ETV Bharat / city

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jun 3, 2022, 3:04 PM IST

news-at-3
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

বিধায়ক পৃথ্বীৰাজ ৰাভাৰ ব্যতিক্ৰমী ৰূপ: শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীক কৰিলে পাঠদান

বিধায়কৰ ব্যতিক্ৰমী ৰূপ ৷ তেজপুৰত আজি তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ দ্বিতীয় দিনৰ দিনা ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিলে বিধায়ক পৃথ্বীৰাজ ৰাভাই (MLA Prithviraj Rabha teaching students )। তেজপুৰ বেংগলী বালক উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ ছাত্ৰী সকলৰ লগত মত বিনিময় কৰাৰ লগতে ছাত্ৰ ছাত্ৰী সকলক পাঠদান কৰে বিধায়কগৰাকীয়ে ৷

ৰাইজৰ প্ৰতি থকা দায়বদ্ধতা পাহৰিছে একাংশ আৰক্ষীয়ে

ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ প্ৰতিবেদনত প্ৰকাশ আৰক্ষীৰ আচৰণ (Assam Police conduct revealed) । আৰক্ষীৰ বিৰুদ্ধে ২৩০ টা অভিযোগ । অসম আৰক্ষীৰ বিৰুদ্ধে ৫৫ টা গুৰুতৰ অসদাচৰণ আৰু ১৭৫ টা অসদাচৰণৰ ঘটনা । এজাহাৰৰ ভিত্তিত ৰুজু হোৱা গোচৰ তলৰ পৰ্যায়ৰ বিষয়াৰ পৰিৱৰ্তে উচ্চ পৰ্যায়ৰ বিষয়াৰ দ্বাৰা তদন্ত কৰোৱাৰ পৰামৰ্শ আয়োগৰ ।

World Bicycle Day : তেজপুৰ মহাবিদ্যালয়ৰ পৰা চাইকেল ৰেলীৰে বিশ্ব চাইকেল দিৱস উদযাপন

আজি বিশ্ব চাইকেল দিৱস ৷ জুন মাহৰ ৩ তাৰিখে বিশ্ব জুৰি পালন কৰে এই বিশ্ব চাইকেল দিৱস । আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰ আৰু ৰঙিয়াটো উদযাপন কৰা হৈছে বিশ্ব চাইকেল দিৱস (World Cycle Day celebrated at Tezpur and Rangia) ৷

Uproar at Lumding Railway Hospital : লামডিঙৰ ৰে'লৱে চিকিৎসালয়ত উত্তেজনা

চিকিৎসালয়ত ভৰ্তি হৈ থকা এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা লামডিঙত (Uproar at Railway Hospital in Lumding)। চিকিৎসকৰ হেমাহিৰ বাবে ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ । ৰোগীজন লামডিং ল'ক' কলনিৰ বি নাৰছিং বুলি জানিব পৰা গৈছে ।

Victory of Dhami: গাদী ৰক্ষাৰ যুঁজত সফল হ'ল পুষ্কৰ সিং ধামী

আত্মসন্মান ৰক্ষা কৰিবলৈ সক্ষম হ'ল উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী (Pushkar Singh Dhami wins Champawat assembly byelection)। উত্তৰাখণ্ডৰ উপ নিৰ্বাচনত বৃহৎ সংখ্যক ভোটত জয়লাভ ধামীৰ । কংগ্ৰেছৰ প্ৰাৰ্থী নিৰ্মলা গহতোৰীক প্ৰায় ৫৪ হাজাৰ ভোটত পৰাস্ত ।

কাশ্মীৰত উগ্ৰপন্থীৰ গুলীত মৃত্যু বহিঃৰাজ্যৰ এজন শ্ৰমিক, এজন আহত

কাশ্মীৰত উগ্ৰপন্থীৰ টাৰ্গেট হৈছে নেকি বহিঃৰাজ্যৰ শ্ৰমিক? ৰাজস্থানৰ ঘটনা মাৰ নৌযাওঁতেই পুনৰ জম্মু কাশ্মীৰৰ বাদগামত গুলীচালনাৰ ঘটনা (Migrant worker shot dead by terrorists in Budgam) ৷ উগ্ৰপন্থীৰ গুলীত প্ৰাণ হেৰুৱালে বহিঃৰাজ্যৰ এজন শ্ৰমিকে (Migrant worker shot dead by terrorist) ৷

KAAC নিৰ্বাচনৰ পাছতে হ’ব অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ

মন্ত্ৰীসভা সম্প্ৰসাৰণ সন্দৰ্ভত পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা । ক্ষুদ্ৰ সম্প্ৰসাৰণ হ'ব মন্ত্ৰীসভাৰ (Small expansion of Assam cabinet)। কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ পাছতে এই সন্দৰ্ভত চিন্তা কৰিব মুখ্যমন্ত্ৰীয়ে ।

মহানগৰবাসীক খোৱাপানীৰ যোগানৰ নামত বোকাপানী যোগান পৌৰ নিগমৰ

এটুপি পৰিষ্কাৰ পানীৰ বাবে এতিয়া হাহাকাৰ কৰিব লগাত পৰিছে মহানগৰবাসী (Muddy Water Supply By GMC Irks Guwahati Residents) ৷ বিগত কেইবাদিন ধৰি একেৰাহে হৈ থকা মুষলধাৰ বৰষুণৰ বাবে এতিয়া বোকা তথা লেতেৰা পানীৰে নিত্য নৈমিতিক কাম কৰিব লগাত পৰিছে মহানগৰবাসীয়ে ৷ যাৰ ফলত ক্ষোভিত হৈ পৰিছে এতিয়া মহানগৰবাসী ৷

গ্ল’বেল আইকন প্ৰিয়ংকা চোপ্ৰাৰ ভগ্নী মীৰা চোপ্ৰাক দেখি আপুনিও পৰিব প্ৰেমত

কাঁ মহোৎসৱত খলকনি তোলা মীৰা চোপ্ৰাৰ কেইটামান ব’ল্ড লুক আপোনালোকলৈ আগবঢ়ালো-

Border terrorism go 'Scot-free': ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত উদ্বেগ প্ৰকাশ ভাৰতৰ

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত সন্ত্ৰাসবাদ সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য ভাৰতৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী আৰ আৰ সিঙৰ (Minister R R Singh at UNSC)। সন্ত্ৰাসবাদৰ ৰাজ্যিক পৃষ্ঠপোষকসকলক মুক্ত হ'বলৈ অনুমতি দিছে । যাক লৈ দুখ প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে । আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক এই ক্ষেত্ৰত দায়বদ্ধ হ'বলৈ আহ্বান ভাৰতৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.