ETV Bharat / state

New SOP in Assam: কি কি আছে নতুন SOP ত ?

author img

By

Published : Jan 7, 2022, 5:22 PM IST

Updated : Jan 7, 2022, 7:41 PM IST

New SOP in Assam
কি কি আছে নতুন SOP ত

শুকুৰবাৰে অসমত জাৰি কৰা হ’ল নতুন SOP (New SOP in Assam) ৷ কি কি আছে চৰকাৰী এই নতুন SOP ত ? কি নিয়ম বাহাল থাকিব বা কি নিয়ম কঠোৰ কৰা হৈছে ? সবিশেষ এই প্ৰতিবেদনত...

গুৱাহাটী, ৭ জানুৱাৰী : OMICRON ৰ ব্যাপক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈ অৰ্থাৎ শনিবাৰৰ পৰা ৰাজ্যত কাৰ্যকৰী হ’ব নতুন SOP (New SOP in Assam) ‌। শুকুৰবাৰে বিয়লি দিছপুৰৰ জনতা ভৱনত এক সংবাদমেলত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma announces new SOP)। সমূখত ভোগালী বিহু । এনে সময়ত আজি জাৰি কৰা নতুন SOP ত কি আছে ?

* শনিবাৰ (কাইলৈ) ৰ পৰা ৩০ জানুৱাৰীলৈকে ৰাজ্যত বন্ধ হ’ব প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে পাঠদান (Schools shut from Saturday to January 30)।

* গুৱাহাটী মহানগৰীত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ পাঠদান বন্ধ থাকিব ।

* নৱম, দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান চলিব এদিন বাদ দি এদিনকৈ ।

* শনিবাৰৰ পৰা নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈকে বাহাল থাকিব সান্ধ্য আইন ।

* ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক । অন্যথা আৰক্ষীয়ে ল’ব জৰিমনা (Govt makes face mask mandatory)।

* হোটেল, ৰেষ্টুৰেন্ট, চিনেমা হল, কাৰ্যালয় সকলোতে কেৱল দুয়োপালি টীকা লোৱা লোকহে প্ৰৱেশ কৰিব পাৰিব । এই নিয়ম ভংগ কৰিলে সংশ্লিষ্ট কৰ্তৃপক্ষই ভৰিব লাগিব ২৫ হাজাৰ টকাৰ জৰিমনা (Only fully vaccinated people allowed in public places) ।

* দুয়োপালি টীকা নোলোৱাকৈ থকা কোনো চৰকাৰী কৰ্মচাৰী ১৫ জানুৱাৰীৰ পৰা কাৰ্যালয়লৈ আহিব নোৱাৰিব ।

* কেৱল দুয়োপালি টীকা লোৱা লোকহে ৰাজহুৱা যান-বাহনত ভ্ৰমণ কৰিব পাৰিব ।

* বিয়া-সবাহত দুশ লোক বা সেই স্থানৰ মুঠ আসনৰ ৫০ শতাংশ লোকহে উপস্থিত থাকিব পাৰিব । কিন্তু সকলোৱে দুয়োপালি টীকা লোৱা হ’ব লাগিব ।

* চুলাই ভাটি সন্ধিয়া ৬ বজাৰ পিছত বন্ধ কৰিব লাগিব (only 200 people allowed in private parties) ।

* ৰাজহুৱাকৈ উৰুকাৰ ভোজ-ভাত খোৱা পৰ্ব নিশা ১০ বজাৰ ভিতৰত সামৰিব লাগিব ।

* ভেলাঘৰত কোনেও নিশা কটাব নোৱাৰিব ।

* পুৱা ৬ বজাত জ্বলাব পাৰিব মেজি ।

* বিমান বন্দৰ, ৰে’লৱে ষ্টেচনত এপালি টীকা লোৱা আৰু নোলোৱা লোকৰ ক'ভিড পৰীক্ষা হ’ব বাধ্যতামূলক ।

লগতে পঢ়ক : মন্ত্রী পীযুষ হাজিকাৰ দেহত ক'ভিডৰ উপস্থিতি

Last Updated :Jan 7, 2022, 7:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.