ETV Bharat / state

নৰাৰ ঘৰৰ ভিতৰত খেলি থাকোতেই ৰহস্যজনকভাৱে অগ্নিদগ্ধ তিনি শিশু

author img

By

Published : Jan 7, 2022, 3:39 PM IST

Updated : Jan 7, 2022, 4:48 PM IST

জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাবটি ল’লে তিনিটাকৈ শিশুৱে ৷ চৰাইদেউ জিলাৰ ডোমৰ দলং চাহ বাগিচাৰ বৰুৱাহোলা ডিভিজনৰ ১২ নম্বৰ লাইনত সংঘটিত হৈছে মৰ্মান্তিক ঘটনা (Charideo fire tragedy ) ।

three-childrens-burnt-alive-in-charideo-fire-tragedy
চিগাৰেট জ্বলাবলৈ ব্যৱহাৰ কৰা জুইৰ বাবেই জীৱন্তে অগ্নিদগ্ধ হ’ল তিনি শিশু

মৰাণ, 7 জানুৱাৰী : চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ চেপন আৰক্ষী চকীৰ অন্তৰ্গত ডোমৰ দলং চাহ বাগিচাৰ বৰুৱাহোলা ডিভিজনৰ ১২ নম্বৰ লাইনত সংঘটিত হৈছে মৰ্মান্তিক ঘটনা (Tragic incident in Charideo) । জীৱন্তে অগ্নিদগ্ধ হৈ তিনিটাকৈ শিশুৰ কৰুণ মৃত্যু হোৱাৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত( Three child died in Charideo fire tragedy) । অগ্নিদগ্ধ হোৱা এটা নৰাৰ ঘৰত আৱদ্ধ হৈ এইদৰে প্ৰাণ হেৰুৱালে শিশু কেইটাই ৷

চিগাৰেট জ্বলাবলৈ ব্যৱহাৰ কৰা জুইৰ বাবেই জীৱন্তে অগ্নিদগ্ধ হ’ল তিনি শিশু

নিহত শিশু তিনিটা ক্ৰমে দিনেশ মুণ্ডাৰ পুত্ৰ বিভান মুণ্ডা (২), পোতকু মুণ্ডাৰ পুত্ৰ অনুদ মুণ্ডা(৫), বেনাম কৰুৱাৰ পুত্ৰ কুহিনুৰ কৰুৱা (২.৫) বুলি জানিব পৰা গৈছে । শুকুৰবাৰে পুৱা প্ৰায় ১০.৩০ মান বজাত এই অগ্নিকাণ্ড সংঘটিত হয় বুলি জানিব পৰা গৈছে । প্ৰাপ্ত খবৰ মতে, নিহত শিশু কেইটাই নৰাৰ ঘৰটোত সোমাই খেলি থকা সময়তে সংঘটিত হয় এই অগ্নিকাণ্ড (Three childrens burnt alive in Charaideo fire Tragedy) ৷

শিশু কেইটাই খেলি থকা সময়তে কোনো অজ্ঞাত লোকে চিগাৰেট জ্বলাই দিয়াশলাইৰ কাঠি পেলাই দিয়াত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে । ইতিমধ্যে, ঘটনাস্থলীত আৰক্ষী আৰু মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : NEET PG ৰ কাউন্সেলিং পুনৰ আৰম্ভ কৰাৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

Last Updated : Jan 7, 2022, 4:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.