ETV Bharat / bharat

বিহাৰৰ মোতিহাৰীত যাত্ৰীবাহী ৰে’লত লাগিল জুই

author img

By

Published : Jul 3, 2022, 2:02 PM IST

বিহাৰৰ অন্তৰ্গত মোতিহাৰীত যাত্ৰীবাহী ৰে’লত অগ্নিকাণ্ড সংঘটিত (Demo Train engine caught fire in Motihari)৷ ৰক্সাউল-নাৰকটীয়াগঞ্জ ৰে’ল ছেকচনৰ ভেলৱা ষ্টেচনৰ সমীপত হঠাতে ডি ই এম ইউ (DEMU train engine caught fire) ৰে’লৰ ইঞ্জিনত সংঘটিত হয় এক অগ্নিকাণ্ড। কিন্তু ইঞ্জিনৰ জুই অধিক বিয়পি নপৰাত সৌভাগ্য ক্ৰমে ৰক্ষা পৰে ৰে’লৰ যাত্ৰীসকলৰ জীৱন ।

demu-train-engine-caught-fire-in-motihari
বিহাৰৰ অন্তৰ্গত মতিহাৰীত যাত্ৰীবাহী ৰে’লত লাগিল জুই

নিউজ ডেস্ক, 3 জুলাই: বিহাৰৰ অন্তৰ্গত মোতিহাৰীত যাত্ৰীবাহী ৰে’লত লাগিল জুই (Demo Train engine caught fire in Motihari) ৷ ৰক্সাউল-নাৰকটীয়াগঞ্জ ৰে’ল ছেকচনৰ ভেলৱা ষ্টেচনৰ সমীপত হঠাতে ডি ই এম ইউ (DEMU train engine caught fire) ৰে’লৰ ইঞ্জিনত সংঘটিত হয় এক অগ্নিকাণ্ড। যাৰ বাবে ৰে’লত বহি থকা যাত্ৰীসকলৰ মাজত সৃষ্টি হয় হুৱা দুৱাৰ ৷ ৰক্সাউল জংচনৰ পৰা নৰকটীয়াগঞ্জলৈ গৈ আছিল ৰে’লখন । পুৱা ৫:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা ৷

অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই । কিন্তু ইঞ্জিনৰ জুই অধিক বিয়পি নপৰাত সৌভাগ্য ক্ৰমে ৰক্ষা পৰে ৰে’লৰ যাত্ৰীসকলৰ জীৱন । আৰ পি এফ আৰু জি আৰ পি ৰক্সাউলৰ বিষয়া-জোৱান সকলে উক্ত ঘটনাৰ তথ্য লাভ কৰি সেই স্থানত উপস্থিত হয় আৰু অগ্নিকাণ্ড নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখে ।

বিহাৰৰ মতিহাৰীত যাত্ৰীবাহী ৰে’লত লাগিল জুই

উল্লেখ্য যে, এই ঘটনাৰ বাবে ৰক্সাউল-নাৰকটীয়াগঞ্জ অংশত ৰে’লৰ চলাচল তৎক্ষণাত ভাৱে বন্ধ কৰি দিয়া হৈছে । ০৫৫৪১ নম্বৰ ৰে’লখন ৰক্সাউল-নাৰকটীয়াগঞ্জ হৈ ছিকতা ৰে’ল ছেকচন, ৩৯ দলঙৰ সমীপত ভেলোৱা ষ্টেচনৰ সমীপত ৰে’লখনৰ ইঞ্জিনত অগ্নিকাণ্ড সংঘটিত হৈছিল ।

লগতে পঢ়ক: 48 দিন পাছত লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথত চলিল যাত্ৰীবাহী ৰে’ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.