পহিলা মাঘৰ দিনটোত ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰত ভক্তৰ ভিৰ

By

Published : Jan 15, 2022, 2:16 PM IST

thumbnail

আজি পবিত্ৰ মাঘ মাহৰ পহিলা দিন ৷ পহিলা মাঘৰ দিনাই ৰাজ্যৰ মঠ-মন্দিৰ, দেৱালয় আদিত পৰিলক্ষিত হ'ল ভক্তৰ লানি নিচিগা শাৰী (Devotees throng Daul Govind temple) । সেই উপলক্ষে উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰত দেখিবলৈ পোৱা ভক্তৰ ভিৰ (Devotees throng places of worship on 1st Magh) ৷ নেদেখাজনৰ আশীষ বিচাৰি বিভিন্ন ঠাইৰ পৰা আগমন ঘটিছে ভক্তৰ । বছৰটোৱে যাতে সকলোৰে জীৱনত সুখ-শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনে, তাৰেই কামনাৰে ভক্তপ্ৰাণ ৰাইজে পুৱাৰ ভাগৰ পৰাই মন্দিৰত ভিৰ কৰা পৰিলক্ষিত হয় । মন্দিৰ সমিতিয়ে দৌলগোবিন্দ মন্দিৰত ১০ হাজাৰ ভক্তৰ সমাগম হোৱাৰ আশা প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে, সম্পূৰ্ণ ক'ভিড নীতি পালন কৰি ভক্তসকলক আদৰিছে মন্দিৰ সমিতিয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.