ETV Bharat / state

Encounter in Biswanath : বিশ্বনাথত আৰক্ষীত গুলিত আহত চোৰাং চিকাৰী

author img

By

Published : Jan 30, 2022, 2:46 PM IST

এইবাৰ চোৰাং চিকাৰীক লক্ষ্য আৰক্ষীৰ (Assam police on mission against poachers) ৷ বিশ্বনাথৰ চোৱাগুৰীৰ নবজাৰত আৰক্ষীৰ গুলিত আহত এটা কুখ্যাত চোৰাং চিকাৰী (Police shot poacher in Biswanath) ৷

police encounter in biswanath
বিশ্বনাথত আৰক্ষীত গুলিত আহত চোৰাং চিকাৰী

বিশ্বনাথ ৩০ জানুৱাৰী : বিশ্বনাথ জিলাৰ আৰক্ষীয়ে শনিবাৰে নিশা বিশ্বনাথৰ চোৱাগুৰীৰ ন-বজাৰত চোৰাং চিকাৰী বিৰুদ্ধে অভিযান চলায় ৷ আৰক্ষীৰ এই অভিযানৰ সময়ত সংঘটিত হয় এনকাউন্টাৰৰ ঘটনা ৷ আৰক্ষীৰ গুলিত বিশ্বনাথৰ কুখ্যাত চোৰাং চিকাৰী দিলোৱাৰ হুছেইন গুৰুতৰভাৱে আহত হয় ৷ সংকটজনক অৱস্থাত তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় কুখ্যাত চোৰাং চিকাৰীটোক ।

উল্লেখ্য যে, শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ শিলেখন্দা বন শিবিৰৰ সমীপত ২০২২ বৰ্ষৰ প্ৰথমটো গঁড় মৃতদেহ উদ্ধাৰ হৈছিল ৷ উদ্ধাৰ হোৱা মৃতগঁড়টো চোৰাং চিকাৰীয়ে হত্যা কৰি খৰ্গটো লৈ গৈছিল । গঁড়টো হত্যাকাণ্ড লগত দিলোৱাৰ হুছেইন জড়িত আছিল বুলি সন্দেহ কৰা হৈছিল ৷

ইফালে দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছিল দিলৱাৰ হুছেইন ৷ আৰক্ষী শনিবাৰে জোনাইৰ পৰা দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰি তদন্ত চলাই থকা সময়তে দিলৱাৰে পলায়ন চেষ্টা কৰাত আৰক্ষীৰ গুলিত আহত হয় ৷ দিলৱাৰৰ ভৰিত লাগে আৰক্ষীৰ গুলি ৷ বৰ্তমান তেজপুৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে গুলিবিদ্ধ দিলোৱাৰ হুছেইন ৷

লগতে পঢ়ক : Encounter in Patharkandi : আৰক্ষীৰ গুলীত আহত কুখ্যাত মইনা মিঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.