ETV Bharat / city

World Bicycle Day : তেজপুৰ মহাবিদ্যালয়ৰ পৰা চাইকেল ৰেলীৰে বিশ্ব চাইকেল দিৱস উদযাপন

author img

By

Published : Jun 3, 2022, 2:25 PM IST

আজি বিশ্ব চাইকেল দিৱস ৷ জুন মাহৰ ৩ তাৰিখে বিশ্ব জুৰি পালন কৰে এই বিশ্ব চাইকেল দিৱস । আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰ আৰু ৰঙিয়াটো উদযাপন কৰা হৈছে বিশ্ব চাইকেল দিৱস (World Cycle Day celebrated at Tezpur and Rangia) ৷

world-cycle-day-celebrated-by-cycle-rally-from-tezpur-college
World Bicycle Day : তেজপুৰ মহাবিদ্যালয়ৰ পৰা চাইকেল ৰেলীৰে বিশ্ব চাইকেল দিৱস উদযাপন

তেজপুৰ/ৰঙিয়া, 3 জুন : আজি বিশ্ব চাইকেল দিৱস ৷ জুন মাহৰ ৩ তাৰিখে বিশ্ব জুৰি পালন কৰে এই বিশ্ব চাইকেল দিৱস । আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰ আৰু ৰঙিয়াটো উদযাপন কৰা হৈছে বিশ্ব চাইকেল দিৱস (World Cycle Day celebrated at Tezpur and Rangia) ৷

তেজপুৰ মহাবিদ্যালয়ৰ পৰা মাইলছ ৱিথ চাইকেল নামৰ সংগঠনৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ ৩০ জনীয়া চাইকেল আৰোহীৰ দল এটাই তেজপুৰ চহৰৰ পৰা শিল ঘাটলৈ চাইকেল ৰেলী উলিয়াই দিৱস উদযাপন কৰে ৷ তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই এই ৰেলীৰ ফ্লেগ অফ কৰাৰ লগতে সকলোকে চাইকেল চলাবলৈ আহ্বনা কৰে৷ৰাভাই কয় যে , দুই শতিকাৰ পৰা "চাইকেলখনৰ স্বকীয়তা, দীৰ্ঘম্যাদীতা আৰু বহুমুখীতা ব্যৱহৃত হৈ আহিছে৷ চাইকেল পৰিবহনৰ এক সৰল, সুলভ, নিৰ্ভৰযোগ্য, পৰিষ্কাৰ আৰু পাৰিপাৰ্শ্বিকভাৱে উপযুক্ত বহনক্ষম উপায়। সমাজৰ বাবে চাইকেল অতিকৈ গুৰুত্বপূৰ্ণ ৷"

World Cycle Day celebrated by cycle rally from Tezpur College
আজি বিশ্ব চাইকেল দিৱস

ইফালে ডাঃ নৱনিতা বৰাই চাইকেল দিৱসৰ বিষয়ে কয় যে সকলোৱে চাইকেল খনৰ নিতৌ ব্যৱহাৰে যাতায়তৰ ক্ষেত্ৰত ইন্ধনৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰা লোকসকলৰ লগতে বিভিন্ন ৰোগত আক্ৰান্ত ৰোগী সকলকো কিছু পৰিমানে সকাহ দিব ৷ এসময়ৰ আভিজাত্যৰ প্ৰতীক এই বাহনখন বৰ্তমান সু স্বাস্থ্যৰ বাবে অতিকৈ উপযোগী আহিলা ৷ পৃথিৱীৰ প্ৰতিটো প্ৰান্ততেই সহজলভ্য এই চাইকেল খন নিতৌ কিছু সময় চলালেই শৰীৰটোৰ পূৰ্ণ কছৰৎ হয় বুলি চিকিৎসা বিজ্ঞানে কয়। আজিকালি তেনেই সাধাৰণ যেন লগা মধুমেহ আৰু উচ্চ ৰক্তচাপৰ দৰে ৰোগৰ ক্ষেত্ৰত নিতৌ চাইকেলৰ ব্যৱহাৰে যথেষ্ট প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক : World Anti-Tobacco Day: তেজপুৰত বিশ্ব ধঁপাত বিৰোধী দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.