ETV Bharat / state

ৰাইজৰ প্ৰতি থকা দায়বদ্ধতা পাহৰিছে একাংশ আৰক্ষীয়ে

author img

By

Published : Jun 3, 2022, 2:32 PM IST

ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ প্ৰতিবেদনত প্ৰকাশ আৰক্ষীৰ আচৰণ (Assam Police conduct revealed) । আৰক্ষীৰ বিৰুদ্ধে ২৩০ টা অভিযোগ । অসম আৰক্ষীৰ বিৰুদ্ধে ৫৫ টা গুৰুতৰ অসদাচৰণ আৰু ১৭৫ টা অসদাচৰণৰ ঘটনা । এজাহাৰৰ ভিত্তিত ৰুজু হোৱা গোচৰ তলৰ পৰ্যায়ৰ বিষয়াৰ পৰিৱৰ্তে উচ্চ পৰ্যায়ৰ বিষয়াৰ দ্বাৰা তদন্ত কৰোৱাৰ পৰামৰ্শ আয়োগৰ ।

Assam Police conduct revealed
ৰাইজৰ প্ৰতি থকা দায়বদ্ধতা পাহৰিছে একাংশ আৰক্ষীয়ে

গুৱাহাটী, ৩ জুন : জনহিত জনসেৱাৰ্থে নিয়োজিত হৈ থকা অসম আৰক্ষীৰ বিৰুদ্ধে প্ৰায়ে বিভিন্ন অভিযোগ উত্থাপিত হৈ অহাটো কোনো নতুন কথা নহয় । একাংশ আৰক্ষী বিষয়া তথা আৰক্ষী জোৱানৰ আচৰণ-ব্যৱহাৰৰ বাবে অসম আৰক্ষীৰ খাকী পোছাকত দাগ নলগাকৈ থকা নাই ।

Assam Police conduct revealed
ৰাইজৰ প্ৰতি থকা দায়বদ্ধতা পাহৰিছে একাংশ আৰক্ষীয়ে

ৰাইজৰ সেৱাৰ বাবে নিয়োজিত কিছু সংখ্যক অসম আৰক্ষীয়ে ৰাইজৰ প্ৰতি থাকিবলগীয়া দায়বদ্ধতা পাহৰি পেলোৱাৰ কথা পুনৰবাৰ পোহৰলৈ আহিল ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ প্ৰতিবেদনত (Assam Police conduct revealed) । আয়োগে অসম আৰক্ষীয়ে কৰা ৫৫ টা গুৰুতৰ অসদাচৰণ আৰু ১৭৫ টা অসদাচৰণৰ ঘটনা প্ৰতিবেদনত উল্লেখ কৰিছে (State police accountability commission report)।

Assam Police conduct revealed
ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ প্ৰতিবেদন

নগাঁৱত ছাত্ৰ সন্থাৰ সদস্য কীৰ্তিকমল বৰাক এনকাউণ্টাৰ কৰি আহত কৰাৰ দৰে শেহতীয়াকৈ সোণাৰিত আৰক্ষীৰ গুলীত আলফা সদস্যৰ সন্দেহত আহত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা সুৰজ গগৈৰ পত্নীক চৰকাৰী সাহায্য আগবঢ়োৱা কাৰ্যই অসম আৰক্ষীৰ সেই এনকাউণ্টাৰ যে ভুল আছিল, সেই কথা উদঙাই দিছে । আৰক্ষীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ বহু অভিযোগ উত্থাপন হৈ আহিছে ।

Assam Police conduct revealed
ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ প্ৰতিবেদনত প্ৰকাশ আৰক্ষীৰ আচৰণ

আৰক্ষীৰ বিৰুদ্ধে থকা অভিযোগসমূহ গ্ৰহণ কৰি যথোপযুক্ত ব্যৱস্থা লোৱাৰ পৰামৰ্শ দিবলৈ ২০০৭ চনৰ এখন আইনৰ অধীনত ৰাজ্য চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা আৰক্ষী দায়বদ্ধতা আয়োগ গঠন কৰি আহিছে । একাংশ আৰক্ষী বিষয়াৰ ৰাইজৰ প্ৰতি থাকিবলগীয়া দায়বদ্ধতাৰ প্ৰতি প্ৰশ্ন তুলি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি পি কটকী আয়োগে ২০২০ চনৰ বাৰ্ষিক প্ৰতিবেদন অলপতে ৰাজ্য চৰকাৰক দাখিল কৰিছে ।

