ETV Bharat / state

Guwahati suicide case: নৰ্থ ইষ্ট কেঞ্চাৰ হাস্পতালত ৰোগীৰ আত্মহত্যা

author img

By

Published : Jun 3, 2022, 11:34 AM IST

পুৱাই যোৰাবাটস্থিত নৰ্থ ইষ্ট কেঞ্চাৰ হাস্পতালত লাগে হুৱা-দোৱা ৷ চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা এগৰাকী কেঞ্চাৰ ৰোগীৰ আত্মহত্যাক কেন্দ্ৰ কৰি সমগ্ৰ হাস্পতালখনতে সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ (Guwahati suicide case)৷ ঘটনাস্থলীত যোৰাবাট আৰক্ষী উপস্থিত আৰম্ভ কৰে তদন্ত ৷

North East Cancer Hospital
নৰ্থ ইষ্ট কেঞ্চাৰ হাস্পতালত ৰোগীৰ আত্মহত্যা

গুৱাহাটী, 3 জুন : পুনৰ আন এক আত্মহত্যাই কঁপাইছে ৰাজ্য ৷ এইবাৰ যোৰাবাটস্থিত নৰ্থ ইষ্ট কেঞ্চাৰ হাস্পতালত সংঘটিত হৈছে এক আত্মহত্যাৰ ঘটনা । তথ্য অনুসৰি, চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা এজন কেঞ্চাৰ ৰোগীয়ে কৰে আত্মহত্যা(Man commits suicide at North East Cancer Hospital) ৷

ঘটনাৰ বিৱৰণি অনুসৰি, বৃহস্পতিবাৰে নিশা ৰোগীগৰাকীয়ে হাস্পতালখনৰ জেনেৰেল ৱাৰ্ডৰ পৰা ওলাই আহি কেবিন নম্বৰ 201 ত এখন চিলিং ফেনত ছিপ জৰী আত্মহত্যা কৰে । আত্মহত্যা কৰা লোকজন লখিমপুৰৰ পদ্ম চেত্ৰী বুলি জানিব পৰা গৈছে । এই ঘটনাক কেন্দ্ৰ কৰি হাস্পতালত পুৱাই সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ (Guwahati suicide case) ৷

ঘটনা সন্দৰ্ভত পুৱাই খবৰ দিয়া হয় আৰক্ষীক ৷ খবৰ পোৱাৰ মাত্ৰে ঘটনাস্থলীত যোৰাবাট আৰক্ষী উপস্থিত উদ্ধাৰ কৰে মৃতদেহটো আৰু আৰম্ভ কৰে তদন্ত ৷

লগতে পঢ়ক : কণমানি সন্তানক এৰি চলন্ত ৰেলৰ আগত জপিয়ালে এগৰাকী মাতৃয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.