ETV Bharat / state

হঠাৎ ASTCৰ ৭০০ কৰ্মচাৰীয়ে বিচাৰিছে স্বেচ্ছামূলক অৱসৰ

author img

By

Published : Jan 30, 2022, 4:32 PM IST

অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৭০৩ গৰাকী কৰ্মচাৰীয়ে একেলগে স্বেচ্ছামূলক অৱসৰ বিচাৰিছে (700 employees of ASTC seek voluntary retirement)। বিষয়টোক লৈ উদ্বিগ্ন, চিন্তিত স্বয়ং মুখ্যমন্ত্ৰীও । কাৰণ কি ? কিহৰ বাবে চাকৰি এৰি থৈ যাব খুজিছে একেলগে সাত শতাধিক কৰ্মচাৰীয়ে !

employees of ASTC seek voluntary retirement
হঠাৎ ASTCৰ ৭০০ কৰ্মচাৰীয়ে বিচাৰিছে স্বেচ্ছামূলক অৱসৰ

গুৱাহাটী, ৩০ জানুৱাৰী : অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৭০৩ গৰাকী কৰ্মচাৰীয়ে একেলগে একেসময়তে বিচাৰিছে স্বেচ্ছামূলক অৱসৰ (700 employees of ASTC seek voluntary retirement)। ইতিমধ্যে অৱসৰৰ এই আবেদন পৰিছে মুখ্যমন্ত্ৰীৰ হাতত । নকলেও চলে যে একেলগে ৭০৩ গৰাকী কৰ্মচাৰীয়ে অৱসৰ (ASTC employees seek voluntary retirement ) ল'লে একপ্ৰকাৰ অচল হৈ পৰিব পৰিবহণ নিগম ।

employees of ASTC seek voluntary retirement
হঠাৎ ASTCৰ ৭০০ কৰ্মচাৰীয়ে বিচাৰিছে স্বেচ্ছামূলক অৱসৰ

আজিৰ তাৰিখত নিগমত নিযুক্ত হৈ আছে অস্থায়ী ভিত্তিত প্ৰায় দুই সহস্ৰাধিক কৰ্মচাৰী । বিগত কেইবা বছৰ ধৰি ৰাজ্যিক পৰিবহণ নিগমত স্থায়ী পদত কোনো ধৰণৰ নতুন নিযুক্তি হোৱাই নাই (No regular appointment in ASTC)। যাৰ বাবে আজিও নিগমত খালি হৈ আছে শতাধিক পদ । আনহাতে অস্থায়ী ভিত্তিত নিযুক্ত এইসকল কৰ্মচাৰীয়ে বিগত বছৰৰ পিছত বছৰ ধৰি ৮,৫০০ ৰ পৰা ১৪,০০০ টকা দৰমহাৰ বিনিময়ত চাকৰি কৰি আহিছে ।

অস্থায়ীভাৱে নিযুক্ত এইসকল কৰ্মচাৰীৰ চাকৰি আজি পৰ্যন্ত নিয়মীয়া নোহোৱাত একেলগে ৭০৩ গৰাকী কৰ্মচাৰীয়ে বিচাৰিছে স্বেচ্ছামূলক অৱসৰ । আনহাতে, গুৰুত্বপূৰ্ণ বিষয়টো হ'ল ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা বহু কৰ্মচাৰীয়ে অৱসৰৰ পিছত লাভ কৰিবলগীয়া ধনো লাভ কৰা নাই । কিস্তি হিচাপত হে এইসকল কৰ্মচাৰীক প্ৰাপ্য ধন পৰিশোধ কৰি থকা হৈছে ।

এই পৰ্যন্ত ২০১৬ চনত অৱসৰ লোৱা কৰ্মচাৰীক মাত্ৰ ৪০ শতাংশ ধন হে আদায় দিয়া হৈছে । একেদৰে ২০১৭ ত অৱসৰ লোৱা কৰ্মচাৰীক আদায় দিয়া হৈছে ২৫ শতাংশ ধন । ২০১৯ ত অৱসৰ লোৱা সকলক ১৫ শতাংশ আৰু ২০২০ ত অৱসৰ লোৱা সকলক এই পৰ্যন্ত ১০ শতাংশ ধন হে পৰিশোধ কৰা হৈছে ।

লগতে পঢ়ক :সীমা বিবাদ সন্দৰ্ভত চৰকাৰৰ স্থিতিত অসন্তুষ্ট অসম জাতীয়তাবাদী যুৱ পৰিষদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.