ETV Bharat / bharat

Terminated teacher to sit in protest : প্ৰতিবাদত বহিব ত্ৰিপুৰাৰ ১০,৩২৩ গৰাকী বৰ্খাস্ত শিক্ষক

author img

By

Published : Jan 7, 2022, 4:14 PM IST

পুনৰ শিক্ষকৰ আন্দোলনত উত্তাল হ'ব ত্ৰিপুৰা । অহা ১৫ জানুৱাৰীত বৃহৎ আন্দোলনত বহিব বৰ্খাস্ত শিক্ষক (Terminated teacher will protest in Tripura)। ১০,৩২৩ গৰাকী বৰ্খাস্ত শিক্ষকৰ যুটীয়া আন্দোলন সমিতিয়ে আন্দোলনৰ কথা ঘোষণা কৰিছে ।

Terminated teacher to sit in protest
প্ৰতিবাদত বহিব ত্ৰিপুৰাৰ ১০৩২৩ বৰ্খাস্ত শিক্ষক

আগৰতলা,৭ জানুৱাৰী : ত্ৰিপুৰাত পুনৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বঞ্চিত শিক্ষকসকলে । অহা ১৫ জানুৱাৰীৰ পৰা ১০,৩২৩ বৰ্খাস্ত শিক্ষকে আন্দোলনত বহিব (Terminated teacher will protest in Tripura)। বিগত প্ৰায় ২ বছৰ ধৰি বঞ্চিত শিক্ষকসকলে তেওঁলোকৰ সমস্যা সমাধানৰ দাবীত বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও আজিলৈ সমাধান নহ'ল তেওঁলোকৰ সমস্যা ।

সেয়ে অৱশেষত ১০,৩২৩ বৰ্খাস্ত শিক্ষকৰ যুটীয়া আন্দোলন সমিতিয়ে আন্দোলনৰ সিদ্ধান্ত লয় । যুটীয়া আন্দোলনৰ সমিতিৰ সদস্য দীপাংকৰ দেৱবৰ্মাই জনোৱা মতে বৃহস্পতিবাৰে সমিতিয়ে বিশেষ বৈঠকত মিলিত হৈছিল । ধলাই জিলাত অনুষ্ঠিত এই বৈঠকত ৰাজ্যৰ বিভিন্ন মণ্ডলৰ শিক্ষকসকলে অংশগ্ৰহণ কৰে ।

তেওঁ উল্লেখ কৰা মতে যিহেতু চৰকাৰে তেওঁলোকৰ সমস্যা সমাধান কৰা নাই সেয়ে সমিতিক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে তেওঁলোক একগোট হৈছে । ইফালে তেওঁ অভিযোগ কৰা মতে আজিলৈ শিক্ষা সঞ্চালকালয়ে শিক্ষকসকলৰ বৰ্খাস্ত পত্ৰ জাৰী কৰা নাই । ১০,৩২৩ বৰ্খাস্ত শিক্ষকৰ যুটীয়া আন্দোলন সমিতিৰ দাবী তেওঁলোকক অবৈধভাৱে বৰ্খাস্ত কৰা হৈছে ।

সেয়ে তেওঁলোকে আইনী যুঁজো অব্যাহত ৰাখিব । মুখ্যমন্ত্ৰীক অনুসন্ধান আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈও আহ্বান জনাইছে শিক্ষকসকলে । ইয়াৰ উপৰিও শিক্ষকসকলে অহা ১৫ জানুৱাৰীত তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক :TMC Raj Bhawan abhiyan: প্ৰতিবাদী সমদলত অংশগ্ৰহণকাৰী প্ৰায় চাৰিশ তৃণমূল কৰ্মীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.