ETV Bharat / state

Municipal board election : পৌৰসভা নিৰ্বাচনত স্থানীয় পৰ্যায়ত হে থাকিব বিজেপিৰ মিত্ৰতা

author img

By

Published : Jan 7, 2022, 6:21 PM IST

cm-himanta-says-bjp-will-form-alliance-at-local-stage-in-upcoming-municipal-board-election
Municipal board election

পৌৰসভা নিৰ্বাচনত স্থানীয় ভিত্তিতহে বিজেপিৰ মিত্ৰতা হ'ব বৰ্তমান মিত্ৰতাত থকা দল সমূহৰ লগত (BJP's alliance in upcoming municipal board election) । জানো আহক এই নিৰ্বাচন সম্পৰ্কত কি মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta on municipal board election) ৷

মৰাণ, 7 জানুৱাৰী : পৌৰসভা নিবাৰ্চনক লৈ শাসক দল বিজেপিৰ তৎপৰতা বৃদ্ধি পাছে (Municipal Corporation election in Assam)। পৰিস্থিতি জটিল নহ'লে মাৰ্চ মাহতে ৰাজ্যত অনুষ্ঠিত হ'ব পৌৰসভা নিবাৰ্চন । বৃহস্পতিবাৰে চৰাইদেউ ভ্ৰমণ কৰি এই মন্তব্য প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta on municipal board election) । পৌৰসভা নিবাৰ্চন পিছুৱাই দিয়াৰ ইচ্ছা প্ৰকাশ কৰা নাই বুলিও কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ।

আনহাতে, মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, স্থানীয় ভিত্তিত মিত্ৰতা হ'ব, বৰ্তমানে মিত্ৰতাত থকা দল সমূহৰ লগত । এই বিষয়ে আলোচনা হোৱা বুলিও কয় মুখ্যমন্ত্ৰী গৰাকীয়ে । উল্লেখযোগ্য যে, মিত্ৰতাত থকা অগপ দলৰ সৈতে একেলগে এই নিৰ্বাচনত বিজেপি অৱতীৰ্ণ নোহোৱাৰ খবৰে শেহতীয়াকৈ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে ৷ এই কথা নিশ্চিত কৰিছে দুয়োটা দলৰ নেতৃত্বই ।

পৌৰসভা নিৰ্বাচনত স্থানীয় পৰ্যায়ত হে থাকিব বিজেপিৰ মিত্ৰতা

বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা(BJP state president Bhabesh Kalita) আৰু অগপৰ সভাপতি অতুল বৰা(AGP president Atul Bora) উভয়েই ইতিমধ্যে এই কথা প্ৰকাশ কৰিছে । পিছে, মিত্ৰতাত থাকিও এইদৰে দল দুটাই পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ঘটনা নতুন নহয় ৷

স্মৰ্তব্য যে, পূৰ্বৰ সোণোৱাল চৰকাৰৰ সময়তো ৰাজ্যত ২০১৮ চনত অনুষ্ঠিত হৈছিল পঞ্চায়ত নিৰ্বাচন । সেই সময়তো দিছপুৰত মিত্ৰ হৈ থাকিলেও পঞ্চায়ত নিৰ্বাচনত কিন্তু অকলেই অৱতীৰ্ণ হৈছিল অগপ আৰু বিজেপি । সেইবাৰ বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনত অত্যন্ত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল যদিও তাৰ বিপৰীতে অগপই কিন্তু আশা কৰা ধৰণে ফলাফল নাপালে । এতিয়া ২০১৮ ৰে পুনৰাবৃত্তি ঘটাই পৌৰসভা আৰু নগৰ সমিতিৰ নিৰ্বাচনত দুয়োটা দল অকলশৰীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব ।

লগতে পঢ়ক : NEET PG ৰ কাউন্সেলিং পুনৰ আৰম্ভ কৰাৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.