ETV Bharat / city

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jul 3, 2022, 3:00 PM IST

news-at-3
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

Speaker of Maharashtra assembly:মহাৰাষ্ট্ৰ বিধানসভাৰ নতুন অধ্যক্ষ ৰাহুল নাৰ্ভেকাৰ

বিগত কিছুদিন ধৰি মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ চলা যুঁজখনৰ অন্ত পৰাৰ পিছত বিজেপি বিধায়ক ৰাহুল নাৰ্ভেকাৰ মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয় (Rahul Narvekar elected as Maharashtra Assembly Speaker)। নাৰ্ভেকাৰে বিধানসভাত লাভ কৰে ১৬৪ টা ভোট ।

হায়দৰাবাদত কাৰ্যনিৰ্বাহক অনুষ্ঠিত কৰাৰ বিজেপিৰ লক্ষ্য...!

শনিবাৰৰ পৰা তেলংগানাৰ হায়দৰাবাদ চহৰত অনুষ্ঠিত হৈছে বিজেপি দলৰ ৰাষ্ট্ৰয় কাৰ্যনিৰ্বাহক সভা (BJP National Executive meeting)। কেইবাখনো ৰাজ্যত আহি থকা নিৰ্বাচনৰ বাবে এই বৈঠক অতি গুৰুত্বপূৰ্ণ । বৈঠক হায়দৰাবাদত অনুষ্ঠিত কৰাৰো কেইবাটাও উদ্দেশ্য আছে বিজেপিৰ ।

টিংখাঙত শেষকৃত্য সম্পন্ন ঢোল সম্ৰাট তুলসী ওজাৰ

লোকবাদ্যৰ সাধক, ঢোল সম্ৰাট তুলসী ওজা আৰু নাই । টিংখাঙৰ ভালুকমাৰীৰ নিজা বাসগৃহত শনিবাৰে নিশা শেষকৃত্য সম্পন্ন হয় লোকবাদ্যৰ সাধক, ঢোল সম্ৰাট তুলসী ওজাৰ (Tribute to Tulasi Ojha) ৷

Maharashtra Assembly Speaker election : সিন্দে চৰকাৰৰ আজি প্ৰথমটো অগ্নিপৰীক্ষা

দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষৰ নিৰ্বাচন (Maharashtra Assembly Speaker election 2022)। শনিবাৰে সিন্দে চৰকাৰ আৰু মহা বিকাশ আঘাদীৰ প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰিছে । মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ নেতৃত্বৰ বিজেপি চৰকাৰে বিধায়ক ৰাহুল নাৰ্ভেকাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আনহাতে বিৰোধী এমভিএ মিত্ৰজোঁটে শিৱসেনাৰ বিধায়ক ৰাজেন চালভিক অধ্যক্ষ পদৰ বাবে মনোনীত কৰিছে ।

লাৰাৰ বিশ্ব অভিলেখ ভংগ কৰিলে বুমৰাহে

টেষ্ট ক্ৰিকেটত ভাৰতৰ ক্ৰিকেট দলৰ অধিনায়ক যশপ্ৰীত বুমৰাহে ভংগ কৰিলে কিম্বদন্তি ক্ৰিকেট তাৰকা ব্ৰায়ান লাৰাৰ অভিলেখক । বুমৰাহে ইংলেণ্ডৰ বেগী বলাৰ ষ্টুৱাৰ্চ ব্ৰডৰ এটা অভাৰত (Bumrah hits Broad for runs) ২৯ ৰাণ সংগ্ৰহ কৰি টেষ্ট ক্ৰিকেটত বিশ্ব অভিলেখ গঢ়ে(Jasprit Bumrah world record) ।

