ETV Bharat / state

দুৰ্ঘটনা নোহোৱাকৈয়ে পাৰ হ'ল মহানগৰীৰ উৰুকাৰ নিশা

author img

By

Published : Jan 15, 2022, 10:39 AM IST

উৰুকাৰ নিশা দুৰ্ঘটনা শূন্য হৈ ৰ’ল গুৱাহাটী মহানগৰী (No accident in Guwahati on uruka night) ৷ বিপৰীতে যান-বাহন আইন উলংঘনৰ গোচৰ ৰুজু হ'ল ৫৯৬ টা । সুৰাপায়ী চালকৰ বিৰুদ্ধে চলোৱা অভিযানত মহানগৰীত সংগ্ৰহ হ'ল মুঠ ১১ লাখ ৫০ হাজাৰ টকাৰ ৰাজহ । মহানগৰীত উৰুকাৰ দিনা বিক্ৰী হ'ল ২.৭৫ কোটি টকাৰ সুৰা (Guwahati Police strict action against drink and drive)।

No accidenton uruka night in Guwahati
উৰুকাৰ নিশা দুৰ্ঘটনামুক্ত হ'ল মহানগৰী

গুৱাহাটী, 15 জানুৱাৰী : উৰুকাৰ নিশা দুৰ্ঘটনা শূন্য হৈ ৰ’ল গুৱাহাটী মহানগৰী (No accident in Guwahati on uruka night) মহানগৰীত সুৰাপায়ী চালকৰ বিৰুদ্ধে ৰুজু হ'ল ৪৮ টা গোচৰ (No accident in Guwahati on uruka night) । ট্ৰেফিক আইন উলংঘনৰ মুঠ গোচৰ ৰুজু হ'ল ৫৯৬ টা ।

আনহাতে, সুৰাপায়ী চালকৰ বিৰুদ্ধে চলোৱা অভিযানত মহানগৰীত সংগ্ৰহ হ'ল মুঠ ১১ লাখ ৫০ হাজাৰ টকাৰ ৰাজহ । মহানগৰীত উৰুকাৰ দিনা বিক্ৰী হ'ল ২.৭৫ কোটি টকাৰ সুৰা । আৰক্ষী-প্ৰশাসন আৰু পৰিবহন বিভাগে ভূমিকা পালনৰ বাবে এইবাৰ উৰুকাৰ নিশা গুৱাহাটী মহানগৰীত দুৰ্ঘটনা শূন্য হ'ল। ভোগালীৰ আনন্দ উল্লাস এইবাৰ সঁচাকৈ আনন্দময় হৈ ৰ'ল ।

পৰিবহণ বিভাগ আৰু মহানগৰ আৰক্ষীৰ প্ৰচেষ্টাৰ বাবেই উৰুকাৰ নিশা এটাও দুৰ্ঘটনা নহ'ল গুৱাহাটী মহানগৰীত (no accident on bihu in Guwahati) । দুৰ্ঘটনা ৰোধৰ বাবে উৰুকাৰ নিশাও ৰাজপথত সুৰাপায়ী চালকৰ বিৰুদ্ধে চলিল পৰিবহণ বিভাগ আৰু মহানগৰ আৰক্ষীৰ ব্যাপক অভিযান (Raid against Drink and drive) । মহানগৰীত সুৰাপায়ী চালকৰ বিৰুদ্ধে ৰুজু হ'ল ৪৮ টা গোচৰ (Guwahati Police strict action against drink and drive)।

আনহাতে, মহানগৰীত ট্ৰেফিক আইন উলংঘনৰ সৰ্বমুঠ গোচৰ ৰুজু হ'ল ৫৯৬টা ।

ইয়াৰোপৰি সুৰাপায়ী চালকৰ বিৰুদ্ধে চলোৱা অভিযানত মহানগৰীত সংগ্ৰহ হ'ল মুঠ ১১ লাখ ৫০ হাজাৰ টকাৰ ৰাজহ । পৰিবহন বিভাগে অভিযানকালত বাতিল কৰিলে কেইবাজনো সুৰাপায়ী চালকৰ লাইচেঞ্চ ।

উল্লেখ্য যে, ৩১ ডিচেম্বৰৰ নিশা দুৰ্ঘটনা শূন্য কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছিল । একেদৰে উৰুকাৰ নিশাও যাতে দুৰ্ঘটনা নহয়, তাৰ বাবেও মহানগৰ আৰক্ষী আৰু পৰিবহণ বিভাগে অভিযান চলোৱাৰ সিদ্ধান্ত লৈছিল । উৰুকাৰ নিশা অভিযানত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও ৰাজপথত সুৰাপায়ী চালকৰ বিৰুদ্ধে চলোৱা অভিযানৰ নিজে তদাৰক কৰিছিল ।

কৰ'ণাৰ প্ৰকোপৰ মাজতো ভোগালী বিহুৰ উৰুকাৰ দিনা গুৱাহাটীত সুৰা বিক্ৰীয়ে গঢ়িলে অভিলেখ । গুৱাহাটী মহানগৰীত উৰুকাৰ দিনা ২.৭৫ কোটি টকাৰ সুৰা বিক্ৰী হ'ল । উল্লেখ্য যে, নতুন বছৰক আদৰাৰ সময়ত ৩১ ডিচেম্বৰৰ নিশা সুৰাৰ বিক্ৰীয়ে গুৱাহাটীত অভিলেখ ৰচিছিল । সেইদিনা কেৱল মহানগৰীতে প্ৰায় ৬ কোটি টকাৰ সুৰাৰ বিক্ৰী হৈছিল । উৰুকাৰ দিনা ৰাজ্যত ৫ কোটিৰো অধিক টকাৰ সুৰা বিক্ৰী হয় ।

লগতে পঢ়ক : Guwahati Bikaner Express derailed : দুৰ্ঘটনাত পতিত গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.