ETV Bharat / bharat

Encounter in Kashmir: জম্মু-কাশ্মীৰৰ এনকাউণ্টাৰত নিহত ৫ সন্ত্ৰাসবাদী

author img

By

Published : Jan 30, 2022, 1:58 PM IST

Encounter in JK
কাশ্মীৰৰ এনকাউণ্টাৰত নিহত ৫ সন্ত্ৰাসবাদী

পুনৰ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী বিৰোধী অভিযান । পুলৱামা আৰু বুদগামত শনিবাৰে নিশা দুটাকৈ এনকাউণ্টাৰত নিহত ৫ টা সন্ত্ৰাসবাদী (Five militants killed in Kashmir)। সন্ত্ৰাসবাদী কেইটা জৈইচ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে ।

নেশ্যনেল ডেস্ক,৩০ জানুৱাৰী : জম্মু-কাশ্মীৰৰ বিভিন্ন অঞ্চলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ এনকাউণ্টাৰ অব্যাহত আছে (Anti militant operation in Kashmir)। শনিবাৰে নিশা পুলৱামা আৰু বুদগামত হোৱা দুটাকৈ এনকাউণ্টাৰত নিহত ৫ টাকৈ সন্ত্ৰাসবাদী (Five militants killed in Kashmir)। আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে জনোৱা মতে পুলৱামাৰ নাইৰাত এনকাউণ্টাৰত কৰিমাবাদৰ জাহিদ ৱানী নামৰ এগৰাকী শীৰ্ষ কমাণ্ডাৰ আৰু এটা বিদেশী সন্ত্ৰাসবাদীসহ ৪ টা জৈইচ-ই-মহম্মদৰ সন্ত্ৰাসবাদী নিহত হয় ।

Encounter in JK
কাশ্মীৰৰ এনকাউণ্টাৰত নিহত ৫ সন্ত্ৰাসবাদী

আনহাতে বুদগামৰ চাৰাৰ-ই-চাৰিফ অঞ্চলত লস্কৰ-ই-তৈবাৰ সৈতে জড়িত এটা সন্ত্ৰাসবাদী নিহত হয় । তেওঁ লগতে কয় যে যোৱা ১২ ঘণ্টাত ৫টাকৈ সন্ত্ৰাসবাদী নিহত হোৱাটো আৰক্ষীৰ বাবে এক বৃহৎ সফলতা । ইফালে ২০২২ চনত কাশ্মীৰত বিভিন্ন সংঘৰ্ষত ৭ গৰাকী বিদেশীসহ ২১ টা সন্ত্ৰাসবাদী নিহত হৈছে ।

লগতে পঢ়ক :Shahdara gang rape case: শ্বাহদাৰাৰ দলবদ্ধ ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ ১১ গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.