ETV Bharat / bharat

Speaker of Maharashtra assembly:মহাৰাষ্ট্ৰ বিধানসভাৰ নতুন অধ্যক্ষ ৰাহুল নাৰ্ভেকাৰ

author img

By

Published : Jul 3, 2022, 2:16 PM IST

maharashtra
Speaker of Maharashtra:মহাৰাষ্ট্ৰ বিধানসভাৰ নতুন অধ্যক্ষ ৰাহুল নাৰ্ভেকাৰ

বিগত কিছুদিন ধৰি মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ চলা যুঁজখনৰ অন্ত পৰাৰ পিছত বিজেপি বিধায়ক ৰাহুল নাৰ্ভেকাৰ মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয় (Rahul Narvekar elected as Maharashtra Assembly Speaker)। নাৰ্ভেকাৰে বিধানসভাত লাভ কৰে ১৬৪ টা ভোট ।

নেচনেল ডেস্ক,৩জুলাই: একনাথ সিন্দেই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ কেইদিনমান পিছতে দেওবাৰে বিজেপি বিধায়ক ৰাহুল নাৰ্ভেকাৰ মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয় (Rahul Narvekar elected as Maharashtra Assembly Speaker)। পুৱা ১১ বজাত সদনৰ কাৰ্যক্ৰম আৰম্ভ হোৱাৰ পিছত অনুষ্ঠিত হয় নিৰ্বাচন। নাৰ্ভেকাৰে বিধানসভাত ১৬৪ টা ভোট লাভ কৰে। তেওঁ শিৱসেনা-এনচিপি-কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী সেনাৰ বিধায়ক আৰু উদ্ধৱ ঠাকৰেৰ অনুগত ৰাজেন চালভিৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছিল ( Rajan Salvi defeated)।প্ৰথমবাৰৰ বাবে বিজেপি তথা কোলাবাৰ বিধায়ক নাৰ্ভেকাৰে সেনাৰ বিধায়ক আৰু উদ্ধৱ ঠাকৰেৰ অনুগত চালভিক পৰাস্ত কৰিবলৈ সক্ষম হৈছে ।

ইপিলে,মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছেও নিৰ্বাচনত ভোট দান কৰে (Chief minister Eknath Shinde and deputy chief minister Devendra Fadnavis voted)।অৱশ্যে সমাজবাদী পাৰ্টি (এছপি)য়ে বিজেপি প্ৰাৰ্থী নাৰ্ভেকাৰৰ বিৰুদ্ধে ভোটদানৰ পৰা বিৰত থাকে । ইয়াৰে দুয়োজন বিধায়ক আবু আজমী আৰু ৰইছ শ্বেখ মুৰ গণনাৰ সময়ত বহি থাকে। ইপিনে, এআইএমআইএমৰ বিধায়কসকলেও ভোটদানৰ পৰা বিৰত থাকে ।

ভোটদানৰ পিছত বিধানসভাৰ উপাধ্যক্ষ নৰহৰি সীতাৰাম জিৰৱালে কয় যে শিৱসেনাৰ বিধায়কসকলে হুইপৰ বিৰুদ্ধে ভোট দিছিল । সকলো প্ৰক্ৰিয়া ভিডিঅ' ৰেকৰ্ড কৰা হৈছে । যিসকলে দলৰ হুইপৰ বিৰুদ্ধে ভোট দিছে তেওঁলোকৰ নাম লিপিবদ্ধ কৰা হ'ব ।

উল্লেখ্য় যে নাৰ্ভেকাৰৰ জন্ম আৰু ডাঙৰ-দীঘল হৈছে দক্ষিণ মুম্বাইৰ কোলাবা অঞ্চলত । তেওঁৰ ভ্ৰাতৃ মকৰন্দ কোলাবাৰ এজন কৰ্পোৰেটৰ। নাৰ্ভেকাৰ হৈছে এনচিপিৰ জ্যেষ্ঠ নেতা ৰামৰাজে নায়েক-নিম্বলকাৰৰ জোৱাই। তেওঁ প্ৰাৰম্ভিক বছৰকেইটাত শিৱসেনাৰ যুৱ শাখাৰ মুখপাত্ৰ আছিল । পাছত দল ত্যাগ কৰি ২০১৪ চনত এনচিপিত যোগদান কৰে । অৱশ্য়ে নাৰ্ভেকাৰে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত মাভালৰ পৰা প্ৰতিদ্বন্দিতা কৰি শিৱসেনাৰ শ্ৰীৰং আপ্পা বাৰ্ণেৰ হাতত পৰাজিত হৈছিল। নাৰ্ভেকাৰে কোলাবাৰ পৰা ২০১৯ ৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰিছিল।তেওঁ কোলাবাৰ পৰা বিধানসভা নিৰ্বাচনত জয়ী হৈছিল কংগ্ৰেছৰ অশোক জগতাপক পৰাস্ত কৰিছিল।

লগতে পঢ়ক:etv comment image Thumbnail image President election: ৰাষ্ট্ৰপতি নিৰ্বাচনত দ্ৰৌপদীক সমৰ্থন জনাব এআইএডিএমকেয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.