বিশ্ব দৰবাৰত অসমীয়া সংস্কৃতি উজ্বলাই তোলা ঢোলৰ ওজা তুলসী ওজাৰ মহাপ্ৰয়াণ

author img

By

Published : Jul 2, 2022, 5:10 PM IST

Tulasi Ojha passes away

লোকবাদ্যৰ সাধক, ঢোল সম্ৰাট তুলসী ওজা আৰু নাই । দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত শণিবাৰে পুৱা ৬ বজাত মৃত্যু হয় লোকবাদ্যৰ সাধক গৰাকীৰ । গুৱাহাটীৰ বি. বৰুৱা কেন্সাৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত প্ৰায় ৯০ বছৰ বয়সত মৃত্যু হয় ওজাৰ (Tulasi Ojha passes away)।

গুৱাহাটী/মৰাণ: বৰেণ্য ঢোলৰ ওজা, অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপক, লোকশিল্পী তুলসী ওজাৰ দেহাৱসান । শনিবাৰে পুৱা 6 বজাত গুৱাহাটীৰ বি.বৰুৱা হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে । কৰ্কট ৰোগত আক্ৰান্ত হৈ যোৱা ২২ জুনৰ পৰা ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত(B Borooah Cancer institute) চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ (Tulasi Ojha passes away)।

উল্লেখযোগ্য অসমৰ সংস্কৃতিক বিশ্ব দৰবাৰত উজ্বলাই তুলিবলৈ সক্ষম হৈছিল তুলসী ওজা । এটা সময়ত ঢোলৰ চেঁৱৰ যাদুৰে বিশ্ববাসীৰ মন জয় কৰিবলৈ সক্ষম হোৱা এইগৰাকী মহান শিল্পী অৰ্থৰ অভাৱত বহুত দিন ঘৰৰ বিচনাতে দিন কটাইছিল । কান্ধত ঢোল লৈ জগত জিনি এশৰো অধিক বঁটা আৰু সম্বৰ্দ্ধনাৰে সম্বৰ্দ্ধিত এইগৰাকী ওজাৰ মহাপ্ৰয়াণত ৰাজ্যজুৰি শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে ।

ঢোলৰ ওজা তুলসী ওজাৰ মহাপ্ৰয়াণ

বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা শ্ৰদ্ধাঞ্জলী জনোৱা হয় শিল্পীগৰাকীলৈ ৷ বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানৰ পৰা তেখেতৰ মৃতদেহ লৈ যোৱা হয় টিংখাঙৰ ভালুকমৰা গাঁওস্থিত নিজা বাসগৃহলৈ ৷ অসমৰ ঢুলীয়া সংস্কৃতিৰ অন্যতম ধ্বজাবাহকগৰাকীৰ মৃত্যুত ৰাজ্যৰ বিভিন্ন দল-সংগঠন, ব্যক্তি বিশেষৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো শোক প্ৰকাশ কৰিছে ।

উল্লেখ্য যে, এসময়ত দুখন হাতৰ যাদুৰে হাজাৰ-হাজাৰ লোকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল টিংখাঙৰ ভালুকমৰা গাঁৱৰ লোকবাদ্য শিল্পী তুলসী ওজাই ৷ অসমৰ ঢুলীয়া সংস্কৃতিক কেৰেলা, হায়দৰাবাদ, নাগপুৰ, কলকতাকে ধৰি বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নি সন্মান বুটলা তুলসী ওজাক প্ৰতিমা পাণ্ডে বঁটাৰেও সন্মানিত কৰা হৈছিল৷

মৃত্যুৰ সময়ত শিল্পীগৰাকীয়ে পত্নী, এজন পুত্ৰ, বোৱাৰী, নাতি-নাতিনীৰ সৈতে অজস্ৰ গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায় ।

লগতে পঢ়ক: Actor Kishor Das passes away: জনপ্ৰিয় অভিনেতা কিশোৰ দাস আৰু নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.