ETV Bharat / bharat

ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতালে LeTৰ দুই দুৰ্ধৰ্ষ উগ্ৰপন্থী

author img

By

Published : Jul 3, 2022, 1:48 PM IST

জম্মু-কাশ্মীৰত উগ্ৰপন্থীৰ মুক্ত বিচৰণ । সমানে উগ্ৰপন্থীৰ বিৰুদ্ধে চলি আছে অবিৰত অভিযান । স্থানীয় বাসিন্দাও সৰৱ হৈছে উগ্ৰপন্থীৰ বিৰুদ্ধে । ৰিয়াচীত স্থানীয় ৰাইজে কৰায়ত্ব কৰে দুটাকৈ দুধৰ্ষ LET ৰ উগ্ৰপন্থীক(militants overpowered by villagers) ।

two militants arrested in reasi with weapons
ৰিয়াচীত স্থানীয় ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতালে LET ৰ দুই দুধৰ্ষ উগ্ৰপন্থীক

নেশ্যনেল ডেস্ক,৩ জুলাই: উগ্ৰপন্থীৰ বিৰুদ্ধে জম্মু-কাশ্মীৰত অব্যাহত অভিযান । উগ্ৰপন্থী বিৰোধী অভিযানত নামি পৰিছে এতিয়া সাধাৰণ জনতাও((militants overpowered by villagers) । ৰিয়াচীত স্থানীয়ে ৰাইজে কৰায়ত্ব কৰে লস্কৰ ই-তৈবাৰ দুটাকৈ উগ্ৰপন্থীক । কৰায়ত্ব কৰি গতাই দিয়ে ৰিয়াচী আৰক্ষীক(LET militants arrested in Reasi) ।

দেওবাৰে জম্মু-কাশ্মীৰৰ ৰিয়াচিত কৰায়ত্ব কৰা লস্কৰ-ই-তৈবাৰ উগ্ৰপন্থী দুটাৰ বিতৰত এটা মষ্ট ওৱান্টেড উগ্ৰপন্থী কামাণ্ডাৰ তথা আনজন কাশ্মীৰৰ পুলুৱামাৰ এ কেটেগুৰিৰ উগ্ৰপন্থী বুলি জানিব পৰা গৈছে । ৰাজৌৰী জিলাৰ বাসিন্দা তথা জিলাখনত শেহতীয়াকৈ হোৱা বিস্ফোৰণৰ মূল মাষ্টাৰমাইণ্ড LET কামাণ্ডাৰ তথা আনজন পুলুৱামাৰ এ কেটেগুৰিৰ উগ্ৰপন্থী ফাইজাল আহমেদ বুলি চিনাক্ত কৰা হৈছে ।

উগ্ৰপন্থী দুটাৰ পৰা দুটা এ কে এছল্ট ৰাইফল, সাতটা গ্ৰেনেড তথা এটা পিষ্টল উদ্ধাৰ হৈছে বুলি আৰক্ষী বিষয়াই সদৰি কৰে(Two militants arrested in Reasi with weapons) । ইফালে গাঁওবাসীৰ এই সাহসীকতাৰ শলাগ লয় আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই । গাঁওবাসীলৈ নগদ ২ লাখ টকা ঘোষণা কৰে আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে ।

লগতে পঢ়ক: CM Yogi at Hyderabad : পুৱাই হায়দৰাবাদৰ ভাগ্যলক্ষ্মী মন্দিৰ দৰ্শন যোগী আদিত্যনাথৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.