ETV Bharat / state

টিংখাঙত শেষকৃত্য সম্পন্ন প্ৰখ্যাত লোকবাদ্য শিল্পী তুলসী ওজাৰ

author img

By

Published : Jul 3, 2022, 2:09 PM IST

Updated : Jul 3, 2022, 3:18 PM IST

tribute-to-tulasi-ojha
tribute-to-tulasi-ojha

লোকবাদ্যৰ সাধক, ঢোল যাদুকৰ তুলসী ওজা আৰু নাই । টিংখাঙৰ ভালুকমাৰীৰ নিজা বাসগৃহত শনিবাৰে নিশা শেষকৃত্য সম্পন্ন হয় তুলসী ওজাৰ (Tribute to Tulasi Ojha) ৷

টিংখাং, 3 জুলাই : যৱনিকা পৰিল এক যুগৰ ৷ অসমবাসীক কন্দুৱাই পঞ্চভূতত বিলীন হ'ল প্ৰখ্যাত লোকশিল্পী তুলসী ওজাৰ নশ্বৰ দেহ (Tribute to Tulasi Ojha)৷ টিংখাঙৰ ভালুকমাৰীৰ নিজা বাসগৃহত শনিবাৰে নিশা শেষকৃত্য সম্পন্ন হয় লোকবাদ্যৰ সাধক, ঢোল যাদুকৰ তুলসী ওজাৰ ৷

দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত শণিবাৰে পুৱা ৬ বজাত মৃত্যু হয় লোকবাদ্যৰ সাধক গৰাকীৰ । গুৱাহাটীৰ বি. বৰুৱা কেন্সাৰ হাস্পতালত (B Borooah Cancer institute) চিকিৎসাধীন অৱস্থাত প্ৰায় ৯০ বছৰ বয়সত মৃত্যু হয় ওজাৰ (Tulasi Ojha passes away)।

নিশা ভালুকমৰাস্থিত নিজা বাসগৃহলৈ ওজাৰ নশ্বৰ দেহ লৈ যোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়৷ আছু, বিহু সুৰক্ষা সমিতিকে আদি কৰি বিভিন্ন দল-সংগঠনৰ লগতে অঞ্চলটোৰ অজস্ৰ গুণমুগ্ধই শিল্পীজনলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

টিংখাঙত শেষকৃত্য সম্পন্ন ঢোল সম্ৰাট তুলসী ওজাৰ

উল্লেখযোগ্য অসমৰ সংস্কৃতিক বিশ্ব দৰবাৰত উজ্বলাই তুলিবলৈ সক্ষম হৈছিল তুলসী ওজা । এটা সময়ত ঢোলৰ চেঁৱৰ যাদুৰে বিশ্ববাসীৰ মন জয় কৰিবলৈ সক্ষম হোৱা এইগৰাকী মহান শিল্পী অৰ্থৰ অভাৱত বহুত দিন ঘৰৰ বিচনাতে দিন কটাইছিল । কান্ধত ঢোল লৈ জগত জিনি এশৰো অধিক বঁটা আৰু সম্বৰ্দ্ধনাৰে সম্বৰ্ধিত এইগৰাকী ওজাৰ মহাপ্ৰয়াণত ৰাজ্যজুৰি শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে । অসমৰ ঢুলীয়া সংস্কৃতিৰ অন্যতম ধ্বজাবাহকগৰাকীৰ মৃত্যুত ৰাজ্যৰ বিভিন্ন দল-সংগঠন, ব্যক্তি বিশেষৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো শোক প্ৰকাশ কৰিছে ৷

এসময়ত দুখন হাতৰ যাদুৰে হাজাৰ-হাজাৰ লোকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল টিংখাঙৰ ভালুকমৰা গাঁৱৰ লোকবাদ্য শিল্পী তুলসী ওজাই ৷ অসমৰ ঢুলীয়া সংস্কৃতিক কেৰেলা, হায়দৰাবাদ, নাগপুৰ, কলকতাকে ধৰি বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নি সন্মান বুটলা তুলসী ওজাক ২০০৮ চনত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিমা পাণ্ডে বঁটাৰ লগতে ২০১৯ চনত শিল্পী সমাজ অসমে শিল্পৰত্ন অসম বঁটাৰে সন্মানিত কৰা হৈছিল ৷

মৃত্যুৰ সময়ত শিল্পীগৰাকীয়ে পত্নী, এজন পুত্ৰ, বোৱাৰী, নাতি-নাতিনীৰ সৈতে অজস্ৰ গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায় । শিল্পী পেঞ্চন প্ৰাপ্ত বৰেণ্য শিল্পীজনৰ সপোনবোৰক অনাগত দিনত আগবঢ়াই নিয়াৰ বাবে সকলোকে প্ৰচেষ্টা ল'বলৈ আহ্বান জনায় আছু তথা গুণমুগ্ধ সকলে ৷

লগতে পঢ়ক : বিশ্ব দৰবাৰত অসমীয়া সংস্কৃতি উজ্বলাই তোলা ঢোলৰ ওজা তুলসী ওজাৰ মহাপ্ৰয়াণ

Last Updated :Jul 3, 2022, 3:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.