ETV Bharat / state

মাজুলীত ক’ভিডত আক্ৰান্ত হৈ এজনৰ মৃত্যু

author img

By

Published : Jan 30, 2022, 1:50 PM IST

ৰাজ্যত অব্যাহত আছে ক‘ৰণাৰ সংক্ৰমণ ৷ ক্ৰমাৎ বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা ৷ শনিবাৰে ক’ভিড-19ত আক্ৰান্ত হৈ মাজুলী জিলাত বছৰটোৰ প্ৰথমজন লোকৰ মৃত্যু হয়(Majuli records first covid death of the year) ৷

first-man-of-majuli-has-died-from-covid-19
COVID-19ত আক্ৰান্ত হৈ ২০২২ বৰ্ষৰ ৰাজ্যত প্ৰথম গৰাকী লোকৰ মৃত্যু

মাজুলী, 30 জানুৱাৰী : ৰাজ্যত এতিয়া অব্যাহত আছে ক’ৰণাৰ সংক্ৰমণ(Covid active Cases in Assam) ৷ কেৱল ৰাজ্যই নহয় সমগ্ৰ বিশ্বই এতিয়া গভীৰ সংকটৰ মাজেৰে দিন কটাবলগীয়া হৈছে ৷ সম্প্ৰতি এই মহামাৰীয়ে সমগ্ৰ বিশ্বৰ মানৱজাতিকে সংকটত পেলাইছে ৷ বৰ্তমান ৰাজ্যত ইজনৰ পিছত সিজনকৈ লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক ক’ভিড 19ৰ অৱস্থিতি লগতে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা ৷

উল্লেখ্য যে, শনিবাৰে ৰাজ্যত মাৰাত্মক ক’ভিড 19ত আক্ৰান্ত হৈ ২০২২ বৰ্ষত মৃত্যু হ'ল প্ৰথমজন লোকৰ (One died of Covid in Majuli)৷ মাজুলীৰ গড়মূৰ সত্ৰৰ বৈষ্ণৱ তথা বিদ্যুৎ বিভাগৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী অচ্যুৎ বৰুৱাৰ ক’ৰণাত আক্ৰান্ত হৈ শনিবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬২ বছৰ ৷ লোকজনৰ মৃত্যুত মাজুলীৰ গড়মূৰ সত্ৰত পৰিছে শোকৰ ছাঁ ৷

জানিব পৰা মতে, সত্ৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল অচ্যুৎ বৰুৱা ।

ইফালে শনিবাৰৰ দিনটোত ৰাজ্যত পুনৰ নতুনকৈ 2,294 গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড 19 অৱস্থিতি ৷ ইয়াৰ লগে লগে ৰাজ্যত ক‘ৰণাত সক্ৰিয় আক্ৰান্তৰ সংখ্যা(Covid active Cases in Assam) 7,13,685 গৰাকীলৈ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা 6,422 গৰাকীলৈ বৃদ্ধি পাইছে(Covid death toll in Assam) ৷ বৰ্তমান সংক্ৰিয় হৈ আছে 28,788 টা ঘটনা লগতে পজিটিভিটি হাৰ হৈছে 6.41 ৷

ইফালে য়ুহানৰ বিজ্ঞানীয়ে দিয়া তথ্যমতে নিঅ’কোভ (NeoCov) নামেৰে এক নতুন ধৰণৰ কৰ’ণা ভাইৰাছ ধৰা পৰিছে দক্ষিণ আফ্ৰিকাত । ৰাছিয়াৰ নিউজ এজেন্সী স্পুটনিকত প্ৰকাশিত এক খবৰ অনুসৰি নিঅ’কোভত আক্ৰান্তৰ মৃত্যুৰ হাৰ অতি বেছি আৰু সংক্ৰমণৰ গতিও অতি দ্ৰুত বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Covid 19 Update in Assam : ৰাজ্যত যোৱা 24 ঘন্টাত ক’ভিডত মৃত্যু 22 জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.