ETV Bharat / state

লাহৰিজান বালিজান খান বস্তিত প্ৰশাসনৰ উচ্ছেদৰ অভিযানত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Jan 30, 2022, 5:36 PM IST

কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত উচ্ছেদ অভিযানকলৈ সৃষ্টি হয় এক উত্তাপ্ত পৰিস্থিতি ৷ দেওবাৰে উচ্ছেদিত সকলে বিভিন্ন শ্ল'গান সম্বলিত প্লেকাৰ্ড- ফেষ্টুন আদি লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে প্ৰতিবাদকাৰীসকলে নিজকে ইয়াৰ স্থায়ী বাসিন্দা বুলি দাবী কৰাৰ লগতে এই উচ্ছেদ বে-আইনী বুলি মন্তব্য কৰে ৷

tense-situation-due-to-eviction-drive-at-laharijan
লাহৰিজান বালিজান খান বস্তিত প্ৰশাসনৰ উচ্ছেদৰ অভিযানত উত্তপ্ত পৰিস্থিতি

ডিফু, 30 জানুৱাৰী : কাৰ্বি আংলং জিলাৰ অসম নাগালেণ্ড সীমান্তৰ লাহৰিজানত পুনৰ আৰম্ভ হৈছে তৃতীয়টো উচ্ছেদ অভিযান (Eviction at Laharijan ) ৷ দেওবাৰে পুৱাৰে পৰা জিলাখনৰ উপায়ুক্ত দিবাকৰ নাথ, আৰক্ষী অধীক্ষক পুষ্পৰাজ সিনহাৰ নেতৃত্বত নিৰাপত্তাৰক্ষী, আৰক্ষীৰ দলৰ সহযোগত লাহৰিজানৰ খান বস্তিত প্ৰশাসন বুলড’জাৰ আৰু জেচিবিৰে শান্তিপূৰ্ণভাৱে চলাইছে উচ্ছেদ অভিযান ৷

লাহৰিজান বালিজান খান বস্তিত প্ৰশাসনৰ উচ্ছেদৰ অভিযানত উত্তপ্ত পৰিস্থিতি

পিছে হঠাৎ এটি মছজিদ ভঙাক লৈ অঞ্চলটোত সৃষ্টি হয় এক উত্তপ্ত পৰিৱেশ ৷ ইয়াৰোপৰি উচ্ছেদিত সকলে বিভিন্ন শ্ল'গান সম্বলিত প্লেকাৰ্ড- ফেষ্টুন আদি লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ যাৰ ফলত নিৰাপত্তাৰক্ষী আৰু উচ্ছেদিত লোকসকলৰ মাজত তীব্ৰ বাক-বিতণ্ডা হোৱা দেখা যায় (Tension in Laharijan during eviction) ৷ লগতে প্ৰতিবাদকাৰীসকলে নিজকে ইয়াৰ স্থায়ী বাসিন্দা বুলি দাবী কৰাৰ লগতে এই উচ্ছেদ বে-আইনী বুলি মন্তব্য কৰে ৷

এই উচ্ছেদ অভিযান চলি থকাৰ মাজতে হঠাৎ এটা শিলগুটিয়ে খটখটী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজু দুৱৰাৰৰ মুখমণ্ডলত আঘাত কৰে (Attack on policeman during Laharijan eviction) ৷ তাৰ পিছতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে আৰু বেদখলকাৰীয়ে নিৰাপত্তাৰক্ষীসকলক লক্ষ্য কৰি ধাৰাষাৰ শিলগুটি নিক্ষেপ কৰে ৷

পৰিস্থিতি অধিক বেয়াৰ ফালে ঢাল খোৱাত নিৰাপত্তাৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূণ্যলৈ কেইবাজাঁই গুলী ফুটোৱাৰ লগতে প্ৰতিবাদকাৰীসকলক ছত্ৰ ভংগ দিয়াবলৈ কন্দুৱা গেছ প্ৰয়োগ কৰে ৷ উল্লেখ্য যে, কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ অধীনত লাহৰিজানত চলিছিল দুটাকৈ উচ্ছেদ অভিযান ৷ বিগত বৰ্ষৰ 20 আৰু 24 ডিচেম্বৰত লাহৰিজানৰ দুদু কলনীত চলিছিল প্ৰশাসনৰ অভিযান (Eviction at Laharijan) ৷

উচ্চতম ন্যায়লয়ৰ নিৰ্দেশ অনুসৰি 34 টা ঘৰত প্ৰশাসনে উচ্ছেদ অভিযান স্থগিত ৰাখি বাকী অবৈধভাৱে বসবাস কৰা 134 টা ঘৰৰ 100 টা ঘৰত উচ্ছেদ অভিযান চলাবলৈ কাৰ্বি কাৰ্বি আংলং প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷ ইতিমধ্যে লাহৰিজানৰ উক্ত দুদু কলনিত অবৈধভাৱে বাস কৰা ১০৭ টা পৰিয়াললৈ প্ৰশাসনে জাৰি কৰিছিল উচ্ছেদৰ জাননী।

লগতে পঢ়ক : হঠাৎ ASTCৰ ৭০০ কৰ্মচাৰীয়ে বিচাৰিছে স্বেচ্ছামূলক অৱসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.