ৰমণৰ বলি হ'বলগা হ'ল দুৰ্ভগীয়া পত্নী । পত্নীৰ লগতে এছিড আক্ৰমণত তেওঁলোকৰ কণমানি সন্তানো সামান্য আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :যুৱতীক নিৰ্যাতন চলোৱাৰ অভিযোগত আটক আক্ৰাছু নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.