ETV Bharat / bharat

75 Years of Independence: স্বাধীনতা সংগ্ৰামত দিল্লীৰ ঐতিহাসিক জামা মছজিদৰ অৰিহণা

author img

By

Published : Jan 30, 2022, 2:28 PM IST

স্বাধীনতা সংগ্ৰামৰ সৈতে দিল্লীৰ জামা মছজিদৰ (Jama Masjid of Delhi) সম্পৰ্ক আছে নে ? হয়টো বহুতে এই কথা নাজানে যে দেশ বিভাজনৰ সময়ত ভাতৃত্ববোধৰ অন্যতম চানেকী প্ৰদান কৰিছিল এই জামা মছজিদে । ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল জামা মছজিদে । দেশে ৭৫ তম স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়ত জানো আহক স্বাধীনতা সংগ্ৰামত এই জামা মছজিদৰ গুৰুত্ব ।

Jama masjid a refuge for revolutionaries
স্বাধীনতা সংগ্ৰামত দিল্লীৰ ঐতিহাসিক জামা মছজিদৰ অৰিহণা

নিউজ ডেস্ক, 30 জানুৱাৰী : দিল্লীৰ ঐতিহাসিক জামা মছজিদ (Jama Masjid of Delhi)। যি কেৱল ধৰ্মীয় স্থানে নহয় বিপ্লৱী সকলৰ আশ্ৰয়ৰ এক অন্যতম স্থান হিচাপে পৰিচিত । ভাৰতৰ স্বাধীনতা সংগ্ৰামত ব্ৰিটিছ সৈন্যৰে যুঁজ দিয়া ভাৰতীয় সেনাইও আশ্ৰয় লৈছিল এই জামা মছজিদত । যাৰ বাবে ব্ৰিটিছে দখল কৰে জামা মছজিদ (British occupied Jama Masjid)। তাৰ পাছত দীৰ্ঘদিন ধৰি বন্ধ আছিল স্বাধীনতা সংগ্ৰামৰ কেন্দ্ৰবিন্দু জামা মছজিদ । ১৮৬২ চনত নামাজৰ বাবে পুনৰ মুকলি কৰা হয় এই মছজিদ ।

স্বাধীনতা সংগ্ৰামৰ উপৰিও যেতিয়া দেশৰ জনসাধাৰণৰ ওপৰত বিপদ আহিছিল, জনসাধাৰণে দেশ বিভাজনত শোকস্তব্ধ হৈ আছিল এই সময়ছোৱাত, মুছলমান সম্প্ৰদায়ক দেশৰ প্ৰকৃত পৰিচয় প্ৰদান কৰা ভাষণ দিয়া মৌলানা আবুল কালাম আজাদে আত্মপ্ৰকাশ কৰিছিল দেশৰ কণ্ঠস্বৰ হিচাপে । সেই ভাষণো দিয়া হৈছিল এই মছজিদৰ পৰাই । জামা মছজিদ চৌহদৰ পৰাই আজাদে কৈছিল "এতিয়া হিন্দুস্তানৰ ৰাজনীতি সলনি হৈছে । ইয়াত কোনো স্থান নাই মুছলিম লীগৰ । মই আপোনাক আশ্বাস দিছো । আমাক আমাৰ বাহিৰে কোনেও উপকাৰ নকৰে ।

স্বাধীনতা সংগ্ৰামত দিল্লীৰ ঐতিহাসিক জামা মছজিদৰ অৰিহণা

আবুল কালাম আজাদৰ উপৰিও এগৰাকী অ-মুছলমান ব্যক্তিয়ে ইয়াৰ পৰাই দিছিল ঐতিহাসিক ভাষণ । স্বাধীনতা সংগ্ৰামৰ সময়ত, যেতিয়া ভাৰতৰ হিন্দু-মুছলিম ভাতৃত্ববোধৰ গাঁঠি দুৰ্বল হ'বলৈ আৰম্ভ কৰিছিল, এই জামা মছজিদৰ পৰাই গংগা-জামুনি তেহজিবৰ প্ৰকৃত ভাৰতীয় পৰিচয়ৰ বাবে মাত মাতিছিল স্বামী শ্ৰদ্ধানন্দ সৰস্বতীয়ে ।

