ETV Bharat / city

3 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : May 6, 2022, 3:20 PM IST

news-at-3
3 বজাৰ শীৰ্ষ দহটা বাতৰি

3 বজাৰ শীৰ্ষ দহটা বাতৰি

Manipur IED blast : মণিপুৰৰ ৰাজধানী ইম্ফলত পুনৰ IED বিস্ফোৰণ

যোৱা দুটা দিনত মণিপুৰত দুটাকৈ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে । শুকুৰবাৰে পুনৰ আইইডি বিস্ফোৰণ (IED blast in Manipur)। মণিপুৰৰ কৃষি বিভাগত কৰ্মৰত কাৰ্যবাহী অভিযন্তা আৰ কে বীৰেন্দ্ৰৰ ঘৰৰ সন্মুখত এই বিস্ফোৰণ । বিস্ফোৰণত কোনো লোক হতাহত হোৱা নাই ।

আকৌ তিনিমাহৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ জিগনেশ মেৱানীক

আকৌ কাৰাবন্দী হ’ল গুজৰাটৰ বিধায়ক জিগনেশ মেৱানী (Gujarat independent MLA Jignesh Mevani) ৷ অসম আৰক্ষীৰ জালৰ পৰা মুক্ত হৈ এইবাৰ গুজৰাট আৰক্ষীৰ ৰোষত পৰিছে দলিত নেতাগৰাকী ৷ তথ্য অনুসৰি, পাঁচ বছৰৰ এটি পুৰণি গোচৰৰ আধাৰতে বৃহস্পতিবাৰে পুনৰ তিনিমাহৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় জিগনেশ মেৱানীক (Jignesh mevani still needs to spend three months in prison) ৷

ভূপেন বৰা দলৰ পৰা আঁতৰি গ’লেই দলটো ঠিক হৈ যাব : ৰূপজ্যোতি কুৰ্মী

বিজেপি চৰকাৰৰ মিত্ৰজোঁটৰ বিধায়িনী বৈঠকৰ বাবে বৰগছ ৰিজৰ্টত মন্ত্ৰী-বিধায়কৰ আগমণ । পুৱা সকলো মন্ত্ৰী বিধায়কে অংশ লয় যোগাসন কাৰ্যসূচীত । ইয়াৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ দলক কটাক্ষ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে (MLA Rupjyoti Kurmi criticized Congress)।

বন্ধন বেংকৰ কিস্তি সংগ্ৰহৰ নামত বঙাইগাঁৱত উত্তেজনা

আকৌ চৰ্চাত বন্ধন বেংক ৷ এইবাৰ বন্ধন বেংকৰ কিস্তি সংগ্ৰহৰ নামত বঙাইগাঁৱৰ কোকিলা 2 য় খণ্ডত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি (Tens in Bongaigaon in the name of collecting installments of Bandhan Bank) ।

Chardham Yatra : ভক্তৰ বাবে মুকলি কেদাৰনাথ ধাম

উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাত অৱস্থিত বাবা কেদাৰনাথ ধামৰ দুৱাৰ আজি মুকলি কৰা হয় (Doors of Kedarnath Dham opened for devotees)। পুৱা ৬.২৫ বজাত পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে ভক্তৰ বাবে মুকলি হয় কেদাৰনাথ ধাম । মুকলি অনুষ্ঠানত উপস্থিত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী ।

Mega cross-country tour: তিনি সপ্তাহত সাত ৰাজ্য ভ্ৰমণ কৰিব অমিত শ্বাহে

আগন্তুক তিনি সপ্তাহত সাতখন ৰাজ্য ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah visit in sevene states) ৷ এই ভ্ৰমণৰ সময়ত তেওঁ ৰাজহুৱা, ৰাজনৈতিক আৰু চৰকাৰী অনুষ্ঠান সমূহত অংশগ্ৰহণ কৰিব ৷ বৃহস্পতিবাৰে এইকথা জানিবলৈ দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷

দুটা ভাগত বিভক্ত হ’ল স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ

দুটা বিভাগত বিভক্ত হ'ল ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ (Department of Health and Family Welfare has been divided ) । বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰে ৷

এবছৰীয়া কৰ্মৰাজিক লৈ কি ক'লে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ?

এবছৰীয়া কৰ্মৰাজিক লৈ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ গুৰুত্বপূৰ্ণ মন্তব্য । মূল্যবৃদ্ধিক লৈ পুনৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিধায়কগৰাকী (Sorbhog MLA criticizes BJP government over price rise)। সৰভোগৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসকো তীব্ৰ সমালোচনা বিধায়কগৰাকীৰ ।

জনতা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰে অভিনেতা জন আব্ৰাহামৰ বৈঠক

অসমত ফুটবলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ক্ৰীড়া আন্তঃগাঁথনি উন্নয়নৰ লগতে এখন ফুটবল একাডেমী স্থাপন কৰাত গুৰুত্ব আৰোপ মুখ্যমন্ত্ৰীৰ । ইণ্ডিয়ান ছুপাৰ লীগত প্ৰতিদ্বন্দ্বিতা কৰা অভিনেতাগৰাকীৰ ‘নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব’ৰ বাবে চৰকাৰী সাহায্য দিয়াৰ আশ্বাস মুখ্যমন্ত্রীৰ (Actor John Abraham meets Assam CM) ।

পূৰ্বৰ চিপিআই(এম) চৰকাৰক সমালোচনা ত্ৰিপুৰাৰ মন্ত্ৰী সুশান্ত চৌধুৰীৰ

শ্ৰমিক, কৃষকসকলক পূৰ্বৰ কমিউনিষ্ট চৰকাৰে সভা বা ৰেলী আদিতহে ব্যৱহাৰ কৰিছিল । তেওঁলোকৰ হিতৰ বাবে চিন্তা কৰা নাছিল চৰকাৰে । চিপিআই(এম) চৰকাৰক সমালোচনা মন্ত্ৰী সুশান্ত চৌধুৰীৰ (Minister Sushanta Chaudhary criticizes previous CPIM govt)। ত্ৰিপুৰাৰ বৰ্তমানৰ চৰকাৰৰ দিনত শ্ৰমিক, কৰ্মচাৰীসকলৰ দায়িত্ব বাঢ়িছে । তেওঁলোকে এতিয়া সভা বা ৰেলী আদিত অংশ ল'ব নালাগে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.