ETV Bharat / city

3 বজাৰ দহটা শীৰ্ষ খবৰ...

author img

By

Published : Jan 15, 2022, 3:00 PM IST

Top Ten News
3 বজাৰ দহটা শীৰ্ষ খবৰ

3 বজাৰ দহটা শীৰ্ষ খবৰ...

ক'ভিডত আক্ৰ‍ান্ত অসম-নাগালেণ্ডৰ ৰাজ্যপালৰ পত্নী

ৰাজ্যপালৰ পিছত এইবাৰ ক'ভিড 19 ত আক্ৰ‍ান্ত হ'ল পত্নী প্ৰিয়ম মুখী ৷ বুধবাৰে ক'ভিডত আক্ৰান্ত হোৱা ৰাজ্যপাল জগদীশ মুখীক গুৱাহাটীৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ ইয়াৰ পাছত শনিবাৰে পুৱা ৰাজ্যপালগৰাকীৰ পত্নী প্ৰিয়ম মুখীও ক'ভিডত আক্ৰান্ত (wife of Prof Jagdish Mukhi tests covid positive) হোৱাত একেখন চিকিৎসালয়তে ভৰ্তি কৰোৱা হয় ।

Magh Bihu Celebration at Barpeta Satra : বৰপেটা সত্ৰত জ্বলোৱা হ’ল মাঘৰ মেজি

বৰপেটাবাসীয়ে শুকুৰবাৰে পালন কৰে উৰুকা ৷ ইয়াৰ পাছত শনিবাৰে পূৰ্বৰে পৰা চলি অহা ৰীতি-নীতিৰে সত্ৰৰ টুপৰ চোতালত বিৰিণাৰে সজা মেজিত অগ্নিসংযোগ কৰা হয় (Magh Bihu Celebration at Barpeta Satra) ৷ এই কাৰ্যসূচীত উপস্থিত থাকে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাকে ধৰি সত্ৰৰ ভকত-বৈষ্ণৱ আৰু ভক্তপ্ৰাণ ৰাইজ ৷

দুৰ্ঘটনা নোহোৱাকৈয়ে পাৰ হ'ল মহানগৰীৰ উৰুকাৰ নিশা

উৰুকাৰ নিশা দুৰ্ঘটনা শূন্য হৈ ৰ’ল গুৱাহাটী মহানগৰী (No accident in Guwahati on uruka night) ৷ বিপৰীতে যান-বাহন আইন উলংঘনৰ গোচৰ ৰুজু হ'ল ৫৯৬ টা । সুৰাপায়ী চালকৰ বিৰুদ্ধে চলোৱা অভিযানত মহানগৰীত সংগ্ৰহ হ'ল মুঠ ১১ লাখ ৫০ হাজাৰ টকাৰ ৰাজহ । মহানগৰীত উৰুকাৰ দিনা বিক্ৰী হ'ল ২.৭৫ কোটি টকাৰ সুৰা (Guwahati Police strict action against drink and drive)।

আজি ষ্টাৰ্টআপ ব্যৱসায়ীৰে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime Minister Narendra Modi) শনিবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে সম্বোধন কৰিব কৃষি আৰু স্বাস্থ্যকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ১৫০ তকৈও অধিক ষ্টাৰ্টআপ ব্যৱসায়ীক (Video conference with startup entrepreneurs) ৷

India corona update : দেশত 1,54,542 গৰাকী লোক বিগত 24 ঘণ্টাত নতুনকৈ আক্ৰান্ত

বিগত 24 ঘণ্টাত দেশত কৰ’ণাত আক্ৰান্ত হৈছে 1,54,542 গৰাকী লোক (India reports 1,54,542 new covid cases in last 24 hours) ৷ শনিবাৰে পুৱা দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য (Covid 19 update in India) ৷ বৰ্তমান দেশত সক্ৰিয় আক্ৰান্তৰ হাৰ হৈছে 3.48 শতাংশ ৷

Covid update in Assam : ৰাজ্যত বিগত 24 ঘণ্টাত 2348 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত

উদ্বেগজনকভাৱে ৰাজ্যত বৃদ্ধি হৈছে কৰ’ণা আক্ৰান্তৰ সংখ্যা (increase Covid positive cases in Assam) ৷ শুকুৰবাৰে ৰাজ্যত নতুনকৈ 2348 গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । শনিবাৰৰে পৰা ক'ভিড পৰিস্থিতিক লৈ কঠোৰ হ'ব মহানগৰ প্ৰশাসন ৷

Armed Forces chiefs pay tribute at National War Memorial : দিল্লীৰ যুদ্ধ স্মাৰকত সশস্ত্ৰ বাহিনীৰ মুৰব্বীৰ শ্ৰদ্ধাঞ্জলি

আজি ভাৰতীয় সেনা দিৱস (India celebrates Army day) উপলক্ষে ভাৰতীয় সেনা প্ৰধান জেনেৰেল এম এম নাৰাৱন, ভাৰতীয় বায়ু সেনাৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বেল ভি আৰ চৌধুৰী, নৌ সেনাপ্ৰধান এডমাইৰেল আৰ হৰি কুমাৰে ভাৰতীয় সেনা দিৱস উপলক্ষে দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত প্ৰণাম জনাই সেনাৰ শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰে ৷

পহিলা মাঘৰ দিনটোত ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰত ভক্তৰ ভিৰ

আজি পবিত্ৰ মাঘ মাহৰ পহিলা দিন ৷ পহিলা মাঘৰ দিনাই ৰাজ্যৰ মঠ-মন্দিৰ, দেৱালয় আদিত পৰিলক্ষিত হ'ল ভক্তৰ লানি নিচিগা শাৰী (Devotees throng Daul Govind temple) । সেই উপলক্ষে উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰত দেখিবলৈ পোৱা ভক্তৰ ভিৰ (Devotees throng places of worship on 1st Magh) ৷ নেদেখাজনৰ আশীষ বিচাৰি বিভিন্ন ঠাইৰ পৰা আগমন ঘটিছে ভক্তৰ ।

Road accident at Silchar : দোমাহীৰ দিনা শিলচৰত সংঘটিত পথ দুুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শিশুৱে

ভোগালীৰ আনন্দ-উচাহৰ মাজতে দুখৰ খবৰ ৷ শুকুৰবাৰে শিলচৰৰ কালাইন ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Silchar) ৷ এই দুৰ্ঘটনাৰ ফলত আহত হৈছে 8 গৰাকী লোক ৷ থিতাতে মৃত্য়ু এজনৰ ৷

আৰক্ষীৰ বাবে মুকলি কৰা হ’ল ম'বাইল বায়’ টয়লেট ভেন

ত্ৰিপুৰাত আৰক্ষীৰ বাবে মুকলি কৰা হ’ল ম'বাইল বায়’ টয়লেট ভেন (Mobile Bio Toilet for police personnel) ৷ কৰ্তব্যৰত আৰক্ষীৰ ব্যৱহাৰৰ বাবে মুকলি হ’ব এই টইলেট সেৱা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.