আজি ষ্টাৰ্টআপ ব্যৱসায়ীৰে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

author img

By

Published : Jan 15, 2022, 12:50 PM IST

pm-modi-will-interact-with-more-than-150-startup-businessmen-on-saturday

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime Minister Narendra Modi) শনিবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে সম্বোধন কৰিব কৃষি আৰু স্বাস্থ্যকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ১৫০ তকৈও অধিক ষ্টাৰ্টআপ ব্যৱসায়ীক (Video conference with startup entrepreneurs) ৷

নেশ্যনেল ডেস্ক, 15 জানুৱাৰী : শনিবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে ১৫০ তকৈও অধিক ষ্টাৰ্টআপ ব্যৱসায়ৰ সৈতে এক বিশেষ বাৰ্তালাপত মিলিত হ'ব (Prime Minister Narendra Modi) ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সদৰী কৰে যে, কৃষি আৰু স্বাস্থ্যৰ উপৰিও আলোচনা কাৰ্যসূচীত উদ্যোগ প্ৰণালী, মহাকাশ, উদ্যোগ 4.0, সুৰক্ষা, ফিনটেক আৰু পৰিৱেশ খণ্ডত বিভিন্ন ষ্টাৰ্টআপৰ অংশ থাকিব ।

PMO য়ে কয় যে, ১৫০ টাতকৈও (PM Modi will interact with more than 150 startup businessmen) অধিক ষ্টাৰ্টআপ উদ্যোগক মূল বিষয়ৰ ওপৰত (Video conference with startup entrepreneurs) আধাৰিত কৰি ছয়টা কাৰ্যকৰী গোটত বিভক্ত কৰা হৈছে ৷ যাৰ ভিতৰত আছে শিপাৰ পৰা শ্ৰীবৃদ্ধি, নানজিং ডিএনএ, স্থানীয়ৰ পৰা গোলকীয়লৈ, ভৱিষ্যত প্ৰযুক্তি, উৎপাদন খণ্ডত চেম্পিয়ন সৃষ্টি আৰু বহনক্ষম উন্নয়ন । বাৰ্তালাপৰ সময়ত প্ৰতিটো গোটে উল্লেখ কৰা মূল বিষয়টোৰ ওপৰত প্ৰধানমন্ত্ৰীক দাখিল কৰিব লাগিব এক প্ৰতিবেদন ৷

pm-modi-will-interact-with-more-than-150-startup-businessmen-on-saturday
আজি ষ্টাৰ্টআপ ব্যৱসায়ীৰে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

এই বাৰ্তালাপৰ উদ্দেশ্য হৈছে দেশত উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰি ষ্টাৰ্টআপ উদ্যোগসমূহে কেনেদৰে ৰাষ্ট্ৰীয় প্ৰয়োজনীয়তাত অৰিহণা যোগাব পাৰে, তাৰ বুজ লোৱা । স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশ হিচাপে উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰচাৰ বিভাগ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে 10-16 জানুৱাৰীলৈ উদ্ভাৱন পৰিৱেশ প্ৰণালী উদযাপন কৰি এক সপ্তাহজোৰা অনুষ্ঠানৰ আয়োজন কৰিছে ৷

আনহাতে, ষ্টাৰ্টআপ ইণ্ডিয়াৰ ষষ্ঠ বাৰ্ষিকী উপলক্ষে এই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে । লগতে বিবৃতিটোত কোৱা হৈছে যে, প্ৰধানমন্ত্ৰীয়ে দেশৰ উন্নয়নত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ বাবে ষ্টাৰ্টআপ উদ্যোগৰ সম্ভাৱনাত দৃঢ়ভাৱে বিশ্বাস কৰে ৷ যাৰ পৰিপ্ৰেক্ষিতত ২০১৬ চনত ষ্টাৰ্টআপ ভাৰতৰ ফ্লেগশ্বিপ উদ্যোগৰ আৰম্ভণি কৰা হৈছিল ৷ চৰকাৰে ষ্টাৰ্টআপ উদ্যোগসমূহৰ প্ৰগতিৰ বাবে এক সুস্থ পৰিৱেশ গঢ়ি তোলাৰ দিশত আগবাঢ়িছে ৷ যাৰ ফলত দেশৰ ষ্টাৰ্টআপ পৰিস্থিতি তন্ত্ৰৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে আৰু দেশৰ বিভিন্ন ক্ষেত্ৰত প্ৰগতিৰ নেতৃত্ব প্ৰদান কৰিছে ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ ত্ৰিপুৰা ভ্ৰমণৰ পিছতে ৰাজ্যখনত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে নেকি ক’ভিড সংক্ৰমণ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.