লগতে পঢ়ক : কাশ্মীৰত উগ্ৰপন্থীৰ গুলীত মৃত্যু বহিঃৰাজ্যৰ এজন শ্ৰমিক, এজন আহত

জানিব পৰা মতে, আৰক্ষী দায়বদ্ধতা আয়োগৰ ওচৰতআৰক্ষীৰ বিৰুদ্ধে মুঠ ২০০ টা অভিযোগ দাখিল হৈছিল । এই অভিযোগসমূহৰ ভিতৰত ৫৫ টা গুৰুতৰ অসদাচৰণ আৰু ১৭৫ টা অসদাচৰণৰ ঘটনা প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে । ইয়াৰ ভিতৰত আৰক্ষীৰ জিম্মাত দুজনৰ মৃত্যু, এজনক গুৰুতৰভাৱে আহত কৰা, আৰক্ষীৰ দ্বাৰা যৌন আতিশয্য, বলাৎকাৰ আৰু বলাৎকাৰৰ চেষ্টা চলোৱাৰ দুটা ঘটনাৰ কথা আৰক্ষী দায়বদ্ধতা আয়োগৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

Assam Police conduct revealed
আৰক্ষীৰ বিৰুদ্ধে ২৩০ টা অভিযোগ

তদুপৰি আৰক্ষীৰ দ্বাৰা বিধিগত প্ৰচেষ্টা নচলোৱাকৈ তিনিজনক গ্ৰেপ্তাৰ কৰা, সম্পত্তিৰ প্ৰকৃতগৰাকীক বলপূৰ্বকভাৱে বঞ্চিত কৰাৰ দুটা ঘটনা, ব্লেক মেইলিঙৰ ১৩ টা আৰু ধন দাবীৰ কেইবাটাও অভিযোগ দায়বদ্ধতা আয়োগে উল্লেখ কৰিছে । ৰাজ্য চৰকাৰক আয়োগে দাখিল কৰা প্ৰতিবেদনত আৰক্ষীয়ে এজাহাৰ গ্ৰহণ নকৰা ৩২ টা ঘটনা, আৰক্ষীৰ কাষ চপা মানুহক হাৰাশাস্তি কৰা, বেয়া ব্যৱহাৰ কৰাৰ ৩৪ টা ঘটনা আৰু ক্ষমতাৰ অপব্যৱহাৰ কৰা ২০ টা ঘটনা সম্পর্কত ব্যৱস্থা ল'বলৈ চৰকাৰক আয়োগে পৰামৰ্শ দিছে ।

তদুপৰি আয়োগে আৰক্ষীৰ ওচৰত দাখিল হোৱা এজাহাৰৰ ভিত্তিত ৰুজু হোৱা গোচৰসমূহ তলৰ পৰ্যায়ৰ বিষয়াৰ পৰিৱৰ্তে উচ্চ পর্যায়ৰ বিষয়াৰ ঘৰা তদন্ত কৰোৱা উচিত বুলিও মন্তব্য কৰিছে । শেহতীয়াকৈ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা নিৰন্তৰ অভিযানৰ সময়ত কেইবাজনো নিৰ্দোষী লোকক গুলীয়াই আহত কৰাৰ অভিযোগ সত্য প্ৰমাণিত হোৱাৰ পাচত আৰক্ষী দায়বদ্ধতা আয়োগৰ প্ৰতিবেদনেও একাংশ আৰক্ষীয়ে মানুহক কৰা দুৰ্ব্যৱহাৰৰ অভিযোগৰ সত্যতা উদঙাইছে ।

লক্ষণীয় বিষয় যে, শেহতীয়াকৈ ৰাজ্যত সংঘটিত এনকাউণ্টাৰৰ ঘটনাসমূহে আৰক্ষীৰ প্ৰতি সন্দেহৰ আঙুলি টোঁৱাইছে তথা আৰক্ষীৰ দায়বদ্ধতাৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিছে ।

লগতে পঢ়ক : পুনৰ গড়মূৰ থানাত জেৰা জোনমনিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.