ETV Bharat / state

বিধায়ক পৃথ্বীৰাজ ৰাভাৰ ব্যতিক্ৰমী ৰূপ: শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীক কৰিলে পাঠদান

author img

By

Published : Jun 3, 2022, 2:22 PM IST

বিধায়কৰ ব্যতিক্ৰমী ৰূপ ৷ তেজপুৰত আজি তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ দ্বিতীয় দিনৰ দিনা ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিলে বিধায়ক পৃথ্বীৰাজ ৰাভাই (MLA Prithviraj Rabha teaching students )। তেজপুৰ বেংগলী বালক উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ ছাত্ৰী সকলৰ লগত মত বিনিময় কৰাৰ লগতে ছাত্ৰ ছাত্ৰী সকলক পাঠদান কৰে বিধায়কগৰাকীয়ে ৷

MLA Prithviraj Rabha teaching students in classroom
বিধায়কৰ ব্যতিক্ৰমী ৰূপ: শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিলে পৃথ্বীৰাজ ৰাভাই

তেজপুৰ, 3 জুন : বিধায়কৰ ব্যতিক্ৰমী ৰূপ৷ তেজপুৰত আজি তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ দ্বিতীয় দিনৰ দিনা ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিলে বিধায়ক পৃথ্বীৰাজ ৰাভাই (MLA Prithviraj Rabha teaching students ) । তেজপুৰ বেংগলী বালক উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ ছাত্ৰী সকলৰ লগত মত বিনিময় কৰাৰ লগতে ছাত্ৰ ছাত্ৰী সকলক পাঠদান কৰে বিধায়কগৰাকীয়ে ৷

জিলাখনৰ মুঠ চাৰিটা ব্লকৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ ১,৪৩,১০৮ গৰাকী ছাত্ৰ ছাত্ৰীক লৈ এই মুল্যাংকন ব্যৱস্থা কৰা হয় । শোণিতপুৰ জিলাত হৈ থকা তৃতীয় পৰ্যায়ৰ গুণোৎসৱত তেজপুৰ সদৰ চিলভাৰ জুবলি প্ৰাথমিক বিদ্যালয়ত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব প্ৰবন কুমাৰ বৰঠাকুৰ আৰু আয়ুক্ত আকাশ দ্বীপ উপস্থিত থাকে ।

শুকুৰবাৰে তেজপুৰ সদৰৰ গাভৰু ব্লকত ৩১৩৯৭ গৰাকী মুঠ ছাত্ৰ ছাত্ৰী উপস্থিত থাকে । বিধায়কগৰাকীয়ে ছাত্ৰ ছাত্ৰী সকলৰ মাজত উপস্থিত হৈ নষ্টালজিক হৈ পৰে৷ পুৰণা শৈক্ষিক পৰিৱেশৰ মাজত নিজকে আকৌ এবাৰ ঘূৰাই পাই বিধায়ক অভিভূত হৈ পৰে বিধায়ক ৰাভা ।

লগতে পঢ়ক : World Anti-Tobacco Day: তেজপুৰত বিশ্ব ধঁপাত বিৰোধী দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.