হিন্দু-মুছলমানৰ ঐক্যৰ প্ৰচাৰৰ বাবে শ্ৰদ্ধানন্দ সৰস্বতীৰ সেই ভাষণ আজিও প্ৰাসংগিক । এগৰাকী হিন্দু সাধুয়ে জামা মছজিদৰ পৰা বৈদিক মন্ত্ৰ উচ্চাৰণ কৰা কথা আজিও ইতিহাসে সোৱৰে । বৰ্তমানেও ভাৰতীয়ৰ মৰ্যাদা বজাই ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে জামা মছজিদৰ ভেটিয়ে । আজি ভাৰতে স্বাধীনতাৰ ৭৫ বছৰত ভৰি দিছে, জামা মছজিদৰ প্ৰসংশা অবিহনে স্বাধীনতা উদযাপন অসম্পূৰ্ণ ।

ভাৰতে গৌৰৱ কৰা এটা অট্টালিকা হৈছে জামা মছজিদ । যদিও মুছলমানৰ উপাসনা স্থলী হিচাপে ই ১৬৫৬ চনত স্থাপন হৈছিল, কিন্তু তেতিয়াৰ পৰাই দেশত ভাতৃত্ববোধৰ ভেটি শক্তিশালী কৰি ৰাখিছে জামা মছজিদে । আজি দেশৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষত আমাক সেই প্ৰতীকসমূহৰ প্ৰয়োজন, যিবোৰে জীয়াই ৰাখিছে ভাৰতীৰ মৰ্যাদা । এনে ক্ষেত্ৰত, জামা মছজিদ এক অতুলনীয় উদাহৰণ ।

কাৰুকাৰ্যৰ ক্ষেত্ৰত আধুনিকতাক প্ৰতিফলিত কৰে এই পুৰণি মছজিদে । মোগল শাসক শ্বাহজাহানৰ উৎকৃষ্ট স্থাপত্য আৰু অনুভূতিৰ নমুনা পুৰণি দিল্লীৰ এই বৃহত্তম মছজিদ । ৬৫ মিটাৰ দৈৰ্ঘ আৰু ৩৫ মিটাৰ বহল এই মছজিদত একেলগে নামাজ পঢ়িব পাৰে ২৫ হাজাৰ লোকে । ১০০ বৰ্গ মিটাৰ ইয়াৰ চোতাল । মছজিদত আছে চাৰিটা প্ৰৱেশদ্বাৰ, চাৰিটা স্তম্ভ আৰু দুটা মিনাৰ ।

ৰঙা শিল আৰু বগা মাৰ্বলৰে নিৰ্মিত গোটেই মছজিদটো । দূৰৰ পৰাই জিলিকি থাকে বগা মাৰ্বলৰ তিনিটা গম্বুজৰ ক'লা ফিটাবোৰ । মছজিদৰ পশ্চিম অংশত আছে উপাসনাৰ মূল স্থান । ২৬০ টা স্তম্ভত নিৰ্মাণ কৰা হৈছে ওখ খিলান য'ত আছে প্ৰায় ১৫ টা মাৰ্বলেৰে নিৰ্মিত গম্বুজ । ১০৭৬ বৰ্গফুট বহল মছজিদৰ দক্ষিণ ফালে থকা মিনাৰবোৰৰ চৌহদ । বুৰঞ্জীবিদসকলৰ মতে, তেতিয়াই ১০ কোটি টকা ব্যয়েৰে শ্বাহজাহানে নিৰ্মাণ কৰিছিল এই মছজিদ । ৫,০০০ শিল্পীক ব্যৱহাৰ কৰা হৈছিল ইয়াৰ নিৰ্মাণ কাৰ্যত ।

যদিও দেখাত এই মছজিদ উপাসনাৰ স্থান । কিন্তু সময়ে সময়ে ভাৰতক বিভাজনৰ পৰা ৰক্ষা কৰি আহিছে ইয়াৰ পৰা যোৱা বাৰ্তাই । এনে ঐতিহ্যক লৈ আজি গৌৰৱান্বিত সমগ্ৰ ভাৰতবৰ্ষ ।

লগতে পঢ়ক :75 years of independence : ভাঞ্চি, স্বাধীনতা আন্দোলনৰ এগৰাকী শ্বহীদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.