কাটাখালিৰ ব্ৰহ্মপুত্ৰত উদ্ধাৰ হ’ল নিৰুদ্দিষ্ট আয়নালৰ মৃতদেহ - Dead body Recovered

By ETV Bharat Assamese Team

Published : May 29, 2024, 9:44 PM IST

thumbnail
কাটাখালিৰ ব্ৰহ্মপুত্ৰত উদ্ধাৰ হ’ল নিৰুদ্দিষ্ট আয়নালৰ মৃতদেহ (ETV Bharat Assam)

জনীয়া, 29 মে’: শনিবাৰে মাজনিশা নিজা বাসগৃহৰ পৰা নিৰুদ্দেশ হোৱা আয়নাল হকৰ মৃতদেহ উদ্ধাৰ ৷ কলগাছিয়াৰ ফুলৰা চৰত সংঘটিত হৈছিল এই ঘটনা ৷ কলগাছিয়া থানাৰ অন্তৰ্গত ফুলৰা চৰৰ বাসিন্দা ইছমাইল হুছেইনৰ পুত্ৰ আয়নাল হকৰ নিৰুদ্দেশৰ চাৰিদিন পিচত উদ্ধাৰ হয় মৃতদেহ ৷

নিৰুদ্দেশ হোৱা ব্যক্তিগৰাকীৰ সন্দৰ্ভত ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশিত হৈছিল বাতৰি ৷ ব্যক্তিগৰাকীৰ মৃতদেহ বুধবাৰে হাত-ভৰি বান্ধি থোৱা অৱস্থাত কাটাখালিৰ ব্ৰহ্মপুত্ৰ নদীত উদ্ধাৰ হয় ৷ এই খবৰে সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় কলগাছিয়া আৰক্ষী ৷

আৰক্ষীয়ে আয়নালক হত্যাৰ সন্দেহত আটক কৰিছে তেওঁৰে চাৰিগৰাকীকৈ ভাতৃক ৷ এই চাৰি ভাতৃ ক্ৰমে ৱাহেদ আলী, আব্দুল আজিজ, ছামেছ আলী আৰু হেজেৰুল ইছলাম ৷ উত্তেজিত স্থানীয় ৰাইজে চাৰি ভাতৃক মাধমাৰ শোধোৱাৰ লগতে ফাঁচী দিয়াৰ দাবীৰে উত্তাল কৰি তোলে পৰিৱেশ ৷

লগতে পঢ়ক: গোলাঘাটৰ পাচলি বজাৰত ৰং মিস্ত্ৰীৰ মৃতদেহ উদ্ধাৰ - Dead Body Recovered

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.