বিহাৰৰ মোতিহাৰীত যাত্ৰীবাহী ৰে’লত লাগিল জুই

বিহাৰৰ অন্তৰ্গত মোতিহাৰীত যাত্ৰীবাহী ৰে’লত অগ্নিকাণ্ড সংঘটিত (Demo Train engine caught fire in Motihari)৷ ৰক্সাউল-নাৰকটীয়াগঞ্জ ৰে’ল ছেকচনৰ ভেলৱা ষ্টেচনৰ সমীপত হঠাতে ডি ই এম ইউ (DEMU train engine caught fire) ৰে’লৰ ইঞ্জিনত সংঘটিত হয় এক অগ্নিকাণ্ড। কিন্তু ইঞ্জিনৰ জুই অধিক বিয়পি নপৰাত সৌভাগ্য ক্ৰমে ৰক্ষা পৰে ৰে’লৰ যাত্ৰীসকলৰ জীৱন ।

True or fake Ram Rahim: হাৰিয়ানা উচ্চ ন্যায়ালয়ত ৰাম ৰহিমৰ শুনানি

পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত সোমবাৰে ডেৰা চাচা সৌদাৰ অনুগামীসকলে দাখিল কৰা এখন লেখ আবেদনৰ শুনানি গ্ৰহণ( Dera chief Gurmeet Ram Rahim)। আবেদনখনত দাবী কৰা হৈছে যে পেৰোলত কাৰাগাৰৰ পৰা ওলাই অহা ৰাম ৰহিমৰ অভিব্যক্তি প্ৰকৃত ৰাম ৰহিমৰ দৰে একে নহয় ।

ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতালে LeTৰ দুই দুৰ্ধৰ্ষ উগ্ৰপন্থী

জম্মু-কাশ্মীৰত উগ্ৰপন্থীৰ মুক্ত বিচৰণ । সমানে উগ্ৰপন্থীৰ বিৰুদ্ধে চলি আছে অবিৰত অভিযান । স্থানীয় বাসিন্দাও সৰৱ হৈছে উগ্ৰপন্থীৰ বিৰুদ্ধে । ৰিয়াচীত স্থানীয় ৰাইজে কৰায়ত্ব কৰে দুটাকৈ দুধৰ্ষ LET ৰ উগ্ৰপন্থীক(militants overpowered by villagers) ।

বানবিধ্বস্ত অসম: আশ্ৰয় শিবিৰত ৭০ হাজাৰ শিশু আৰু চাৰিশতাধিক গৰ্ভৱতী

শিবিৰে শিবিৰে এতিয়া বানাক্ৰান্তৰ আৰ্তনাদ(Flood situation in Assam) । অন্তহীন সমস্যাৰ মাজত প্ৰতিটো মূহুুৰ্ততে বানাক্ৰান্ত ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে । বানৰ সৈতে বর্তমানেও সহৱস্থান কৰি আছে ৰাজ্যৰ ২২ লক্ষাধিক লোকে(More than 22 lakh people in flood affected Assam) । ৪০৪ টা আশ্রয় শিবিৰত অৱস্থান কৰি আছে ২.৭৭ লাখ লোকে ।

Covid infection increase in Assam:ৰাজ্যত পুনৰ বৃদ্ধি ক'ভিড সংক্ৰমণ

স্বাস্থ্য বিভাগে ক’ভিড টেষ্টত গুৰুত্ব আৰোপ নকৰাৰ পৰিপ্ৰেক্ষিতত যিকোনো মুহূর্ততে ক’ভিডে ভয়ংকৰ ৰূপ লোৱাৰ আশংকা কৰা হৈছে। কাৰণ ৰাজ্যত ক'ভিড সংক্ৰমণৰ হাৰ হৈছে ৮.১৫ শতাংশ (Covid infection increase in Assam)। জনতা ভৱনৰ লগতে গুৱাহাটী আৰক্ষীৰ কেইবাজনো শীর্ষ বিষয়া ক’ভিডত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। ক’ভিড লক্ষণে দেখা দিয়াৰ পাছতো পৰীক্ষাৰ অবিহনে ঘূৰা-ফুৰা কৰিছে বহু লোকে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.