ETV Bharat / bharat

আৰক্ষীৰ বাবে মুকলি কৰা হ’ল ম'বাইল বায়’ টয়লেট ভেন

author img

By

Published : Jan 14, 2022, 10:26 PM IST

ত্ৰিপুৰাত আৰক্ষীৰ বাবে মুকলি কৰা হ’ল ম'বাইল বায়’ টয়লেট ভেন (Mobile Bio Toilet for police personnel) ৷ কৰ্তব্যৰত আৰক্ষীৰ ব্যৱহাৰৰ বাবে মুকলি হ’ব এই টইলেট সেৱা ৷

tripura-police-launches-mobile-bio-toilet-for-police-personnel-working-on-filed
আৰক্ষীৰ বাবে মুকলি কৰা হ’ল ম'বাইল বায়ো টয়লেট ভেন

আগৰতলা, ১৪ জানুৱাৰী : ত্ৰিপুৰা আৰক্ষীৰ সঞ্চালক প্ৰধান ভি এছ যাদৱে( DGP Tripura VS Yadav) শুকুৰাবৰে আৰক্ষী জোৱান সকলৰ বাবে এটা মোবাইল বায়’ টয়লেট উদ্বোধন কৰে(Mobile Bio Toilet for police personnel) । ভ্ৰাম্যমাণ বায়’ টয়লেটটোৰ ফ্লেগ অফ কৰাৰ সময়ত, ডিজিপি যাদৱে কয়, কিছু দিন আগতে এনে এটা শৌচালয়ৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছিল ৷ জানিব পৰামতে, ম'বাইল বায়’ টয়লেট ভেন(Mobile Bio Toilet Van)ৰ ভিতৰত দুটা পৃথক ইউনিট আছে- এটা পুৰুষে ব্যৱহাৰ কৰাৰ বাবে আৰু আনটো মহিলাসকলে ব্যৱহাৰ কৰাৰ বাবে ।

বাহনখনৰ ভিতৰত এটা পানীৰ টেংকি, ডাইজেষ্টাৰ, ৱাছবেচিন, ষ্টেইনলেছ ষ্টীল কমোড, এক্সজাষ্ট ফেন আদিৰ সৈতে এটা বায়’ টয়লেট টেংক আছে বুলি তেওঁ অৱগত কৰে । তেওঁ জনায় যে লাইট, ফেন আদিয়ে সৌৰ শক্তিৰ দ্বাৰা কাম কৰিব । ভিতৰভাগ এনেদৰে ডিজাইন কৰা হৈছে যাতে ইয়াক ভিতৰলৈ স্বাস্থ্যকৰ কৰি ৰাখিবলৈ পৰ্যাপ্ত পোহৰ আৰু বায়ুৰ মুক্ত প্ৰবাহ থাকে । এইটো আশা কৰা হৈছে যে ম'বাইল বায়’ টয়লেট সকলোৰে বাবে উপযোগী হ'ব ।

উল্লেখযোগ্য যে, এই ম'বাইল বায়’ টয়লেট সকলো আৰক্ষী কৰ্মীৰ বাবে উপযোগী হ'ব । এইটো চহৰৰ এটা সুবিধাজনক স্থানত ৰখা হ'ব আৰু প্ৰয়োজন অনুসৰি আগবাঢ়িব ৷

লগতে পঢ়ক : Bikaner-Guwahati train mishap: ৰে'ল দুৰ্ঘটনাত নিহত লোকৰ পৰিয়াললৈ ৫ লাখ টকাৰ সাহায্য প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.