ETV Bharat / state

Uproar at Lumding Railway Hospital : লামডিঙৰ ৰে'লৱে চিকিৎসালয়ত উত্তেজনা

author img

By

Published : Jun 3, 2022, 1:52 PM IST

চিকিৎসালয়ত ভৰ্তি হৈ থকা এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা লামডিঙত (Uproar at Railway Hospital in Lumding)। চিকিৎসকৰ হেমাহিৰ বাবে ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ । ৰোগীজন লামডিং ল'ক' কলনিৰ বি নাৰছিং বুলি জানিব পৰা গৈছে ।

Patient death
লামডিঙৰ ৰে'লৱে চিকিৎসালয়ত উত্তেজনা

হোজাই,৩ জুন : এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তাল লামডিঙৰ মণ্ডল ৰে'লৱে চিকিৎসালয় (Uproar at Railway Hospital in Lumding)। চিকিৎসকৰ হেমাহিৰ বাবেই ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ ৰোগীৰ পৰিয়ালৰ (Patient dies due to negligence of doctor)। ৰোগীজনৰ মৃত্যুৰ পাছতে পৰিয়াল আৰু একাংশ লোকে চিকিৎসালয়খনত উত্তজেনাময় পৰিৱেশৰ সৃষ্টি কৰে ।

জানিব পৰা মতে দুদিন পূর্বে লামডিং ল'ক' কলনিৰ বি নাৰছিং নামৰ লোকজনক শাৰীৰিক অসুস্থতাৰ বাবে পৰিয়ালৰ লোকে ৰে'লৱে চিকিৎসালয়খনত ভৰ্তি কৰাইছিল । বৃহস্পতিবাৰে ৰোগীজন কিছু অসুস্থ হৈ পৰা কৰ্তব্যৰত এগৰাকী নাৰ্চে দুটাকৈ বেজী দিয়ে । বেজী দিয়াৰ পাছতে ৰোগীজনৰ স্বাস্থ্যৰ অৱনতি ঘটে । লগে লগে পৰিয়ালৰ লোকে চিকিৎসালয়খনৰ চিকিৎসকক খবৰ দিয়ে ।

কিন্তু চিকিৎসকগৰাকী পলমকৈ উপস্থিত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰোগীজনৰ মৃত্যু ঘটে । ৰোগীজনৰ পৰিয়ালৰ লোকে অভিযোগ কৰা মতে চিকিৎসালয়খনৰ চিকিৎসকৰ হেমাহিৰ বাবেই লোকজনৰ মৃত্যু হয় । তদুপৰি চিকিৎসালয়খনৰ একাংশ নাৰ্চ আৰু চিকিৎসকে ৰোগীক গুৰুত্ব নিদিয়াৰো অভিযোগ উত্থাপন কৰিছে একাংশ লোকে ।

ইফালে মৃত্যু হোৱা বি নাৰছিং নামৰ ৰোগীজন ৰে'লৱেৰ স্বাস্থ্য বিভাগৰে চতুৰ্থবৰ্গৰ কৰ্মচাৰী আছিল । তেওঁৰ মৃত্যুত চিকিৎসালয়খনৰ অধীক্ষক স্বপ্না দৈমাৰীয়ে দুখ প্ৰকাশ কৰিছে । ৰোগীজনৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত স্পষ্টীকৰণ দি চিকিৎসালয় কর্তৃপক্ষই কয় যে ৰোগীজনৰ মৃত্যু হৃদৰোগৰ ফলত হৈছে ।

উল্লেখ্য যে বিগত সময়তো লামডিং ৰে'লৱে চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ গাফিলতিৰ অভিযোগ উত্থাপন হৈছে । আনফালে চিকিৎসালয়খনত উপযুক্ত চিকিৎসা সামগ্ৰী আৰু চিকিৎসকৰ অভাৱ সম্পৰ্কেও বহুতে অভিযোগ উত্থাপন কৰি আহিছে ।

লগতে পঢ়ক :Guwahati suicide case: নৰ্থ ইষ্ট কেঞ্চাৰ হাস্পতালত ৰোগীৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.