ETV Bharat / city

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jan 7, 2022, 7:04 PM IST

Top News at 7
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়াৰ 7 বজাৰ শীৰ্ষ সংবাদসমূহ চাও আহক...

New SOP in Assam: কি কি আছে নতুন SOP ত ?

OMICRON ৰ ব্যাপক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈ অৰ্থাৎ শনিবাৰৰ পৰা ৰাজ্যত কাৰ্যকৰী হ’ব নতুন SOP (New SOP in Assam) ‌। শুকুৰবাৰে বিয়লি দিছপুৰৰ জনতা ভৱনত এক সংবাদমেলত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma announces new SOP)।

নৰাৰ ঘৰৰ ভিতৰত খেলি থাকোতেই ৰহস্যজনকভাৱে অগ্নিদগ্ধ তিনি শিশু

জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাবটি ল’লে তিনিটাকৈ শিশুৱে ৷ চৰাইদেউ জিলাৰ ডোমৰ দলং চাহ বাগিচাৰ বৰুৱাহোলা ডিভিজনৰ ১২ নম্বৰ লাইনত সংঘটিত হৈছে মৰ্মান্তিক ঘটনা (Charideo fire tragedy ) ।

Municipal board election : পৌৰসভা নিৰ্বাচনত স্থানীয় পৰ্যায়ত হে থাকিব বিজেপিৰ মিত্ৰতা

পৌৰসভা নিবাৰ্চনক লৈ শাসক দল বিজেপিৰ তৎপৰতা বৃদ্ধি পাছে (Municipal Corporation election in Assam)। পৰিস্থিতি জটিল নহ'লে মাৰ্চ মাহতে ৰাজ্যত অনুষ্ঠিত হ'ব পৌৰসভা নিবাৰ্চন । বৃহস্পতিবাৰে চৰাইদেউ ভ্ৰমণ কৰি এই মন্তব্য প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta on municipal board election) । পৌৰসভা নিবাৰ্চন পিছুৱাই দিয়াৰ ইচ্ছা প্ৰকাশ কৰা নাই বুলিও কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ।

ধুবুৰীৰ ভিন্ন অঞ্চলৰ পৰা উদ্ধাৰ ১৫ গৰাকী শিশু শ্ৰমিক

ধুবুৰীৰ বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে শিশু শ্ৰমিকৰ সংখ্যা । সেয়ে বৃহস্পতিবাৰে ধুবুৰীৰ ভিন্ন প্ৰান্তত শিশু শ্ৰমিকৰ বিৰুদ্ধে চলিল এক যৌথ অভিযান(operation against child labour in Dhubri) । বৃহস্পতিবাৰে ধুবুৰী জিলাৰ বিলাসীপাৰাত ধুবুৰী জিলা প্ৰশাসন, সমাজ কল্যাণ বিভাগ, চাইল্ড লাইন, চি ডব্লিউ চিকে ধৰি কেইবাটাও সংগঠনৰ যৌথ অভিযানত উদ্ধাৰ কৰা হ'ল ১৫ গৰাকীকৈ শিশু-কিশোৰ শ্ৰমিকক(Dhubri Child line rescue 15 child labour) ৷

মন্ত্রী পীযুষ হাজিকাৰ দেহত ক'ভিডৰ উপস্থিতি

ক'ভিড-19ত আক্ৰান্ত হৈছে মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika tested Covid positive)৷ বৃহস্পতিবাৰে মন্ত্ৰীগৰাকীয়ে ক'ভিড-19ৰ পৰীক্ষা কৰিছিল ৷ শুকুৰবাৰে মন্ত্ৰীগৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰা ৷ মন্ত্ৰীগৰাকী বৰ্তমান হোম আইচ’লেচনত আছে বুলি জানিব পৰা গৈছে (Pijush Hazarika in Home Isolation) ৷

GMC Ward Extension : গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা ৬০ টালৈ বৃদ্ধি

বৃদ্ধি হ’ব গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা (Extension of ward in GMC) ৷ ইতিমধ্যে নিগমে ৱাৰ্ডৰ সংখ্যা ৬০ টালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগইছে ৷ এই সম্পৰ্কত মহানগৰবাসীৰ ওজৰ আপত্তিৰ শুনানি গ্ৰহণৰো ব্যৱস্থা কৰিছে গুৱাহাটী পৌৰ নিগমে ৷

Intoxicating tablets seized: মহানগৰীত জব্দ ১০ কোটি টকাৰ নিচাযুক্ত টেবলেট, আটক 5 জন

মহানগৰীত জব্দ কৰে ১০ কোটি টকা মূল্যৰ নিচাযুক্ত টেবলেট । মহানগৰ আৰক্ষীৰ অপৰাধ শাখা আৰু বশিষ্ঠ থানাৰ আৰক্ষীয়ে যুটীয়া অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্যখিনি (Intoxicating tablets seized by guwahati police) ৷ লগতে ঘটনা সন্দৰ্ভত আটক 5 জন অভিযুক্তক ৷

Deori mohila somaj protest: জিনজিৰি দেউৰীৰ ন্যায়ৰ দাবীত ধেমাজিত উত্তাল প্ৰতিবাদ

জিনজিৰি দেউৰীৰ ন্যায়ৰ দাবীত শুকুৰবাৰে উত্তাল হ’ল ধেমাজি জিলাৰ উপায়ুক্তৰ কাৰ্যালয় (Deori mohila somaj protest in Dhemaji) ৷ গুৱাহাটী ওডাল বাক্ৰাস্থিত মডাৰ্ণ ইংলিছ হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী জিঞ্জিৰি দেউৰীৰ ৰহস্যজনক মৃত্যুৰ (Guwahati girl suicide case) উচিত তদন্ত বিচাৰি সদৌ দেউৰী মহিলা সমিতিৰ উদ্যোগত ধেমাজি জিলা দেউৰী মহিলা সমিতিয়ে । দুৰ্ভগীয়া পৰীয়ালটোক ন্যায় প্ৰদানৰ দাবী তুলি ধেমাজি জিলা উপায়ুক্তক এখনি স্মাৰকপত্ৰও প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

Terminated teacher to sit in protest : প্ৰতিবাদত বহিব ত্ৰিপুৰাৰ ১০,৩২৩ গৰাকী বৰ্খাস্ত শিক্ষক

পুনৰ শিক্ষকৰ আন্দোলনত উত্তাল হ'ব ত্ৰিপুৰা । অহা ১৫ জানুৱাৰীত বৃহৎ আন্দোলনত বহিব বৰ্খাস্ত শিক্ষক (Terminated teacher will protest in Tripura)। ১০,৩২৩ গৰাকী বৰ্খাস্ত শিক্ষকৰ যুটীয়া আন্দোলন সমিতিয়ে আন্দোলনৰ কথা ঘোষণা কৰিছে ।

We want justice: ৰঙিয়াৰ ৰাজপথত বিশেষভাবে সক্ষম লোকৰ প্ৰতিবাদ

বৃহস্পতিবাৰে ৰঙিয়া নগৰৰ গান্ধী মণ্ডপৰ সন্মুখত বিভিন্ন দাবী উত্থাপণ কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিলে অৰ্ধ শতাধিক দিব্যাঙ্গই (Specially abled persons hold protest in Rangia)। বছৰ বছৰ ধৰি বিশেষভাবে সক্ষম লোকসকলক ঠগ-প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপণ কৰিছে প্ৰতিবাদকাৰী দিব্যাঙ্গসকলে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.