কাশ্মীৰত উগ্ৰপন্থীৰ গুলীত মৃত্যু বহিঃৰাজ্যৰ এজন শ্ৰমিক, এজন আহত

author img

By

Published : Jun 3, 2022, 1:40 PM IST

migrant-worker-shot-dead-by-terrorists-in-budgam-another-injured

কাশ্মীৰত উগ্ৰপন্থীৰ টাৰ্গেট হৈছে নেকি বহিঃৰাজ্যৰ শ্ৰমিক? ৰাজস্থানৰ ঘটনা মাৰ নৌযাওঁতেই পুনৰ জম্মু কাশ্মীৰৰ বাদগামত গুলীচালনাৰ ঘটনা (Migrant worker shot dead by terrorists in Budgam) ৷ উগ্ৰপন্থীৰ গুলীত প্ৰাণ হেৰুৱালে বহিঃৰাজ্যৰ এজন শ্ৰমিকে (Migrant worker shot dead by terrorist) ৷

বাদগাম, 3 জুন: কাশ্মীৰত উগ্ৰপন্থীৰ টাৰ্গেট হৈছে নেকি বহিঃৰাজ্যৰ শ্ৰমিক? ৰাজস্থানৰ ঘটনা মাৰ নৌযাওঁতেই পুনৰ জম্মু কাশ্মীৰৰ বাদগামত গুলীচালনাৰ ঘটনা (Migrant worker shot dead by terrorists in Budgam) ৷ উগ্ৰপন্থীৰ গুলীত প্ৰাণ হেৰুৱালে বহিঃৰাজ্যৰ এজন শ্ৰমিকে (Migrant worker shot dead by terrorist) ৷

আৰক্ষীসূত্ৰই জনোৱা অনুসৰি বুদগামৰ চাদুৰা তহচিলৰ মাগ্ৰেপোৰা গাঁৱত বহিঃৰাজ্যৰ দুজন ইটা ভাটাৰ শ্ৰমিকৰ ওপৰত উগ্ৰপন্থীয়ে গুলীচালনা কৰে ৷ এজন উত্তৰ প্ৰদেশৰ দিলশাদ আৰু পঞ্জাৱৰ গৰিয়া বুলি আৰক্ষীয়ে জনাইছে (Migrant worker injured shot dead by terrorists) ৷ ততালিকে দুয়োজন আঘাতপ্ৰাপ্ত শ্ৰমিকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও দিলশাদে থিতাতে মৃত্যুবৰণ কৰে ৷

চিকিৎসকে কোৱা অনুসৰি দিলশাদৰ কান্ধত গুলী লাগে আৰু ইফালে গৰিয়াৰ হাতত গুলী লাগি গুলীবিদ্ধ হয় ৷ বৰ্তমান গৰিয়া নামৰ শ্ৰমিকজনক চিকিৎসালয়তে ৰখা হৈছে ৷ গৰিয়াৰ অৱস্থা সুস্থিৰ বুলি চিকিৎসকে জনায় ৷

ইফালে বৃহস্পতিবাৰে পুৱাই জম্মু-কাশ্মীৰৰ কুলগাম জিলাত উগ্ৰপন্থীয়ে ৰাজস্থানৰ এগৰাকী বেংক কৰ্মচাৰীক গুলীয়াই হত্যা কৰে ৷ মৃত লোকজনক ৰাজস্থানৰ বিজয় কুমাৰ বুলি জানিব পৰা গৈছিল ৷ কুলগাম জিলাৰ আৰিয়াহ গাঁও শাখাৰ এটা আঞ্চলিক গ্ৰাম্য বেংকৰ মেনেজাৰ হিচাপে কৰ্মৰত আছিল ৷ মেনেজাৰজনে পুৱা কাৰ্যালয়ত প্ৰৱেশ কৰাৰ সময়তেই দুৰ্বৃত্তই লোকজনক গুলীয়াই হত্যা কৰে ৷

লগতে পঢ়ক : জম্মু-কাশ্মীৰত নিতৌ চলিব 20 টাকৈ সন্ত্ৰাসবাদ বিৰোধী অভিযান

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.